জাৰ্মানীৰ ব্যক্তি
৪২ প্ৰবন্ধ
-
এডল্ফ হিটলাৰ
এডল্ফ হিটলাৰ (Adolf Hitler; ২০ এপ্ৰিল ১৮৮৯ – ৩০ এপ্ৰিল ১৯৪৫) মানৱ-ইতিহাসৰ সৰ্বাধিক বিতৰ্কিত লোকসকলৰ মাজৰ এজন, তৃতীয় ৰেইকৰ কালছোৱাত জাৰ্মানীৰ এজন ৰাজনীতিবিদ তথা নাজী দলৰ (National Socialist German Workers Party) নেতা আছিল। তেখেত আছিল দ্বিতীয় বিশ্বযুদ্ধৰ মূল হোতা আৰু ইহুদী গণহত্যাৰ কাৰক আছিল।
-
কাৰ্ল মাৰ্ক্স
কাৰ্ল হেনৰিখ মাৰ্ক্স (৫ মে' ১৮১৮ – ১৪ মাৰ্চ ১৮৮৩) এজন জাৰ্মান দাৰ্শনিক, অৰ্থনীতিবিদ, ইতিহাসবিদ, সমাজবিজ্ঞানী, ৰাজনৈতিক তত্ত্ববিদ, সাংবাদিক আৰু সমাজতান্ত্ৰিক বিপ্লৱী আছিল।
-
মেক্স প্লেংক
মেক্স কাৰ্ল আৰ্নষ্ট লুডৱিগ প্লেংক (Max Karl Ernst Ludwig Planck; এপ্ৰিল ২৩, ১৮৫৮ – অক্টোবৰ ৪, ১৮৪৭) আছিল এগৰাকী জাৰ্মান তাত্ত্বিক পদাৰ্থবিজ্ঞানী। মেক্স প্লেংক কোৱাণ্টাম বলবিজ্ঞান বা কোৱাণ্টাম তত্ত্বৰ জনক হিচাপে পৰিচিত আৰু ইয়াৰ বাবেই তেওঁ ১৯১৮ চনত পদাৰ্থবিজ্ঞানৰ ন'বেল বঁটা লাভ কৰিছিল।
-
ৱাৰ্নাৰ হাইজেনবাৰ্গ
ৱাৰ্নাৰ কাৰ্ল হাইজেনবাৰ্গ (Werner Karl Heisenberg; ৫ ডিচেম্বৰ, ১৯০১- ১ ফেব্ৰুৱাৰী, ১৯৭৬) হৈছে ন'বেল বঁটা প্ৰাপ্ত এজন জাৰ্মান ত্বাত্তিক পদাৰ্থবিজ্ঞানী আৰু বিজ্ঞানৰ কোৱাণ্টাম বলবিজ্ঞান (quantum mechanics) ভাগটোৰ এজন গুৰুত্বপূৰ্ণ অৱদনকাৰী তথা সৃষ্টকৰ্তা।
-
লুটৱিস ফান বিটহ'ফন
লুডৱিগ ভেন বীথোভেন (, উচ্চাৰণ: লুটৱিস ফান বিটহ'ফন, ১৭ ডিচেম্বৰ ১৭৭০ত বাপ্টাইজড-২৬ মাৰ্চ ১৮২৭) এগৰাকী জাৰ্মান সুৰকাৰ। পাশ্চাত্য সংগীতৰ শাস্ত্ৰীয় যুগৰ পৰা ৰোমাণ্টিক যুগলৈ পৰিৱৰ্তনৰ কালচোৱাৰ এইগৰাকী সুৰকাৰ বিশ্বৰ অতিকৈ বিখ্যাত আৰু প্ৰভাৱশালী সংগীতজ্ঞৰ অন্যতম।
-
জহান্স কেপলাৰ
জহান্স কেপলাৰ (Johannes Kepler; ২৭ ডিচেম্বৰ, ১৫৭১ – ১৫ নৱেম্বৰ, ১৬৩০) এজন জাৰ্মান গণিতবিদ, জ্যোতিৰ্বিজ্ঞানী আৰু জ্যোতিষী আছিল। তেওঁ ১৭শ শতিকাৰ জ্যোতিৰ্বৈজ্ঞানিক বিপ্লৱৰ অন্যতম প্ৰধান ব্যক্তিত্ব আছিল। কেপলাৰৰ গ্ৰহীয় গতিসূত্ৰ আৰু কেপলাৰ কনজেকচাৰৰ কাৰণে তেখেত বিখ্যাত।
-
গিয়ৰ্গ ছিমন ওম
গিয়ৰ্গ ছিমন ওম,(,; ১৬ মাৰ্চ ১৭৮৯ – ৬ জুলাই ১৮৫৪) আছিল এগৰাকী জাৰ্মান পদাৰ্থ বিজ্ঞানী আৰু গণিতজ্ঞ। বিদ্যালয়ৰ শিক্ষক হিচাপে গিয়ৰ্গ ওমে নতুনকৈ আৱিষ্কৃত হোৱা বিদ্যুৎ-ৰাসায়নিক কোষৰ গৱেষণা আৰম্ভ কৰিছিল; যিটো কোষ আৱিষ্কাৰ কৰিছিল ইটালীয়ান বিজ্ঞানী আলেচেন্দ্ৰো ভল্টাই।
-
ফ্ৰিড্ৰিচ এংগেল্ছ
ফ্ৰিড্ৰিচ এংগেল্ছ; ২৮ নৱেম্বৰ ১৮২০ – ৫ আগষ্ট ১৮৯৫) এগৰাকী জাৰ্মান দাৰ্শনিক, সমাজ বিজ্ঞানী, সাংবাদিক আৰু ব্যৱসায়ী। . তেখেতে কাৰ্ল মাৰ্ক্সৰ সৈতে মাৰ্ক্সবাদী সূত্ৰ তৈয়াৰ কৰিছিলে আৰু প্ৰচাৰ কৰিছিলে।
-
আনে' ফ্ৰাংক
আনে’লিছ মেৰি ফ্ৰাংক (Annelies Marie Frank; ১২ জুন ১৯২৯- ফেব্ৰুৱাৰী বা মাৰ্চ ১৯৪৫) ইহুদী জাতিৰ ঐতিহ্য বহনকাৰী এগৰাকী জাৰ্মান-ওলন্দাজ দিনপঞ্জী লেখিকা আছিল। ইহুদী গণহত্যাৰ বলি হোৱা লোকসকলৰ ভিতৰত সবাতোকৈ চৰ্চিত নামবোৰৰ অন্যতম হৈছে আনে' ফ্ৰাংক।
-
কাৰ্ল ফ্ৰিডৰিখ গাউছ
জ'হানন্ কাৰ্ল ফ্ৰিডৰিখ গাঊছ (; Gauß,; Carolus Fridericus Gauss) (৩০ এপ্ৰিল ১৭৭৭২৩ ফ্ৰেব্ৰুৱাৰী ১৮৫৫) এজন জাৰ্মান গণিতজ্ঞ আৰু পদাৰ্থ-বিজ্ঞানী আছিল যিজনে সংখ্যা-তত্ত্ব (number theory), বীজগণিত (algebra), পৰিসংখ্যা (statistics), গাণিতিক বিশ্লেষণ (mathematical analysis), differential geometry, geodesy,…
-
ক্লাউছ হেচেলমান
ক্লাউছ ফাৰ্ডিনাণ্ড হেচেলমান (Klaus Hasselmann, জন্ম: ২৫ অক্টোবৰ ১৯৩১) এগৰাকী জাৰ্মান সামুদ্ৰিক বিশেষজ্ঞ আৰু জলবায়ু আৰ্হিবিদ। তেওঁ হেমবাৰ্গ বিশ্ববিদ্যালয়ৰ এমিৰিটাছ অধ্যাপক আৰু মেক্স প্লেংক ইনষ্টিটিউট ফৰ মেটৰিঅ'লজিৰ প্ৰাক্তন সঞ্চালক।
-
মাৰ্টিন ওম
মাৰ্টিন ওম (৬ মে', ১৭৯২, আৰ্লাংগেন – ১ এপ্ৰিল, ১৮৭২, বাৰ্লিন) এজন জাৰ্মান গণিতজ্ঞ আছিল। তেওঁ পদাৰ্থ বিজ্ঞানী গিয়ৰ্গ ছিমন ওমৰ সৰু ভায়েক।
-
ৰেইনহাৰ্ড গেনজেল
ৰেইনহাৰ্ড গেনজেল (Reinhard Genzel; জন্ম: ২৪ মাৰ্চ ১৯৫২) এগৰাকী জাৰ্মান জ্যোতিৰ্পদাৰ্থ বিজ্ঞানী। তেওঁ বৰ্তমান মেক্সপ্লেংক বৰ্হিজাগতিক পদাৰ্থ বিজ্ঞান প্ৰতিষ্ঠানৰ সহযোগী সঞ্চালক।
-
আৰ্টোৰ শ্ব'পেনহাৱাৰ
আৰ্টোৰ শ্ব'পেনহাৱাৰ ((, ) ঊনবিংশ শতিকাৰ এগৰাকী জাৰ্মান দাৰ্শনিক। তেওঁৰ আতাইতকৈ ইখ্যাত কৰ্ম হ'ল ১৮১৮ চনত প্ৰকাশিত আৰু ১৮৪৪ চনত বিস্তাৰিত দ্য ৱৰ্লড এজ ৱিল এণ্ড ৰিপ্ৰেজেণ্টেশ্যন। এই কৰ্মত তেওঁ দৃশ্য জগতক এক অন্ধ তাত্ত্বিক ইচ্ছাৰ ফল বুলি যুক্তি দাঙি ধৰিছে।
-
এলব্ৰেখট ড্যুৰাৰ
এলব্ৰেখট ড্যুৰাৰ (Albrecht Dürer) (; ২১ মে, ১৪৭১– ৬ এপ্ৰিল, ১৫২৮) এগৰাকী জাৰ্মান চিত্ৰশিল্পী তথা গণিতজ্ঞ। তেওঁৰ অতি উচ্চপৰ্য্যায়ৰ কাঠত খোদিত শিল্পকলাসমূহৰ বাবে বিশ বছৰ বয়সতে তেওঁ সমগ্ৰ ইউৰোপতে প্ৰসিদ্ধ হৈ পৰে। বৰ্তমান এই শিল্পসমূহ Meisterstiche নামেৰে প্ৰসিদ্ধ।
-
চেমুৱেল হ্যানিমেন
খ্ৰীষ্টিয়ান ফিড্ৰিখ চেমুৱেল হ্যানিমেন (; ১০ এপ্ৰিল ১৭৫৫ – ২ জুলাই ১৮৪৩) আছিল এগৰাকী জাৰ্মান চিকিৎসাবিদ তথা হোমিঅ’পেথি নামৰ বিকল্প চিকিৎসা পদ্ধতিৰ জনক।
-
থমাছ মান
থমাছ মান (Thomas Mann) হৈছে এগৰাকী জাৰ্মানী কথাশিল্পী। ১৯ বছৰ বয়সতে তেওঁ মিউনিকৰ বিখ্যাত পত্ৰিকাসমূহত গল্প লিখিছিল। জাৰ্মান সাহিত্য শাখাৰ উপদেষ্টাৰূপে তেওঁক লাইব্ৰেৰী অব কংগ্ৰেছৰ ফেলো নিযুক্তি দিয়া হৈছিল।
-
ফ্ৰেণ্ডলিব ফাৰ্ডিনাণ্ড ৰংগ
ফ্ৰেণ্ডলিব ফাৰ্ডিনাণ্ড ৰংগ (৮ ফেব্ৰুৱাৰী ১৭৯৪ - ২৫ মাৰ্চ ১৮৬৭) এগৰাকী জাৰ্মান বিশ্লেষণ ৰসায়ন বিজ্ঞানী। তেওঁ চকুৰ পিউপিলৰ বিস্তাৰণ চিনাক্ত কৰিছিল। ইয়াৰ লগতে তেওঁ বেলাডনা গছৰ ৰসৰ কাৰ্য, চাহ আৰু কফিত থকা কেফাইনৰ চিনাক্ত আৰু প্ৰবালৰ পৰা প্ৰথম এনিলিন ব্লু নামৰ নীলা ৰঞ্জক পদাৰ্থ নিষ্কাশন কৰিছিল।
-
বাৰ্নহাৰ্ড ৰিমান
জৰ্জ ফ্ৰিডৰিখ বাৰ্নহাৰ্ড ৰিমান (ছেপ্তেম্বৰ ১৭, ১৮২৬ – জুলাই ২০, ১৮৬৬) এজন প্ৰভাৱশালী জাৰ্মান গণিতজ্ঞ আছিল। গাণিতিক বিশ্লেষণ, সংখ্যা-তত্ত্ব আৰু অৱকলজীয় জ্যামিতিলৈ তেওঁ চিৰকলীয়া অৱদান আগবঢ়াই থৈ গৈছে। তেওঁৰে আৱিস্কাৰ ৰিমান জ্যামিতি পিছলৈ আইনষ্টাইনৰ সাধাৰণ আপেক্ষিকতাবাদৰ গাণিতিক ভেঁটি হয়গৈ।
-
বেঞ্জামিন লিষ্ট
বেঞ্জামিন লিষ্ট (Benjamin List; জন্ম: ১১ জানুৱাৰী, ১৯৬৪) এজন জাৰ্মান ৰসায়নবিদ আৰু মেক্স প্লেংক ইনষ্টিটিউট ফৰ কোল ৰিচাৰ্ছৰ সঞ্চালক। ২০২১ চনৰ ৬ অক্টোবৰ তাৰিখে তেওঁক ডেভিদ মেকমিলানৰ সৈতে যুটীয়া ভাৱে "অসমমিত জৈৱঅনুঘটকৰ বিকাশৰ বাবে" ৰসায়ন বিজ্ঞানৰ ন'বেল বঁটা প্ৰদান কৰা হয়।
-
মাৰ্লিন ডিট্ৰিস
মাৰ্লিন ডিট্ৰিস (Marlene Dietrich,; ২৭ ডিচেম্বৰ ১৯০১ – ৬ মে' ১৯৯২) আছিল এগৰাকী জাৰ্মান-আমেৰিকান অভিনেত্ৰী আৰু গায়িকা। নিজৰ দীৰ্ঘ কৰ্মজীৱনত পেছদাৰীভাৱে আৰু চৰিত্ৰগতভাৱে ন-ন উপায়েৰে নিজকে চিনাকী দি ডিট্ৰিস জনপ্ৰিয় হৈ ৰৈছিল। ১৯২০ৰ সময়ছোৱাত বাৰ্লিনত তেওঁ মঞ্চ আৰু অবাক চলচ্চিত্ৰত অভিনয় কৰিছিল।
-
য়'হানেছ গুটন্বাৰ্গ
জ'হানেছ গুটন্বাৰ্গ, সম্পূৰ্ণ নাম Johannes Gensfleisch zur Laden zum Gutenberg ( আনুমানিক ১৩৯৮ – ৩ ফেব্ৰুৱাৰী, ১৪৬৮) এজন জাৰ্মান কমাৰ, সোণাৰী, মুদ্ৰক আৰু প্ৰকাশক আছিল। তেৱেঁই ইউৰোপত মুদ্ৰণৰ আৰম্ভণি কৰিছিল।
-
জোহান চেবাষ্টিয়ান বাক
জোহান চেবাষ্টিয়ান বাখ (Johann Sebastian Bach; ২১ মাৰ্চ, ১৬৮৫ – জুলাই ২৮, ১৭৫০) বাৰোক যুগৰ এজন জাৰ্মান ৰচয়িতা আছিল। তেওঁক পশ্চিমীয়া ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ সংগীতজ্ঞ হিচাপে গণ্য কৰা হয়।
-
থিয়ডৰ হাৰ্টিগ
থিয়ডৰ হাৰ্টিগ ( Theodor Hartig; ২১ ফেব্ৰুৱাৰী ১৮০৫ – ২৬ মাৰ্চ ১৮৮০) এজন জাৰ্মান বন জীৱবিজ্ঞানী আৰু উদ্ভিদবিদ।
-
ফাৰ্ডিনাণ্ড লাচালে
ফাৰ্ডিনাণ্ড জ'হান গটলিয়েব লাচালে (Ferdinand Johann Gottlieb Lassalle; (১১ এপ্ৰিল ১৮২৫ - ৩১ আগষ্ট ১৮৬৪) আছিল জাৰ্মানীৰ এজন বিচাৰক, দাৰ্শনিক, তথা সমাজতান্ত্ৰিক ৰাজনৈতিক কৰ্মী. তেওঁক জাৰ্মানীত এজন আন্তৰ্জাতিক আৰ্হিৰ সমাজ পৰিৱৰ্তনকাৰীৰ ৰূপত চোৱা হয়।
-
য়'হান গটলীব ফিশট্য
য়'হান গটলীব ফিশট্য (Johann Gottlieb Fichte,; ১৯ মে ১৭৬২ – ২৯ জানুৱাৰী ১৮১৪) আছিল এজন জাৰ্মান দাৰ্শনিক, যি জাৰ্মান আদৰ্শবাদৰ এজন প্ৰতিষ্ঠাপক ব্যক্তিত্ব হৈ পৰিছিল। এই জাৰ্মান ভাৱবাদ ইমানুৱেল কাণ্টৰ তাত্ত্বিক আৰু নৈতিক লেখাসমূহৰ পৰা বিকশিত হৈছিল।
-
অটিলি বাডাৰ
অটিলি বাডাৰ (৩০ মে' ১৮৪৭–২৪ জুলাই ১৯২৫) এগৰাকী জাৰ্মান মহিলা অধিকাৰ কৰ্মী আৰু সমাজবাদী আছিল। ১৯০০ চনৰপৰা ১৯০৮ চনলৈ তেওঁ জাৰ্মানীৰ সমাজ গণতান্ত্ৰিক পাৰ্টিৰ কেন্দ্ৰীয় বিশ্বাসভাজন প্ৰতিনিধি (জেণ্ট্ৰালফেৰট্ৰাউএনছপাৰছোন) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
অটো ৱন বিজমাৰ্ক
অটো ৱন বিজমাৰ্ক (১ এপ্ৰিল ১৮১৫ – ৩০ জুলাই ১৮৯৮) এজন জাৰ্মান ৰাষ্ট্ৰনেতা আৰু কূটনীতিবিদ যিয়ে জাৰ্মানীৰ একত্ৰীকৰণৰ তদাৰক কৰিছিল আৰু ইয়াৰ প্ৰথম হিচাপে কাম কৰিছিল ১৮৭১ চনৰ পৰা ১৮৯০ চনলৈকে।
-
চু পেই
চু পেই (ইংৰাজী: Xu Pei; জন্ম: ১৯৬৬) এগৰাকী চীনত জন্মগ্ৰহণ কৰা জাৰ্মান কবি, লেখিকা আৰু মানৱ অধিকাৰ কৰ্মী। ছিচুয়ানত জন্মগ্ৰহণ কৰা চুই ১৯৮৮ চনত চীন ত্যাগ কৰে আৰু জাৰ্মানীত অধ্যয়ন কৰে। চুৱে ২০০৪ চনত জাৰ্মান নাগৰিকত্ব লাভ কৰে আৰু বৰ্তমান জাৰ্মানীৰ কলনত বাস কৰে।
-
চুজান বাৰ্নাৰ্ট
চুজান বাৰ্নাৰ্ট (ইংৰাজী: Suzanne Bernert; জন্ম: ২৬ ছেপ্টেম্বৰ) এগৰাকী ভাৰতত বসবাস কৰা জাৰ্মান অভিনেত্ৰী যিয়ে বিভিন্ন ভাষাত ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন উদ্যোগত কাম কৰে। তেওঁ হিন্দী দূৰদৰ্শন উদ্যোগত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা প্ৰথমগৰাকী বিদেশী অভিনেত্ৰী।