জাৰ্মানীৰ ব্যক্তি
৪২ প্ৰবন্ধ
-
ছেক্সী ক'ৰা
ছেক্সী ক'ৰা (ইংৰাজী: Sexy Cora; জন্মতে: কেৰোলিন এবাৰ্ট, চৰকাৰী নাম: কেৰোলিন ৱাচনিটজা; ২ মে' ১৯৮৭ – ২০ জানুৱাৰী ২০১১) এগৰাকী জাৰ্মান পৰ্ণগ্ৰাফিক অভিনেত্ৰী, মডেল, গায়িকা আৰু ৰিয়েলিটী শ্ব'ৰ অংশগ্ৰহণকাৰী আছিল। তেওঁ টিম ৱাচনিটজাৰ পত্নী আছিল। ক'ৰাৰ জন্ম পশ্চিম বাৰ্লিনত হৈছিল।
-
জালাচট চাদাত
জালাচট চাদাত (ইংৰাজী: Zallascht Sadat; জন্ম: ১২ এপ্ৰিল ১৯৮৬) এগৰাকী আফগান-জাৰ্মান মডেল যিয়ে শেহতীয়া বছৰবোৰত কেইবাটাও সৌন্দৰ্য প্ৰতিযোগিতাত জয়লাভ কৰিছে। তেওঁৰ আটাইতকৈ শেহতীয়া বিজয় আছিল মিছ গ্ল’ব ২০১২ খিতাপ।
-
জোহানা ৱেলিন
জোহানা ৱেলিন ( Johanna Welin; জন্ম: ২৪ জুন ১৯৮৪) এগৰাকী ছুইডেনত জন্মগ্ৰহণ কৰা জাৰ্মান ২.০ পইণ্ট হুইলচেয়াৰ বাস্কেটবল খেলুৱৈ। তেওঁ জাৰ্মান হুইলচেয়াৰ বাস্কেটবল লীগত ইউ এছ চি মিউনিখৰ হৈ খেলিছিল আৰু ২০১২ চনত লণ্ডনত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন পেৰালিম্পিকত সোণৰ পদক লাভ কৰা জাতীয় দলটোৰ হৈ খেলিছিল, ইয়াৰ…
-
জোহানেচ ব্ৰাম্স
জোহানেচ ব্ৰাম্স (Johannes Brahms; ৭ মে' ১৮৩৩ – ৩ এপ্ৰিল ১৮৯৭) এগৰাকী জাৰ্মান সংগীতজ্ঞ, গীতিকাৰ আৰু পিয়ানিষ্ট আছিল। তেওঁ ৰোমান্যুটিক গৰ অন্যতম সৰ্বশ্ৰেষ্ঠ সংগীতকাৰ হিচাপে পৰিগণিত, আৰু Ludwig van Beethoven-ৰ পৰৱৰ্তী সময়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কণ্ঠ আৰু বাদ্য সংগীতৰ সৃষ্টিকৰ্তাসকলৰ ভিতৰত এজন আছিল।
-
জৰ্জ ফেড্ৰিক হাণ্ডেল
জৰ্জ ফেড্ৰিক হাণ্ডেল (Georg Friedrich Händel; ২৩ ফেব্ৰুৱাৰী ১৬৮৫ – ১৪ এপ্ৰিল ১৭৫৯) আছিল এগৰাকী জাৰ্মান-আংলিক গীতিকাৰ, যিয়ে মূলত বাৰোক যুগত অপেৰা, অৰাট’ৰিয়’, আৰু অৰ্গেন সংগীতত প্ৰভাৱ বিস্তাৰ কৰিছিল। তেওঁ ব্ৰিটেইনৰ নাগৰিকত্ব গ্ৰহণ কৰিছিল আৰু লণ্ডনত তেওঁৰ সংগীতিক জীৱনৰ বৃহৎ অংশ অতিবাহিত কৰিছিল।
-
নিনা হচ
নিনা হচ (জাৰ্মান: Nina Hoss; জন্ম: ৭ জুলাই ১৯৭৫) এগৰাকী জাৰ্মান মঞ্চ, চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী। পৰিচালক ক্ৰীষ্টিয়ান পেটজোল্ডৰ সৈতে তেওঁৰ সহযোগিতা তথা তেওঁলোকৰ ছবি 'বাৰ্বৰা' (২০১২) আৰু 'ফিনিক্স' (২০১৪) আদিৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।
-
নিৰোদ কুমাৰ বৰুৱা
ড° নিৰোদ কুমাৰ বৰুৱা এগৰাকী অসমীয়া ইতিহাসবিদ। বিগত শতিকাৰ তথা গোপীনাথ বৰদলৈৰ সময়ৰ অসমৰ ইতিহাস অধ্যয়নৰ ক্ষেত্ৰত তেখেত এজন লেখত ল’বলগীয়া ব্যক্তি। ১৯৩৬ চনত অসমৰ নগাঁৱত জন্মগ্ৰহণ কৰা বৰুৱাই কটন কলেজ আৰু বেনাৰস হিন্দু বিশ্ব বিদ্যালয়ত অধ্যয়ন কৰিছিল।
-
ফ্ৰাংকা পটেণ্টে
ফ্ৰাংকা পটেণ্টে (ইংৰাজী: Franka Potente; জন্ম: ২২ জুলাই, ১৯৭৪) এগৰাকী জাৰ্মান অভিনেত্ৰী। তেওঁ প্ৰথমবাৰৰ বাবে কমেডী ছবি আফটাৰ ফাইভ ইন দ্য ফৰেষ্ট প্ৰাইমেভাল (১৯৯৫)-ত অভিনয় কৰিছিল, যাৰ বাবে তেওঁ শ্ৰেষ্ঠ যুৱ অভিনেত্ৰীৰ বাভেৰিয়ান ফিল্ম এৱাৰ্ড লাভ কৰে।
-
বৰবেৰা বুশ্বে
বৰবেৰা বুশ্বে (ইংৰাজী: Barbara Bouchet; জন্ম: বেৰ্বেল গুটশ্বাৰ; ১৫ আগষ্ট ১৯৪৩) এগৰাকী জাৰ্মান-ইটালিয়ান অভিনেত্ৰী, নৰ্তকী আৰু মডেল, যি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইটালীত সক্ৰিয়। তেওঁক ১৯৬০ আৰু ১৯৭০ দশকৰ বি মুভি বা ধাৰাবাহিক চলচ্চিত্ৰসমূহৰ এগৰাকী ছেক্স চিম্বল হিচাপে গণ্য কৰা হয়।
-
লি ঝাওপিং
লি ঝাওপিং (চীনা: 李兆平; জন্ম ১৯৬৪) এগৰাকী চীনা গণনামূলক স্নায়ুবিজ্ঞানী। তেওঁ বৰ্তমানে জাৰ্মানীৰ ট্যুবিংগেন বিশ্ববিদ্যালয়ত অধ্যাপিকা আৰু মেক্স প্লাংক ইনষ্টিটিউট ফৰ বায়’লজিকেল চাইবাৰনেটিক্সত ইন্দ্ৰিয় আৰু সেন্সৰিমটৰ ব্যৱস্থা বিভাগৰ মুৰব্বী হিচাপে কৰ্মৰত।
-
ৰুবী অ' ফী
ৰুবী মুনষ্টোন কেমিলা উইলো ফী (ইংৰাজী: Ruby Moonstone Camilla Willow Fee; জন্ম: ৭ ফেব্ৰুৱাৰী ১৯৯৬) এগৰাকী জাৰ্মান অভিনেত্ৰী।
-
ৱিলহেল্ম ৱুণ্ট
ৱিলহেল্ম মাক্সিমিলিয়ান ৱুণ্ট (Wilhelm Maximilian Wundt,;; ১৬ আগষ্ট ১৮৩২ – ৩১ আগষ্ট ১৯২০) আছিল এগৰাকী জাৰ্মান চিকিৎসক, দাৰ্শনিক, অধ্যাপক আৰু আধুনিক মনোবিজ্ঞানৰ অন্যতম পিতৃপুৰুষ।