নাগালেণ্ড
২৫ প্ৰবন্ধ
-
নাগালেণ্ড
নাগালেণ্ড (Nagaland) উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য। নাগালেণ্ডৰ পশ্চিমে অসম, উত্তৰলৈ অৰুণাচল প্ৰদেশ আৰু অসমৰ কিছু অংশ, পূৱে ম্যানমাৰ আৰু দক্ষিণলৈ মণিপুৰ। ৰাজ্যৰ ৰাজধানী ক’হিমা, আৰু বৃহত্তম নগৰ ডিমাপুৰ, নাগালেণ্ডৰ মাটিকালি প্ৰায় ১৬,৫৭৯ km2 আৰু ২০১১ চনৰ লোকপিয়ল মতে জনসংখ্যা ১,৯৮০,৬০২ (ঊনৈশ লাখ আশী হাজাৰ…
-
নগা জনগোষ্ঠী
নগা জনগোষ্ঠী (Naga people) বুলিলে উত্তৰ-পূব ভাৰত আৰু উত্তৰ-পশ্চিম ম্যানমাৰৰ স্থানীয় বিভিন্ন নৃগোষ্ঠীয় লোকৰ গোটক সামূহিকভাৱে বুজোৱা হয়। এই গোষ্ঠীবোৰৰ একে ধৰণৰ সংস্কৃতি আৰু পৰম্পৰা আছে আৰু তেওঁলোকে ভাৰতৰ নাগালেণ্ড ৰাজ্যত আৰু ম্যানমাৰৰ নগা স্বায়ত্ত্বশাসিত অঞ্চলত সংখ্যাগৰিষ্ঠা দেখা যায়।
-
কহিমা
কহিমা হৈছে ভাৰতৰ উত্তৰ-পূব ৰাজ্য নাগালেণ্ডৰ ৰাজধানী। প্ৰায় ১,০০,০০০ জনসংখ্যাৰ সৈতে ই ৰাজ্যখনৰ দ্বিতীয় বৃহত্তম চহৰ। মূলতঃ কেভিৰা নামেৰে জনাজাত কহিমা ১৮৭৮ চনত প্ৰতিষ্ঠা হৈছিল যেতিয়া ব্ৰিটিছ সাম্ৰাজ্যই ইয়াত পূৰ্বৰ নাগা পাহাৰত মুখ্য কাৰ্যালয় স্থাপন কৰিছিল।
-
হৰ্ণবিল উৎসৱ
হৰ্ণবিল (ধনেশ পক্ষী) উৎসৱ উত্তৰ-পূব ভাৰতৰ নাগালেণ্ডত প্ৰতিবছৰে ১-১০ ডিচেম্বৰলৈ উদযাপন কৰা এটি উৎসৱ৷ নাগালেণ্ড ৰাজ্যক এই উৎসৱক মহোৎসৱ ('Festival of Festivals') বুলিও আখ্যা দিয়া হয়৷
-
আখুনি (খাদ্য)
আখুনি (Axone) হৈছে মূলতঃ নাগালেণ্ডত পৰম্পৰাগতভাৱে সংৰক্ষণ কৰি ৰখা ছয়াবীন। আখুনি শব্দটো চুমী নগা ভাষাৰ পৰা উদ্ভৱ হৈছে। ই 'আখু' আৰু 'নি' এই দুটা শব্দৰে গঠিত। 'আখু' শব্দৰ অৰ্থ 'গোন্ধ' আৰু 'নি' শব্দৰ অৰ্থ 'গভীৰ' বা 'শক্তিশালী'। গতিকে আক্ষৰিক অৰ্থত আখুনিয়ে তীব্ৰ গোন্ধকে সূচায়।
-
জুনহেব'ট'
জুনহেব'ট (Pron:/ˌzʌnˈhiːbəʊtəʊ/) ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ এখন নগৰ।
-
কিফিৰে
কিফিৰে (Pron:/ˈkɪfɑɪə/) নাগালেণ্ড ৰাজ্যৰ কিফিৰে জিলাত অৱস্থিত এখন সৰু নগৰ৷ এই নগৰখন কিফিৰে জিলাৰ সদৰঠাই৷ নগৰখন সাগৰ পৃষ্ঠৰ পৰা গড় ৮৯৬ মিটাৰ (২৯৪০ ফুট) উচ্চতাত অৱস্থিত৷
-
খনমা
খনমা নাগালেণ্ডৰ ৰাজধানী কহিমাৰ পৰা বিছ কিলোমিটাৰ পশ্চিমে অৱস্থিত এখন আংগামী নগা গাওঁ। গাওঁখনক স্থানীয় এবিধ উদ্ভিদ (Glouthera fragrantisima) ৰ আংগামী নাম অনুসৰি ’Khwuno-ra’ বুলিও জনা যায়। খনমাৰ মুঠ জনসংখ্যা ১৯৪৩ জন আৰু ৪২৪টা পৰিয়াল। খনমাক ভাৰতৰ প্ৰথমখন সেউজ গাওঁ বুলি গণ্য কৰা হয়।
-
চেক্ৰেনী
চেক্ৰেনী (Sekrenyi) ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ নাগালেণ্ড ৰাজ্যৰ আংগামী নগা জনগোষ্ঠীয়ে পালন কৰা পাৰম্পৰিক উৎসৱ। স্থানীয়ভাৱে ফৌচানী বুলি জনাজাত চেক্ৰেনী উৎসৱ আংগামী নগাসকলৰ এক মুখ্য বাৰ্ষিক উৎসৱ।
-
আওলিং উৎসৱ
আওলিং উৎসৱ (Aoling; আওলেং, Aoleng হিচাপেও উচ্চাৰিত) কন্যাক নগা জনগোষ্ঠীৰ দ্বাৰা উদযাপিত এক উৎসৱ। এই উৎসৱ সাধাৰণতে প্ৰতিবছৰে এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত পালন কৰা হয়। উত্তৰ পূব ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ মন জিলাৰ কন্যাক গোষ্ঠীৰ অধিবাসীসকলৰ ই এক প্ৰধান উৎসৱ।
-
আকি কিটি
আকি কিটি (Aki Kiti) চুমি নাগাসকলৰ এক প্ৰকাৰৰ লোক মল্লযুঁজৰ শৈলী আৰু পৰম্পৰাগত খেল। অৰ্ধ-স্পৰ্শ যুঁজাৰু হিচাপে আকি কিটিৰ বিশেষত্ব হৈছে কেৱল ভৰিৰ তলুৱা ব্যৱহাৰ কৰি কিক বা গোৰ মাৰা আৰু অৱৰোধ কৰা। পৰম্পৰাগত খেল হিচাপে ইয়াৰ উৎপত্তিৰ সঠিককৈ জনা নাযায়।
-
কিছামা ঐতিহ্যমণ্ডিত গাওঁ
কিছামা ঐতিহ্যমণ্ডিত গাঁও বা নাগা ঐতিহ্য গাঁও বুলিও জনা যায়। ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ কহিমা জিলাৰ কিগৱেমা আৰু ফেছামা গাঁৱৰ মাজত পাহাৰৰ ঢালত অৱস্থিত এখন ঐতিহ্যমণ্ডিত গাঁও। এই ঐতিহ্যমণ্ডিত গাঁওখনেই বাৰ্ষিক হৰ্ণবিল উৎসৱৰ স্থান।
-
কেনে (মল্লযুঁজ)
কেনে বা নাগা মল্লযুঁজ নাগাসকলৰ এক প্ৰকাৰৰ লোক মল্লযুঁজৰ শৈলী আৰু পৰম্পৰাগত খেল। ই কোৰিয়াৰ পৰম্পৰাগত ৰাষ্ট্ৰীয় ক্ৰীড়া চিৰিয়ামৰ সৈতে ওতপ্ৰোতভাৱে সম্পৰ্কিত। খেলৰ উদ্দেশ্য হ'ল প্ৰতিপক্ষৰ শৰীৰৰ আঁঠুৰ ওপৰৰ যিকোনো অংশ ভূমিত স্পৰ্শ কৰোৱা।
-
চাক-হাও (ক'লা চাউল)
চাক-হাও (Chak-Hao (Black rice)) হ'ল এক থলুৱা, সুগন্ধি, আঠাযুক্ত আৰু বৃহৎ দানাৰ ক'লা চাউলৰ প্ৰকাৰ যিটো মূলতঃ ভাৰতৰ মণিপুৰ আৰু নাগালেণ্ড ৰাজ্যত উৎপাদিত হয়। ইম্ফল পূব, ইম্ফল পশ্চিম, বিষ্ণুপুৰ, মণিপুৰৰ থৌবাল আৰু নাগালেণ্ডৰ পেৰেন জিলাত ই এক সাধাৰণ আৰু বহুলভাৱে কৰা খেতি।
-
চুপ্ফনিঅ'
চুপ্ফণিঅ (Sopfünuo) এগৰাকী মহিলা আৰু তেওঁৰ সন্তানৰ বিষয়ে আংগামী নগা লোককাহিনী। তেওঁলোকৰ জন্মভূমি ৰুচমা গাঁৱলৈ উভতি অহাৰ পথত কৰুণভাৱে মৃত্যু ঘটিছিল। মৃত্যুৰ পিছত তেওঁলোক শিলাখণ্ডলৈ ৰূপান্তৰিত হৈছিল।
-
জিনা আৰু ইটিবেন
জিনা আৰু ইটিবেন জিনা আৰু ইটিবেন হৈছে আও নগাসকলৰ মাজত প্ৰচলিত এক লোক-কথা। মোমুংচুকেটৰ দুজন প্ৰেমিক এই লোককাহিনী বিষয়বস্তু য'ত তেওঁলোকে সামাজিক স্থিতিৰ পাৰ্থক্যৰ বাবে কৰুণভাৱে পৃথক হৈছিল।
-
টখু এমং
টখু এমং (Tokhu Emong) ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ লোথা নাগা জনগোষ্ঠীৰ লোকসকলে পালন কৰা পাৰম্পৰিক কৃষিভিত্তিক লোকউৎসৱ। লোথা নাগা নাগালেণ্ডৰ অন্যতম মুখ্য জনজাতি। এই উৎসৱ শস্য চপোৱাৰ পিছত উদযাপন কৰা হয়।
-
নগা চাদৰ
নগা চাদৰ (Naga shawl) হৈছে নগালেণ্ড আৰু উত্তৰ-পূব ভাৰতৰ ইয়াৰ কাষৰীয়া অঞ্চলৰ বিভিন্ন নগা জনগোষ্ঠীয়ে তৈয়াৰ কৰা এক সুকীয়া আৰ্হিৰ (মূলতঃ ৰঙা আৰু ক’লা ঊলৰ) পৰম্পৰাগত চাদৰ।
-
নাগালেণ্ড (লোকসভা সমষ্টি)
নাগালেণ্ড লোকসভা সমষ্টি (Nagaland Lok Sabha constituency) হৈছে উত্তৰ-পূব ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ একমাত্ৰ লোকসভা সমষ্টি।
-
নাগালেণ্ড ৰাজ্যিক মহিলা আয়োগ
নাগালেণ্ড ৰাজ্যিক মহিলা আয়োগ হৈছে নাগালেণ্ড ৰাজ্যৰ মহিলাৰ বিৰুদ্ধে অপৰাধ সম্পৰ্কীয় বিষয়সমূহৰ সৈতে মোকাবিলা কৰিবলৈ ২০০৪ চনত গঠন কৰা এটা বিধিগত সংস্থা। ৰাজ্যৰ মহিলাৰকল্যাণৰ বাবে নাগালেণ্ড চৰকাৰে অৰ্ধ-ন্যায়িক সংস্থা হিচাপে মহিলা আয়োগ গঠন কৰিছিল।
-
নাগালেণ্ডৰ পতাকা
নাগালেণ্ডৰ পতাকা হৈছে নগা লোকসকলক প্ৰতিনিধিত্ব কৰিবলৈ ব্যৱহাৰ কৰা পতাকা। বৰ্তমান নগা লোকসকল বাস কৰা কোনো অঞ্চলতে ইয়াৰ চৰকাৰী মৰ্যাদা নাই, কিন্তু সাংস্কৃতিক অনুষ্ঠানসমূহত ইয়াৰ ব্যৱহাৰৰ অনুমতি দিয়া হয়। পতাকাখনৰ ৰং হৈছে আকাশী নীলা (medium sky blue) যিয়ে আকাশক প্ৰতীকিত কৰে।
-
নাগালেণ্ডৰ সংস্কৃতি
নাগালেণ্ডৰ ১৬টা প্ৰধান জনজাতি হ’ল আঙ্গামি, আও, চাখেচাং, চাঙ, খাইমনিউনগান, কঁয়াক, ল’থা, ফ’ম নগা, প’চুৰী, ৰেঙ্গমা, চাঙ্গতাম, চুমী, য়িমচুংগাৰ, কুকি, আৰু জেলিয়াংগ্ৰং। কয়াঁক, আঙ্গামি, আও, ল’থা আৰু চুমী সকল বৃহত্তম নগা জনগোষ্ঠী। এইবোৰৰ উপৰিও আন আন সৰু সৰু জনগোষ্ঠীও নাগালেণ্ডত দেখিবলৈ পোৱা যায়।
-
মিছ নাগালেণ্ড
মিছ নাগালেণ্ড (Miss Nagaland) হ'ল উত্তৰ-পূব ভাৰতৰ নাগালেণ্ড ৰাজ্যত ১৯৮৯ চনৰ পৰা প্ৰতি বছৰে অনুষ্ঠিত হোৱা এখন ৰাজ্যিক সৌন্দৰ্য্য প্ৰতিযোগিতা।মিছ নাগালেণ্ডে সাধাৰণতে ইয়াৰ কোনো বিজয়ী বা পূৰ্বৰ প্ৰতিযোগীক অন্য সৌন্দৰ্য্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ পঠিয়াই নিদিয়ে।
-
লঙ্গুৱা
লঙ্গুৱা বা লংৱা (Longwa) হৈছে, ভাৰত আৰু ম্যানমাৰ (বাৰ্মা) ত অৱস্থিত এখন কন্যাক নগা গাঁও যি ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ মন জিলা আৰু ম্যানমাৰৰ ছাগাইং অঞ্চলৰ নগা স্ব-প্ৰশাসিত অঞ্চলৰ দুয়োফালে বিস্তৃত হৈ আছে।
-
ৱান্চো নগা
ৱান্চোসকল ( The Wancho Naga) অৰুণাচল প্ৰদেশৰ লংদিং জিলাৰ পাটকাই পাহাৰত বাস কৰা এটা নগা খিলঞ্জীয়া জনগোষ্ঠী। সাংস্কৃতিকভাৱে তেওঁলোক নগা আৰু তেওঁলোক অৰুণাচল প্ৰদেশৰ নক্টে আৰু নগালেণ্ডৰ কন্যাকৰ সৈতে জাতিগতভাৱে সম্পৰ্কিত। কন্যাকসকল নাগালেণ্ডৰ আটাইতকৈ ডাঙৰ জনজাতি।