অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

হলিৰাম মহন্ত ঠাকুৰ

হলিৰাম মহন্ত ঠাকুৰ হৈছে এজন লেখক, বৈষ্ণৱ সাহিত্যৰ সংগ্ৰাহক আৰু শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ তৃতীয়জন পদাধিকাৰ। তেওঁ এজন মহাপুৰুষীয়া ধৰ্মাধিকাৰী, বৈষ্ণৱ সাহিত্যৰ প্ৰাচীন পুথি সংগ্ৰাহক,প্ৰকাশক আৰু লেখক,সমাজ সংগঠক আৰু সংস্কাৰক,সক্ৰিয় স্বাধীনতা কৰ্মী আৰু ত্যাগী পুৰুষ।

হালনাগাদ: ২৬ জুলাই ২০২৫ ৪২৪ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

হলিৰাম মহন্ত ঠাকুৰ হৈছে এজন লেখক, বৈষ্ণৱ সাহিত্যৰ সংগ্ৰাহক আৰু শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ তৃতীয়জন পদাধিকাৰ। তেওঁ এজন মহাপুৰুষীয়া ধৰ্মাধিকাৰী, বৈষ্ণৱ সাহিত্যৰ প্ৰাচীন পুথি সংগ্ৰাহক,প্ৰকাশক আৰু লেখক,সমাজ সংগঠক আৰু সংস্কাৰক,সক্ৰিয় স্বাধীনতা কৰ্মী আৰু ত্যাগী পুৰুষ।১

জন্ম আৰু ব্যক্তিগত জীৱন

বৰনগৰ চাকবাউসী সত্ৰত ১৮৪৫ চনৰ ১২ মাঘ ৰবিবাৰে হলিৰাম মহন্ত ঠাকুৰৰ জন্ম হয়।১ তেখেতৰ পিতৃৰ নাম কমল নাৰায়ণ ঠাকুৰ আৰু মাতৃৰ নাম তাৰা দেৱী। শংকৰদেৱৰ অনুগামী, মাধৱদেৱৰ সখি নাৰায়ণ দাস ঠাকুৰ আতা(ভবানন্দ সাউদ) হলিৰাম মহন্ত ঠাকুৰৰ উপৰি পুৰুষৰ অষ্টম পুৰুষ।১

১৯৫৯ চনৰ আঘোণ মাহৰ সংখ্যা ৰামধেনুত অসমীয়া সাহিত্যৰ জীৱনীকাৰ আৰু সমালোচক নন্দ তালুকদাৰে লিখিছিল-"মহন্তদেৱ উপজিছিল মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰৰ পৰম ভকত নাৰায়ণ দাস ঠাকুৰৰ ঔৰস আৰু মাতৃ তাৰা দেৱীৰ গৰ্ভত। উপৰিপুৰুষৰ তেজৰ সম্বন্ধই মহন্তদেৱক বৈষ্ণৱ সাহিত্য আৰু মহাপুৰুষীয়া ধৰ্মৰ প্ৰসাৰতাৰ উদ্দেশ্যে উদ্বাউল কৰি তুলিছিল। কিন্তু মহন্তদেৱ উপজিছিল এক অন্ধকাৰময় যুগত আৰু সাধাৰণ পৰিৱেশৰ মাজত। গুৰু ট্ৰেইনিং এম.ভি.ৰ শিক্ষাই আছিল পঢ়াশালীয়া বিদ্যাৰ শেষ সীমা। শিক্ষাও লাভ কৰিছিল বঙালী মাধ্যমেৰে আৰু শিক্ষাৰ অন্তত শিক্ষকতাও কৰিছিল বঙালী হিচাপে। শিক্ষকতাক জীৱনৰ অৱলম্বন হিচাপে ল'লে যদিও অসমৰ চুকে-কোণে পৰি থকা পদ পুথিবিলাক উদ্ধাৰৰ বাবে উঠি পৰি লাগিছিল। "১

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ সৈতে ঠাকুৰ

১৯৩৪ চনত নগাঁও জিলাৰ বৰহমপুৰৰ পোটনী পাৰত কলাযুগী গাঁৱৰ নামঘৰত অনুষ্ঠিত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ অধিৱেশনত হলিৰাম মহন্ত ঠাকুৰ পদাধিকাৰ (সভাপতি)ৰ আসনত আছিল।১ উজনি অসম নামনি অসমৰ সকলো সত্ৰক শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ লগত একত্ৰিত হৈ মহাপুৰুষীয়া ধৰ্মৰ প্ৰকৃত পথ অনুসৰণ কৰি সমাজত শান্তি সম্প্ৰীতিৰ প্ৰতিষ্ঠাৰ বাবে তেখেতে সেইদিনা ভাষণ প্ৰদান কৰি পৰামৰ্শ আগবঢ়াইছিল। জাতিগত বা সম্প্ৰদায় বিশেষে হোৱা বাক্-বিতণ্ডাৰ সমস্যা নিৰাকৰণৰ বাবে সঙ্ঘৰ মঞ্চৰ পৰা তেখেতে জনসাধাৰণলৈ আহ্বান জনাইছিল।১

সাহিত্য চৰ্চা

"পুস্তক দেখিব,পুস্তক লেখিব" আদৰ্শ গ্ৰহণ কৰি আজীৱন হলিৰাম মহন্ত ঠাকুৰে পদপুথি সংগ্ৰহ অধ্যয়ন আৰু বৈষ্ণৱ সাহিত্য প্ৰণয়ন কৰি গ'ল।১

তেখেতৰ প্ৰকাশিত গ্ৰন্থসমূহ হৈছে১-

  1. বিশ্বদৰ্পণ
  2. গা ভালে ৰাখিবৰ সহজ উপায়।
  3. আত্মা পৰিচয়
  4. শঙ্কৰ চৰিত
  5. ঠাকুৰ আতা(পদ ছন্দৰ জীৱনী)
  6. ফকৰাৰ পুথি(নাৰায়ণ দাস ঠাকুৰ আতা কৃত ৩৫১টা ফকৰাৰ সংগৃহীত পুথি)
  7. শঙ্কৰদেৱৰ গুৰুধৰ্ম
  8. হিন্দু ধৰ্ম সাৰ
  9. নীতি সোপান
  10. শ্ৰীশ্ৰীমাধৱদেৱ(সংক্ষিপ্ত জীৱনী)
  11. শ্ৰীমদ্ভগৱদ গীতা(ব্যাখ্যা টীকা সম্বলিত)
  12. ভক্তি ৰত্নাকৰ
  13. প্ৰসঙ্গ প্ৰণালী
  14. যুগল পুথি
  15. বৰ্ণমালা(প্ৰথম আৰু দ্বিতীয় ভাগ)

তেখেতৰ অপ্ৰকাশিত পুথি কেইখন হৈছে-১

  1. মহাপুৰুষ শ্ৰীশঙ্কৰদেৱ শ্ৰীমাধৱদেৱ
  2. প্ৰবন্ধমালা(ৰাজনীতি আৰু সমাজনীতি সম্পৰ্কীয় প্ৰবন্ধ পুথি)
  3. জ্ঞানসিন্ধু

হৰিনাৰায়ণ দত্তবৰুৱাই তেখেতৰ দ্বাৰা সংগৃহীত আৰু প্ৰকাশিত গুৰুচৰিত পুথিৰ পাতনিত হলিৰাম মহন্ত ঠাকুৰৰ বিষয়ে এনেদৰে লিখিছে- "ইয়াৰ উপৰি ৰামচৰণ ঠাকুৰৰ বিৰচিত গুৰুচৰিত সম্পূৰ্ণভাৱে পাবলৈ নাই। আজি প্ৰায় পঞ্চল্লিশ বছৰ পূৰ্বে নগাঁওৰ কলিয়াবৰ মহকুমা অঞ্চলৰ এখন সত্ৰত বৰচৰিত এখন পোৱা হৈছিল, এতিয়া তাৰ নাম শুনা নাযায়। আমি অনুসন্ধান কৰি কেৱল ১ম-৫ম খণ্ডহে গুৰুচৰিত পাইছোঁ ৬ষ্ঠ আৰু ৭ম খণ্ড ঠাকুৰ হলিৰাম মহন্তদেৱেহে সংগ্ৰহ কৰিছিল। "১

স্বাধীনতা সংগ্ৰামী

হলিৰাম মহন্ত ঠাকুৰ ভাৰতৰ স্বাধীনতা আন্দোলনৰ সক্ৰিয় সেনানী আছিল। ১৯২১ চনত অসহযোগ আন্দোলনৰ এজন সুদক্ষ আৰু সক্ৰিয় কৰ্মী হৈ বৰনগৰ আঞ্চলিক ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্ব দি ছমাহ কাৰাবাস খাটিছিল।১

মৃত্যু

১৯৫০ চনৰ ফাগুণ মাহত ১০৫ বছৰ বয়সত নিজ গৃহত হলিৰাম মহন্ত ঠাকুৰৰ দেহাৱসান হয়।১

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ জীৱকান্ত নাথ. (২০১২, ফেব্ৰুৱাৰী). শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ইতিহাস

সম্পৰ্কিত শ্ৰেণী

ধৰ্ম প্ৰচাৰক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হলিৰাম মহন্ত ঠাকুৰ” প্ৰবন্ধৰ সংশোধন ৫২৭৬৬৪ (২৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।