জ্যোতিৰ্বিজ্ঞানী
২৫ প্ৰবন্ধ
-
বৰাহমিহিৰ
বৰাহ-মিহিৰ (Varāhamihira) প্ৰাচীন ভাৰতৰ গুপ্ত সাম্ৰাজ্যৰ সমসাময়িক (আনুমানিক ৫০৫ - ৫৮৭) এজন বিখ্যাত দাৰ্শনিক, জ্যোতিৰ্বিজ্ঞানী, গণিতজ্ঞ আৰু কবি। তেওঁ পঞ্চসিদ্ধান্তিকা নামৰ এটি মহাসংকলনগ্ৰন্থ ৰচনা কৰিছিল, যʼত তেওঁৰ জীৱনকালৰ সময়ৰ গ্ৰীক, মিছৰীয়, ৰোমান আৰু ভাৰতীয় জ্যোতিৰ্বিজ্ঞানৰ সাৰ লিপিবদ্ধ আছে।
-
গেলিলিঅ’ গেলিলি
গেলিলিঅ’ গেলিলি (ইংৰাজী:Galileo Galilei) (; জন্ম ১৫ফেব্ৰুৱাৰী ১৫৬৪ – ৮ জানুৱাৰী ১৬৪২), একাধাৰে এজন ইটালী দেশৰ পদাৰ্থবিদ, গণিতজ্ঞ, জ্যোতিৰ্বিদ আৰু দাৰ্শনিক আছিল আৰু তেওঁ বৈজ্ঞানিক বিপ্লৱৰ সৈতে ওতপ্ৰোত ভাৱে জড়িত ব্যক্তি আছিল।
-
ব্ৰহ্মগুপ্ত
ব্ৰহ্মগুপ্ত (সংস্কৃত: ब्रह्मगुप्त) (খ্ৰীষ্টপূৰ্ব ৫৯৮- ?) আছিল এজন ভাৰতীয় জ্যোতিৰ্বিজ্ঞানী আৰু গণিতজ্ঞ। হৰ্ষবৰ্ধনৰ ৰাজত্বত তেখেত উজ্জ্বয়িনীৰ জ্যোতিষ্ক পৰিদৰ্শন কেন্দ্ৰৰ অধ্যক্ষ্য আছিল। তেখেতে নিজে লিখি যোৱা মতে তেখেতৰ জন্মবৰ্ষ খ্ৰীষ্টপূৰ্ব ৫৯৮।
-
পাইথেগাৰাছ
পাইথেগাৰাছ (; আনুমানিক খ্ৰীষ্টপূৰ্ব ৫৭০ – খ্ৰীষ্টপূৰ্ব ৪৯৫) আছিল প্ৰাচীন গ্ৰীচৰ গণিতজ্ঞ, জ্যোতিৰ্বিজ্ঞানী আৰু দাৰ্শনিক। তেওঁৰ জন্ম আৰু মৃত্যুৰ সঠিক সময় জনা নাযায়। তেওঁৰ জন্ম হৈছিল গ্ৰীচৰ ছামোছত।
-
এডমাণ্ড হেলি
এডমাণ্ড হেলি (বা এডমণ্ড হেলি; Edmond Halley বা Edmund Halley; ৮ নৱেম্বৰ, ১৬৫৬ – ২৫ জানুৱাৰী, ১৭৪২) আছিল এজন ক্ৰমে ইংৰাজী জ্যেতিৰ্বিদ, ভূ-পদাৰ্থবিদ, গণিতজ্ঞ, বতৰ বিজ্ঞানী আৰু পদাৰ্থ বিজ্ঞানী। হেলিৰ ধুমকেতুৰ কক্ষপথ গণনা কৰি উলিওৱাৰ বাবেই এডমাণ্ড হেলি বেছিকৈ বিখ্যাত।
-
আৰ্কিমিডিছ
আৰ্কিমিডিছ (Archimedes) এগৰাকী গ্ৰীক গণিতজ্ঞ, পদাৰ্থবিজ্ঞানী, প্ৰকৌশলী, জ্যোতিৰ্বিজ্ঞানী তথা দাৰ্শনিক আছিল। খ্ৰীষ্টপূৰ্ব ২৮৭ ত চিচিলি দ্বীপৰ ছিৰাকিকিউজত আৰ্কিমিডিছৰ জন্ম হয়। তেওঁৰ পিতৃ জ্যোতিৰ্বিজ্ঞানী আছিল। আলেকজেন্দ্ৰিয়াত তেওঁ পঢ়া-শুনা কৰিছিল।
-
জহান্স কেপলাৰ
জহান্স কেপলাৰ (Johannes Kepler; ২৭ ডিচেম্বৰ, ১৫৭১ – ১৫ নৱেম্বৰ, ১৬৩০) এজন জাৰ্মান গণিতবিদ, জ্যোতিৰ্বিজ্ঞানী আৰু জ্যোতিষী আছিল। তেওঁ ১৭শ শতিকাৰ জ্যোতিৰ্বৈজ্ঞানিক বিপ্লৱৰ অন্যতম প্ৰধান ব্যক্তিত্ব আছিল। কেপলাৰৰ গ্ৰহীয় গতিসূত্ৰ আৰু কেপলাৰ কনজেকচাৰৰ কাৰণে তেখেত বিখ্যাত।
-
এডৱিন হাবল
এডৱিন পাৱেল হাবল (Edwin Powell Hubble; ২০ নৱেম্বৰ, ১৮৮৯ - ২৮ ছেপ্টেম্বৰ, ১৯৫৩) এগৰাকী আমেৰিকান জ্যোতিৰ্বিজ্ঞানী আছিল। বহিঃতাৰকাৰাজ্যিক জ্যোতিৰ্বিজ্ঞান আৰু নিৰীক্ষণভিত্তিক ব্ৰহ্মাণ্ডবিজ্ঞানৰ ক্ষেত্ৰ দুখন গঢ় দিয়াত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।
-
জয়ন্ত নাৰ্লিকাৰ
জয়ন্ত বিষ্ণু নাৰ্লিকাৰ (১৯ জুলাই, ১৯৩৮ - ২০ মে', ২০২৫) হ'ল এজন ভাৰতীয় জ্যোতিৰ্বিজ্ঞানী। ইংৰাজী জ্যোতিৰ্বিজ্ঞানী ছাৰ ফ্ৰেড হইলৰ সৈতে জয়ন্ত নাৰ্লিকাৰে মহাকৰ্ষণৰ এটি নতুন তত্ত্বৰ আৱিষ্কাৰ কৰিছে যাক হইল-নাৰ্লিকাৰ তত্ত্ব বুলি কোৱা হয়।
-
কাৰ্ল চাগান
কাৰ্ল এডৱাৰ্ড চাগান (Carl Sagan; ৯ নৱেম্বৰ, ১৯৩৪ – ২০ ডিচেম্বৰ, ১৯৯৬) এজন প্ৰখ্যাত আমেৰিকান জ্যোতিৰ্বিজ্ঞানী, ব্ৰহ্মাণ্ডতত্ত্ববিদ, জ্যোতিৰ্পদাৰ্থবিদ আৰু সাহিত্যিক। তদুপৰি তেওঁ এগৰাকী বিজ্ঞান প্ৰচাৰক আৰু জ্যোতিৰ্বিজ্ঞানকে ধৰি প্ৰাকৃতিক বিজ্ঞানসমূহৰ সমন্বয়সাধক আছিল।
-
নিক'লাচ ক'পাৰ্নিকাচ
নিক'লাচ ক'পাৰ্নিকাচ (Nicolaus Copernicus; ১৯ ফেব্ৰুৱাৰী ১৪৭৩ - ২৪ মে' ১৫৪৩) এজন বিখ্যাত জ্যোতিৰ্বিজ্ঞানী। তেওঁ নৱজাগৰণ যুগৰ এজন সুবিখ্যাত গণিতজ্ঞ আৰু জ্যোতিৰ্বিজ্ঞানী।
-
ৰেইনহাৰ্ড গেনজেল
ৰেইনহাৰ্ড গেনজেল (Reinhard Genzel; জন্ম: ২৪ মাৰ্চ ১৯৫২) এগৰাকী জাৰ্মান জ্যোতিৰ্পদাৰ্থ বিজ্ঞানী। তেওঁ বৰ্তমান মেক্সপ্লেংক বৰ্হিজাগতিক পদাৰ্থ বিজ্ঞান প্ৰতিষ্ঠানৰ সহযোগী সঞ্চালক।
-
জিম পিবলছ্
ফিলিপ জেমছ্ এডৱিন পিবলছ্ (Philip James "Jim" Edwin Peebles; জন্ম-এপ্ৰিল ২৫, ১৯৩৫) হৈছে এগৰাকী কানাডিয়ান-আমেৰিকান জ্যোতিপদাৰ্থবিজ্ঞানী, জ্যোতিৰ্বিদ আৰু এজন তাত্ত্বিক ব্ৰহ্মাণ্ডতত্ত্ববিদ।
-
ডিডিয়াৰ কুয়েলজ
ডিডিয়াৰ কুয়েলজ (২৩ ফেব্ৰুৱাৰি, ১৯৬৬) এজন ছুইছ জ্যোতিৰ্বিজ্ঞানী আৰু জেনেভা বিশ্ববিদ্যালয় আৰু কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ অধ্যাপক। আৰু ত্ৰিনিটি কলেজ, কেমব্ৰিজৰ এজন সদস্য। ২০১৯চনত ঘোষিত হোৱা পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটাৰ তেওঁ এক চতুৰ্থাংশ অংশীদাৰিত্ব পায়।
-
মাৰ্গেৰিটা হেক
মাৰ্গেৰিটা হেক (Margherita Hack,, ১২ জুন ১৯২২ – ২৯ জুন ২০১৩) এগৰাকী ইটালীৰ জ্যোতিৰ্বিজ্ঞানী আৰু জনপ্ৰিয় বিজ্ঞান লেখিকা আছিল। ১৯৯৫ চনত আৱিষ্কৃত গ্ৰহাণু ৮৫৫৮ হেকৰ নাম তেওঁৰ সন্মানত ৰখা হৈছিল।
-
ইবন চিনা
ইবন চিনা (ابن سينا; সম্পূৰ্ণ নাম: আবু আলী আল-হুছেইন ইবন আব্দুল্লাহ ইবন চিনা) আছিল এখন মধ্যযুগীয় ইছলামিক জ্ঞানৰ দীপ্তিমান পুৰুষ। তেওঁক সাধাৰণতে আৱিছেনা (Avicenna) নামেৰে পশ্চিমীয়া দেশসমূহত জনা যায়। তেওঁৰ জন্ম খ্ৰীষ্টীয় ৯৮০ চনত বৰ্তমান উজবেকিস্তানৰ আফ্শানা নামৰ ঠাইত হৈছিল।
-
মকৰন্দ
মকৰন্দ বা মকৰন্দাচাৰ্য বা মকৰন্দ আনন্দকাণ্ড (fl. 1438-1478) এজন জ্যোতিৰ্বিজ্ঞানী, পঞ্জিকাবিশাৰদ আৰু হিন্দু জ্যোতিষী আছিল যিয়ে কাশী (বাৰাণসী)ত বাস কৰিছিল আৰু তেওঁ গ্ৰহৰ গতিবিধি গণনাৰ বাবে তালিকা সন্নিৱিষ্ট মকৰন্দ সাৰিণী নামৰ জ্যোতিৰ্বিজ্ঞানৰ এখন গ্ৰন্থ লিখিছিল।
-
আৰ্যভট্ট (দ্বিতীয়)
আৰ্যভট্ট (আনুমানিক ৯২০ – ১০০০) যাক আৰ্য দিয়া জাংকি বুলিও জনা যায়, এগৰাকী ভাৰতীয় গণিতজ্ঞ আৰু জ্যোতিৰ্বিজ্ঞানী আৰু মহা-সিদ্ধান্তৰ ৰচক। তেওঁৰ পূৰ্বৰ আৰু অধিক প্ৰভাৱশালী আৰ্যভট্ট প্ৰথমৰ পৰা পৃথক কৰিবলৈ আৰ্যভট্ট(দ্বিতীয়) বুলি উল্লেখ কৰা হৈছে।
-
গৌতম সিদ্ধ
গৌতম সিদ্ধ (আনুমানিক অষ্টম শতিকা) এগৰাকী জ্যোতিৰ্বিজ্ঞানী, জ্যোতিষী আৰু ভাৰতীয় বংশোদ্ভৱ, যাক Treatise on Astrology of the Kaiyuan Era ৰ নেতৃত্ব দিয়াৰ বুলি জনা যায়। ১৯৭৭ চনত ছিয়ানত উদ্ধাৰ হোৱা এটা সমাধিৰ স্তম্ভৰ তথ্য অনুসৰি তেওঁৰ জন্ম চাংআনত হৈছিল আৰু তেওঁৰ পৰিয়ালটো মূলতঃ ভাৰতৰ আছিল।
-
প্ৰজৱাল শাস্ত্ৰী
প্ৰজৱাল শাস্ত্ৰী বাংগালোৰৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ এষ্ট্ৰোফিজিক্সৰএজন জ্যোতিৰ্বিজ্ঞানী আৰু ৰেডিঅ'ৰ পৰা এক্স-ৰে তৰংগদৈৰ্ঘ্যলৈকে বহু-তৰংগদৈৰ্ঘ্য পৰ্যৱেক্ষণ ফেনোমেনোলজীৰ ক্ষেত্ৰত বিশেষজ্ঞ।
-
প্ৰেমানা প্ৰেমাদী
প্ৰেমানা ৱাৰ্দয়ন্তী প্ৰেমাদী (ইংৰাজী: Premana Wardayanti Premadi; জন্ম ১৩ জুলাই ১৯৬৪) এগৰাকী ইণ্ডোনেছিয়ান জ্যোতিৰ্বিজ্ঞানী। তেওঁ বান্দুং ইনষ্টিটিউট অৱ টেকন'লজীৰ এগৰাকী অধ্যাপক। তেওঁ ২০১৮ চনৰ পৰা বচা মানমন্দিৰৰ (Bosscha Observatory) মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
ফাৰজানা আসলাম
ফাৰজানা আসলাম এগৰাকী পাকিস্তানৰ পদাৰ্থবিজ্ঞানী আৰু জ্যোতিৰ্বিজ্ঞানী। তেওঁ কভেণ্ট্ৰি বিশ্ববিদ্যালয়ৰ গণিত, পদাৰ্থ বিজ্ঞান আৰু জ্যোতিৰ্বিজ্ঞানৰ স্নাতক অধ্যয়নৰ প্ৰবক্তা।
-
বিজয়ানন্দী
বিজয়ানন্দী বা বিজয়ানন্দ (আনুমানিক ৯৪০-১০১০, ভাৰতৰ বেনাৰস (বৰ্তমান বাৰাণসী), আছিল এজন ভাৰতীয় গণিতজ্ঞ আৰু জ্যোতিৰ্বিজ্ঞানী যিয়ে ত্ৰিকোণমিতিৰ ক্ষেত্ৰত অৱদান আগবঢ়াইছিল।
-
মহেন্দ্ৰ সূৰী
মহেন্দ্ৰ সূৰী (প্ৰায় ১৩৪০ – ১৪০০) হৈছে চতুৰ্দশ শতিকাৰ জৈন জ্যোতিৰ্বিজ্ঞানী, যিয়ে জ্যোতিৰ্বিজ্ঞানৰ ওপৰত প্ৰথম ভাৰতীয় গ্ৰন্থ যন্ত্ৰৰাজা ৰচনা কৰিছিল। মদনা ছুৰীয়ে তেওঁক প্ৰশিক্ষণ দিছিল আৰু মলয়েন্দু ছুৰীৰ তেওঁ শিক্ষক আছিল। বিশেষকৈ খ্ৰীষ্টপূৰ্ব যোৱা দুটা শতিকাত গণিতত জৈন ধৰ্মৰ প্ৰবল প্ৰভাৱ আছিল।
-
শতানন্দ
শতানন্দ (আনুমানিক ১০৬৮-১০৯৯) আছিল এগৰাকী ভাৰতীয় জ্যোতিৰ্বিজ্ঞানী, যি তেওঁৰ হাতপুথি ভাস্বতী (1099)ৰ দ্বাৰাই অধিক পৰিচিত। শতানন্দ পুৰী বা উজ্জয়িনীৰ বাসিন্দা বুলি ভবা হয় আৰু তেওঁ বৰাহমিহিৰৰ সূৰ্য্যসিদ্ধান্তকে ধৰি অন্যান্য গ্ৰন্থৰ পৰা আহৰণ কৰিছিল। শতানন্দ শংকৰ আৰু সৰস্বতীৰ পুত্ৰ, জন্ম ওড়িশাৰ পুৰীত।