অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হামিদা হোছেইন

হামিদা হোছেইন Hameeda Hossain(জন্ম ১৯৩৬) এগৰাকী বাংলাদেশী মানৱ অধিকাৰ কৰ্মী আৰু শিক্ষাবিদ। বাংলাদেশ, ইছলাম আৰু বিশ্বজুৰি মানৱ অধিকাৰ আৰু নাৰী বিষয়ৰ সৈতে জড়িত বহুতো কিতাপ আৰু প্ৰবন্ধ তেওঁ লিখিছে। আইনী সাহায্য আৰু মানৱ অধিকাৰ সংগঠন আইন অ’ ছালিছ কেন্দ্ৰৰ প্ৰতিষ্ঠাপক সদস্য।

হালনাগাদ: ৬ ছেপ্তেম্বৰ ২০২৬ ২২৮ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

হামিদা হোছেইন Hameeda Hossain(জন্ম ১৯৩৬) এগৰাকী বাংলাদেশী মানৱ অধিকাৰ কৰ্মী আৰু শিক্ষাবিদ। বাংলাদেশ, ইছলাম আৰু বিশ্বজুৰি মানৱ অধিকাৰ আৰু নাৰী বিষয়ৰ সৈতে জড়িত বহুতো কিতাপ আৰু প্ৰবন্ধ তেওঁ লিখিছে।১ আইনী সাহায্য আৰু মানৱ অধিকাৰ সংগঠন আইন অ’ ছালিছ কেন্দ্ৰৰ প্ৰতিষ্ঠাপক সদস্য।

১৯৬৯ চনত তেতিয়াৰ পূব পাকিস্তানত অৰ্থনীতিবিদ ৰেহমান সোভানৰ সৈতে ইংৰাজী ভাষাৰ মাহেকীয়া সাম্প্ৰতিক পৰিক্ৰমা আলোচনী ফ’ৰাম প্ৰতিষ্ঠা কৰে। পশ্চিম পাকিস্তানী প্ৰতিষ্ঠানৰ বিৰুদ্ধে স্পষ্ট সমালোচনা, আৰু পাকিস্তানী সংঘত গণতন্ত্ৰ আৰু অৰ্থনৈতিক সংস্কাৰৰ পোষকতা কৰাৰ বাবে আলোচনীখন বিখ্যাত হৈ পৰিছিল। হোছেইন চেণ্টাৰ ফৰ চেকুলাৰ স্পেচৰ পৰিচালনা সমিতিৰ সদস্য, যিটো আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ সংস্থা যি ধৰ্মীয় উগ্ৰবাদৰ বিৰুদ্ধে আন্তৰ্জাতিক প্ৰতিৰক্ষাৰ বাবে থিয় দিছে।২

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৩৬ চনৰ ২৮ ডিচেম্বৰত সিন্ধৰ হায়দৰাবাদত (বৰ্তমানৰ পাকিস্তান) আখণ্ডৰ এটা চুন্নী মুছলমান পৰিয়ালত হামিদাৰ জন্ম হয়।৩ তেওঁৰ পিতৃ আব্দুল্লা শ্বাফী মহম্মদ আখণ্ড ব্ৰিটিছ ৰাজৰ বিভিন্ন চহৰত নিযুক্তিপ্ৰাপ্ত ন্যায়াধীশ আছিল।৪ মাক তুৰস্কত ডাঙৰ-দীঘল হৈছিল আৰু ষোল্ল বছৰ বয়সত বংগলৈ উভতি আহিছিল আৰু তাতেই তেওঁৰ বিয়া হৈছিল। তিনিগৰাকী ছোৱালী আৰু তিনিজন ল'ৰাৰ ভিতৰত হামিদা আছিল সবাতোকৈ সৰু।৫

শিশুকেইটাই কৰাচীত মাকৰ সৈতে বাস কৰিছিল।৬ তেওঁ কৰাচীৰ এখন কনভেণ্ট স্কুলত পঢ়িছিল। আমেৰিকাৰ ৱেলেছলি কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা তেওঁ পৰৱৰ্তী সময়ত পি এইচ ডি ডিগ্ৰী লাভ কৰে।৪

ব্যক্তিগত জীৱন

১৯৬৪ চনত তেওঁ কমল হোছেইনৰ সৈতে বিবাহ হয়।৭ ১৯৯২ চনত বাংলাদেশত গানো ফ'ৰাম ৰাজনৈতিক দল প্ৰতিষ্ঠা কৰাৰ পিছৰে পৰা কমল সভাপতি আছিল।৮ তেওঁলোকৰ দুগৰাকী কন্যা আছে৷ কন্যা ডিনা হোছেইন এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা আৰু চাৰা হোছেইন, এগৰাকী অধিবক্তা আৰু লেখিকা৯১০৷ চাৰা অনাৰ': ক্ৰাইমছ, পেৰাডাইমছ এণ্ড ভিলেন্স এগেইনষ্ট ৱমেনৰ সহ-সম্পাদক।১১

তথ্যসূত্ৰ

  1. ↑ Hameeda Hossain. South Asia Citizens Web
  2. ↑ Board of Directors. Centre for Secular Space
  3. ↑ হামিদা হোসেন. Bdnews24.com
  4. ↑ Hameeda Hossain. The 1947 Partition Archive
  5. ↑ Hameeda Hossain (Oral history interview by Kris Manjapra). Bengali Cultural Heritage in the Postcolonial Age. Tufts University
  6. ↑ (16 May 2012). Dr. Hameeda Hossain lived in Hyderabad, Sindh, during 1947. The 1947 Partition Archive
  7. ↑ (2014-07-11). Kamal Hossain Interview (Part 1). আলাল ও দুলাল
  8. ↑ (4 February 2012). Two decades of Gono Forum. Probenews
  9. ↑ (1 December 2011). Nurul Kabir to continue his defence on Dec 20. BDNews24
  10. ↑ (5 May 2011). Yunus verdict today. The Daily Star
  11. ↑ Lynn Welchman & Sara Hossain. (2005). 'Honor': Crimes, Paradigms and Violence Against Women. Zed Books. ISBN 9781842776278

সম্পৰ্কিত শ্ৰেণী

বাংলাদেশৰ নাৰী অধিকাৰ কৰ্মীবাংলাদেশৰ ব্যক্তিমানৱ অধিকাৰ কৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হামিদা হোছেইন” প্ৰবন্ধৰ সংশোধন ৬৩৪৪৩৩ (৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।