অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰেইনহাৰ্ড গেনজেল

ৰেইনহাৰ্ড গেনজেল (Reinhard Genzel; জন্ম: ২৪ মাৰ্চ ১৯৫২) এগৰাকী জাৰ্মান জ্যোতিৰ্পদাৰ্থ বিজ্ঞানী। তেওঁ বৰ্তমান মেক্সপ্লেংক বৰ্হিজাগতিক পদাৰ্থ বিজ্ঞান প্ৰতিষ্ঠানৰ সহযোগী সঞ্চালক।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ৩২৬ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ৰেইনহাৰ্ড গেনজেল (Reinhard Genzel;১ জন্ম: ২৪ মাৰ্চ ১৯৫২) এগৰাকী জাৰ্মান জ্যোতিৰ্পদাৰ্থ বিজ্ঞানী। তেওঁ বৰ্তমান মেক্সপ্লেংক বৰ্হিজাগতিক পদাৰ্থ বিজ্ঞান প্ৰতিষ্ঠানৰ সহযোগী সঞ্চালক। ইয়াৰ লগতে তেওঁ মিউনিক লুডৱিগ মেক্সিমিলান বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু কেলিফোৰ্নিয়া বিশ্ববিদ্যালয়, বাৰ্কলেৰ এমিৰিটাছ অধ্যাপক। ২০২০ চনত তেওঁ এণ্ড্ৰিয়া এম. ঘেজৰ সৈতে যুটীয়াভাবে "আমাৰ তাৰকাৰাজ্যৰ কেন্দ্ৰত এটা অতিভৰযুক্ত সংকোচনশীল বস্তু আৱিষ্কাৰৰ বাবে" পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটাৰ আধা অংশ লাভ কৰে।২৩ নোবেল বঁটাৰ বাকী আধা অংশ ৰ'জাৰ পেনৰ'জে "কৃষ্ণগহ্বৰ গঠন আপেক্ষিকতাবাদ তত্ত্বৰ সাধাৰণ তত্ত্বৰ এক শক্তিশালী পূৰ্বানুমান" আৱিষ্কাৰৰ বাবে লাভ কৰে।

জীৱনী

১৯৫২ চনৰ ২৪ মাৰ্চ তাৰিখে পশ্চিম জাৰ্মানীৰ বেড হমবাৰ্গ ভৰ ডেৰ হহেত ৰেইনহাৰ্ড গেনজেলৰ জন্ম হৈছিল। তেওঁৰ পিতৃ লুডৱিগ গেনজেল কঠিন অৱস্থা পদাৰ্থ বিজ্ঞানৰ অধ্যাপক আছিল। তেওঁ ফ্ৰেইবাৰ্গ বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানৰ স্নাতক আৰু বন বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞানৰ স্নাতকোত্তৰৰ লগতে ১৯৭৮ চনত পিএইচডি কৰিছিল।৪৪ তাৰ পিছত তেওঁ কেমব্ৰিজ, মেছাচুচেটছৰ হাৰ্ভাৰ্ড-স্মিথচনিয়ান পদাৰ্থজ্যোতিৰ্বিজ্ঞান কেন্দ্ৰত কাম কৰে। তেওঁ ১৯৮০ চনৰ পৰা ১৯৮২ চনলৈ মিলাৰ ফেল' আৰু ১৯৮১ চনৰ পৰা কেলিফোৰ্নিয়া বিশ্ববিদ্যালয়, বাৰ্কলেত পদাৰ্থ বিজ্ঞান বিভাগৰ সহযোগী আৰু সম্পূৰ্ণ অধ্যাপক আছিল। তেওঁ ১৯৮৬ চনত মেক্সপ্লেংক গেছেলস্কাফ্টৰ বৈজ্ঞানিক সদস্যপদ লাভ কৰে। তেওঁ মেক্সপ্লেংক বৰ্হিজাগতিক পদাৰ্থ বিজ্ঞান প্ৰতিষ্ঠানৰ সহযোগী সঞ্চালক আৰু ১৯৮৮ চনৰ পৰা মিউনিক লুডৱিগ মেক্সিমিলান বিশ্ববিদ্যালয়ৰ সন্মানীয় অধ্যাপক।৪ ১৯৯৯ চনৰ পৰা তেওঁ কেলিফোৰ্নিয়া বিশ্ববিদ্যালয়, বাৰ্কলেত সম্পূৰ্ণ অধ্যাপক হিচাপে যুটীয়া নিযুক্তি লাভ কৰিছে।৪ তদুপৰি তেওঁ জ্যোতিৰ্বিজ্ঞানৰ শ্বাৱ পুৰস্কাৰৰ নিৰ্বাচন সমিতিৰ সদস্য।৫

কৰ্মৰাজি

ৰেইনহাৰ্ড গেনজেলে অৱলোহিত আৰু উপমিলিমিটাৰ জ্যোতিৰ্বিজ্ঞান অধ্যয়ন কৰে। তেওঁ আৰু তেওঁৰ দলে জ্যোতিৰ্বিজ্ঞানৰ ভূমি আৰু মহাকাশ ভিত্তিক সঁজুলি বিকাশত সক্ৰিয়ভাৱে কাম কৰি আহিছে। তেওঁলোকে হাতীপটিৰ কেন্দ্ৰত তৰাসমূহৰ গতি অনুসৰণ কৰিবলৈ এইবোৰ ব্যৱহাৰ কৰিছিল। ইয়াৰ তেওঁলোকে দেখুৱায় যে চাগিটেৰিয়াছ এ*ৰ নামৰ এটা অতিভৰযুক্ত বস্তুৰ চাৰিওফালে এই তৰা সমূহে গতি কৰে। ইয়াক এতিয়া কৃষ্ণগহ্বৰ বুলি জনা যায়।৬ তেওঁ বৰ্তমান তাৰকাৰাজ্যসমূহৰ গঠন আৰু বিৱৰ্তনৰ ওপৰত গৱেষণাৰত।৭

২০১৮ চনৰ জুলাই মাহত ৰেইনহাৰ্ড গেনজেলে প্ৰকাশ কৰে যে তৰা এছ২য়ে চাগিটেৰিয়াছ এ*ক কেন্দ্ৰ কৰি ৭,৬৫০ কিঃমিঃ/ছেকেণ্ড বা পোহৰৰ গতিৰ ২.৫৫% বেগেৰে ২০১৮ চনৰ মে মাহত ইয়াৰ পৰিকেন্দ্ৰ ১২০ মহাজাগতিক একক বা ১৪০০ স্কাৰজচাইল্ড ব্যাসাৰ্ধৰ কাষ চাপিছিল। ই তেওঁলোকক সাধাৰণ আপেক্ষিকতাবাদৰ সূত্ৰৰ সহায়ত আপেক্ষিক বেগৰ দ্বাৰা ৰেডশ্বিফ্টৰ পূৰ্বানুমানত সহায়ক হৈছিল। লগতে ইয়াৰ ফলত আপেক্ষিকতাবাদ তত্ত্বটোৰ অতিৰিক্ত নিশ্চিতকৰণ বিচাৰি পোৱা গ'ল।৮৯

বঁটা আৰু সন্মান

২০১৮ চনত ৰেইনহাৰ্ড গেনজেল
২০১৮ চনত ৰেইনহাৰ্ড গেনজেলছবি: ESO/Mahdi Zamani · CC BY-SA 4.0
  • ষ্টুডিয়েনষ্টিফেটুং ডেছ ডিউটচেন ভলকেছ, ১৯৭৩-১৯৭৫১০
  • মিলাৰ গৱেষণা ফেল'শ্বিপ, ১৯৮০-১৯৮২১১
  • অট' হান পদক, মেক্সপ্লেংক গেছেলস্কাফ্ট, ১৯৮০১১
  • ৰাষ্ট্ৰপতিৰ যুৱ অনুসন্ধানকাৰী বঁটা, ৰাষ্ট্ৰীয় বিজ্ঞান ফাউণ্ডেচন, ১৯৮৪১১
  • নিউটন লেচি পিয়াৰ্ছ বঁটা, আমেৰিকান জ্যোতিৰ্বিজ্ঞান সমাজ, ১৯৮৬১১
  • গটফ্ৰেইড ৱিলহেম লেইবিনিজ বঁটা, ১৯৯০১১
  • ডে ভেকুঅ'লাৰছ পদক, টেক্সাচ বিশ্ববিদ্যালয়, ২০০০১১
  • প্ৰিস্ক জুলছ জানচিন, ফ্ৰান্স জ্যোতিৰ্বিজ্ঞান সমাজ, ২০০০১১
  • প্ৰয়োগিক পদাৰ্থ বিজ্ঞানৰ ষ্টাৰ্ণ গাৰলেক পদক, ২০০৩১১
  • অৱলোহিত জ্যোতিৰ্বিজ্ঞানৰ বালজান পুৰস্কাৰ, ২০০৩১১
  • এলবাৰ্ট আইনষ্টাইন পদক, ২০০৭১২
  • শ্বাৱ পুৰস্কাৰ, ২০০৮১৩
  • "গেলেলিও ২০০০" বঁটা, ২০০৯১১
  • কাৰ্ল স্কৱাৰজচাইল্ড পদক, ২০১১১৪
  • ক্ৰাফুৰ্ড বঁটা, ৰয়েল চুইডিছ একাডেমী, ২০১২১৫
  • টাইক' ব্ৰাহে পুৰস্কাৰ, ইউৰোপীয়ান জ্যোতিৰ্বিজ্ঞান সমাজ, ২০১২১৬
  • পৌৰ লে মেৰিটে, ২০১৩১৭
  • হাৰ্ভি বঁটা, টেকনিয়ন প্ৰতিষ্ঠান, ইজৰাইল, ২০১৪১৮
  • হাৰস্কেল পদক, ২০১৪১৯
  • পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা, ২০২০২

বৈজ্ঞানিক সমাজৰ সদস্যতা

  • আমেৰিকান ভৌতিক সমাজৰ সভ্য, ১৯৮৫১৭
  • আকাদেমি ডেছ চায়েন্স (ইণ্টিচিটিষ্ট ডি ফ্ৰান্স)ৰ বিদেশী সদস্য, ১৯৯৮১৭
  • আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিজ্ঞান একাডেমীৰ বিদেশী সভ্য, ২০০০২০
  • ডয়েচে অকাডেমি ডেৰ নেচাৰ্ফোৰ্চেৰ লিওপ'ল্ডিনাৰ সদস্য, ২০০২২১
  • বেইৰিচে অকাডেমি ডেৰ ৱিচেন্সচাফেটেনৰ জ্যেষ্ঠ সদস্য, ২০০৩২২
  • ৰয়েল স্পেনিছ বিজ্ঞান একাডেমীৰ বিদেশী সদস্য, ২০১১১১
  • ৰয়েল ছ'চাইটি লণ্ডনৰ বিদেশী সদস্য, ২০১২১

তথ্যসূত্ৰ

  1. ↑ royalsociety.org/people/reinhard-genzel/ Professor Reinhard Genzel ForMemRS
  2. ↑ Press release: The Nobel Prize in Physics 2020. Nobel Foundation
  3. ↑ Overbye, Dennis; Taylor, Derrick Bryson. (6 October 2020). Nobel Prize in Physics Awarded to 3 Scientists for Work on Black Holes – The prize was awarded half to Roger Penrose for showing how black holes could form and half to Reinhard Genzel and Andrea Ghez for discovering a supermassive object at the Milky Way’s center.. The New York Times
  4. ↑ Curriculum-vitae, website of the Max-Planck-Institut für extraterrestrische Physik
  5. ↑ Selection Committees 2020 – 2021. www.shawprize.org
  6. ↑ Eckart, A.; Genzel, R. (1996). Observations of stellar proper motions near the Galactic Centre. Nature. পৃ. 415
  7. ↑ Reinhard Genzel (E). UC Berkeley Physics
  8. ↑ Abuter, R.; Amorim, A. (2018). Detection of the gravitational redshift in the orbit of the star S2 near the Galactic centre massive black hole. Astronomy & Astrophysics. পৃ. L15
  9. ↑ Star spotted speeding near black hole at centre of Milky Way – Chile’s Very Large Telescope tracks S2 star as it reaches mind-boggling speeds by supermassive black hole, The Guardian, 26 July 2017
  10. ↑ Studienstiftung gratuliert ihrem Alumnus Reinhard Genzel zum Nobelpreis für Physik. Studienstiftung des deutschen Volkes জাৰ্মান ভাষাত
  11. ↑ Profesor Reinhard Genzel. Spanish Royal Academy of Sciences
  12. ↑ The Awarding of the Einstein Medal: Albert Einstein Medal Laureates at Albert Einstein Medal website
  13. ↑ (28 April 2020). The Shaw Prize. The Shaw Prize
  14. ↑ (13 July 2011). Reinhard Genzel receives Karl Schwarzschild Medal 2011
  15. ↑ (22 July 2020). Crafoord Prize for Reinhard Genzel. Max-Planck-Gesellschaft
  16. ↑ (25 February 2020). Tycho Brahe-Preis für Reinhard Genzel. Max-Planck-Institut für extraterrestrische Physik
  17. ↑ (2013). Pour le Mérite: Reinhard Genzel. www.orden-pourlemerite.de
  18. ↑ Harvey Prize 2014
  19. ↑ Awards, Medals and Prizes – Herschel Medal. Royal Astronomical Society
  20. ↑ (18 June 2020). Reinhard Genzel. National Academy of Sciences
  21. ↑ Leopoldina-Präsident Gerald Haug gratuliert Leopoldina-Mitglied Reinhard Genzel zum Nobelpreis für Physik. idw
  22. ↑ Neue Mitglieder der Bayerischen Akademie der Wissenschaften. idw

সম্পৰ্কিত শ্ৰেণী

জাৰ্মানীৰ ব্যক্তিপদাৰ্থ বিজ্ঞানীজ্যোতিৰ্বিজ্ঞানীপদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেইনহাৰ্ড গেনজেল” প্ৰবন্ধৰ সংশোধন ৬৩৭৯৭৯ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।