| + কিছামা হেৰীটেজ ভিলেজ | |
| কিছামা হেৰিটেজ ভিলেজ | |
| অৱস্থিতি | কিগৱেমা–ফেছামা, কোহিমা জিলা, নাগালেণ্ড। |
কিছামা ঐতিহ্যমণ্ডিত গাঁও বা নাগা ঐতিহ্য গাঁও বুলিও জনা যায়। ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ কহিমা জিলাৰ কিগৱেমা আৰু ফেছামা গাঁৱৰ মাজত পাহাৰৰ ঢালত অৱস্থিত এখন ঐতিহ্যমণ্ডিত গাঁও। এই ঐতিহ্যমণ্ডিত গাঁওখনেই বাৰ্ষিক হৰ্ণবিল উৎসৱৰ স্থান।১
এই ঐতিহ্যমণ্ডিত গাঁওখনত নাগালেণ্ডৰ ১৭টা জনগোষ্ঠীৰ মৰংসকলৰ বাসস্থান আৰু ইয়াক প্ৰামাণিক পৰম্পৰাগত নগা গাঁৱৰ অনুভৱ দিবলৈ প্ৰাচীন নগা গাঁও হিচাপে ডিজাইন কৰা হৈছে।২
নামৰ উৎপত্তি
কিছামা নামটো ইয়াৰ চুবুৰীয়া দুখন গাঁৱৰ নামৰ সংমিশ্ৰণ: কিগৱেমাৰপৰা কি, ফেছামাৰপৰা সা আৰু কিগৱেমা আৰু ফেছামাৰপৰা মা।
অৱস্থিতি
নাগালেণ্ডৰ ৰাজধানী কহিমাৰপৰা ১২ কিলোমিটাৰ (৭.৫ মাইল) দক্ষিণে কিছামা ঐতিহ্য গাঁওখন অৱস্থিত। কিগৱেমা আৰু ফেছামাৰ মাজত ১ নং এছিয়ান ঘাইপথ আৰু ৰাষ্ট্ৰীয় ঘাইপথ ২ৰ ওপৰত এই ঠাইখন অৱস্থিত।
তথ্যসূত্ৰ
- ↑ Kisama Heritage Village. www.kohima.nic.in
- ↑ Kisama Heritage Village. www.mynagaland.online
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কিছামা ঐতিহ্যমণ্ডিত গাওঁ” প্ৰবন্ধৰ সংশোধন ৫৪৯৫৩৫ (১০ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।