অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ডিডিয়াৰ কুয়েলজ

ডিডিয়াৰ কুয়েলজ (২৩ ফেব্ৰুৱাৰি, ১৯৬৬) এজন ছুইছ জ্যোতিৰ্বিজ্ঞানী আৰু জেনেভা বিশ্ববিদ্যালয় আৰু কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ অধ্যাপক। আৰু ত্ৰিনিটি কলেজ, কেমব্ৰিজৰ এজন সদস্য। ২০১৯চনত ঘোষিত হোৱা পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটাৰ তেওঁ এক চতুৰ্থাংশ অংশীদাৰিত্ব পায়।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ২২১ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ডিডিয়াৰ কুয়েলজ (২৩ ফেব্ৰুৱাৰি, ১৯৬৬) এজন ছুইছ জ্যোতিৰ্বিজ্ঞানী আৰু জেনেভা বিশ্ববিদ্যালয় আৰু কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ অধ্যাপক।১ আৰু ত্ৰিনিটি কলেজ, কেমব্ৰিজৰ এজন সদস্য।২ ২০১৯চনত ঘোষিত হোৱা পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটাৰ তেওঁ এক চতুৰ্থাংশ অংশীদাৰিত্ব পায়।৩৪

প্ৰাৰম্ভিক জীৱন

১৯৬৬ চনৰ ২৩ ফেব্ৰুৱাৰিত, ছুইজাৰলেণ্ডত কুয়েলজৰ জন্ম হয়।৫৬

কেৰিয়াৰ

১৯৯৫ চনত জেনেভা বিশ্ববিদ্যালয়ত কুয়েলজ এজন ডক্তৰেট ডিগ্ৰীৰ প্ৰাৰ্থী আছিল। সেইসময়তে কুয়েলজে তেওঁৰ ডক্তৰেট উপদেষ্টা মাইকেল মেয়ৰৰ লগ লাগি এটা প্ৰধান অনুক্ৰমিক নক্ষত্ৰৰ চাৰিওকাষে প্ৰদক্ষিণ কৰি থকা প্ৰথমটো বৰ্হিগ্ৰহ আৱিষ্কাৰ কৰে।৭ এই সাফল্যৰ বাবে, ২০১৯ চনত তেওঁলোকক ন'বেল বঁটাৰ অৰ্ধাংশৰে পুৰস্কৃত কৰা হয়-"সৌৰ-সদৃশ নক্ষত্ৰৰ চাৰিওকাষে প্ৰদক্ষিণৰত এটা বৰ্হিগ্ৰহ আৱিষ্কাৰৰ বাবে"।

হাউতে-প্ৰভিন্স পৰ্যবেক্ষণাগাৰত এল'ডাই বৰ্ণালীলেখ যন্ত্ৰৰে (ELODIE spectrograph) দুৰ্গমনবেগ জোখমাখৰ (ডপলাৰ বৰ্ণালীলেখন)সহায়ত তেওঁ ৫১ পেগাচিত একধৰণৰ বিশ্লেষণ কৰি আছিল। সেই পৰ্যবেক্ষণতে তেওঁ এটা গ্ৰহ আৱিষ্কাৰ কৰে আৰু আলোড়িত হৈ পৰে। তেওঁৰ দ্বাৰা আৱিষ্কৃত গ্ৰহটোৰ প্ৰদক্ষিণকাল আছিল ৪.২ দিন। কুয়েলজে আচলতে নিজৰ দক্ষতাসমূহলৈ পৰিপক্বতা আনিবলৈহে সেই পৰ্যবেক্ষণটো কৰি আছিল।৮

নতুনধৰণৰ জ্যোতিৰ্বৈজ্ঞানিক আহিলা আৰু পৰীক্ষামূলক পদ্ধতি আৱিষ্কাৰ কৰাৰ বাবে কুয়েলজ আৰু মেয়ৰক ২০১১ চনত বি.বি.ভি.এ. ফাউণ্ডেচন ফ্ৰণ্টিয়াৰছ অৱ নৌলেজ এৱাৰ্ডছ অৱ বেছিক ছায়েন্সেছ বঁটাটি প্ৰদান কৰা হয়; যিবোৰ আহিলাৰ সহায়ত তেওঁলোকে সৌৰজগতৰ বাহিৰত থকা গ্ৰহবোৰ পৰ্যবেক্ষণ কৰিবলৈ পোনপ্ৰথমবাৰৰ বাবে সমৰ্থৱান হৈছিল।

২০১৭ চনত তেওঁ পদাৰ্থ বিজ্ঞানত উল্ফ বঁটা লাভ কৰে।৯ ২০১৯ চনত, তেওঁ মেয়ৰ আৰু জিম পিবলছ্ৰ সৈতে একেলগে পদাৰ্থবিজ্ঞানৰ ন'বেল লাভ কৰে।৪

বাহ্যিক সংযোগ

  • "SAO/NASA Astrophysics Data System (ADS)", ডিডিয়েৰ কুয়েলজ সম্বন্ধীয় জিজ্ঞাসা,২০০খন সাৰাংশসহ য'ত কুয়েলজক এজন লেখক অথবা সহ-লেখক হিচাপে চিহ্নিত কৰা হৈছে।

তথ্যসূত্ৰ

  1. ↑ Cavendish Website
  2. ↑ Cambridge Press Release
  3. ↑ The Nobel Prize in Physics 2019. Nobel Media AB
  4. ↑ Chang, Kenneth; Specia, Megan. (8 October 2019). Nobel Prize in Physics Awarded for Studies of Earth’s Place in the Universe. The New York Times
  5. ↑ Vonarburg, Barbara. (25 April 2015). Didier Queloz. PlanetS. National Centre of Competence in Research
  6. ↑ Johnston, Hamish. (8 October 2019). James Peebles, Michel Mayor and Didier Queloz share Nobel Prize for Physics. Physics World
  7. ↑ Overbye, Dennis. (12 May 2013). Finder of New Worlds. The New York Times
  8. ↑ Mayor, Michael; Queloz, Didier. (1995). A Jupiter-mass companion to a solar-type star. Nature. পৃ. 355–359
  9. ↑ Gravé-Lazi, Lidar. (3 January 2017). Wolf Prize to be awarded to eight laureates from US, UK and Switzerland - Israel News -. Jerusalem Post

সম্পৰ্কিত শ্ৰেণী

জ্যোতিৰ্বিজ্ঞানীছুইজাৰলেণ্ডৰ ব্যক্তিপদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা বিজয়ীৰয়েল ছ'ছাইটিৰ সদস্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডিডিয়াৰ কুয়েলজ” প্ৰবন্ধৰ সংশোধন ৬২৪৫৬৯ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।