অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মাৰ্লিন ডিট্ৰিস

মাৰ্লিন ডিট্ৰিস (Marlene Dietrich,; ২৭ ডিচেম্বৰ ১৯০১ – ৬ মে' ১৯৯২) আছিল এগৰাকী জাৰ্মান-আমেৰিকান অভিনেত্ৰী আৰু গায়িকা। নিজৰ দীৰ্ঘ কৰ্মজীৱনত পেছদাৰীভাৱে আৰু চৰিত্ৰগতভাৱে ন-ন উপায়েৰে নিজকে চিনাকী দি ডিট্ৰিস জনপ্ৰিয় হৈ ৰৈছিল। ১৯২০ৰ সময়ছোৱাত বাৰ্লিনত তেওঁ মঞ্চ আৰু অবাক চলচ্চিত্ৰত অভিনয় কৰিছিল।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ৫৬৫ শব্দ · ৩ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

মাৰ্লিন ডিট্ৰিস (Marlene Dietrich,; ২৭ ডিচেম্বৰ ১৯০১ – ৬ মে' ১৯৯২)১ আছিল এগৰাকী জাৰ্মান-আমেৰিকান অভিনেত্ৰী আৰু গায়িকা।

নিজৰ দীৰ্ঘ কৰ্মজীৱনত পেছদাৰীভাৱে আৰু চৰিত্ৰগতভাৱে ন-ন উপায়েৰে নিজকে চিনাকী দি ডিট্ৰিস জনপ্ৰিয় হৈ ৰৈছিল। ১৯২০ৰ সময়ছোৱাত বাৰ্লিনত তেওঁ মঞ্চ আৰু অবাক চলচ্চিত্ৰত অভিনয় কৰিছিল। জ'চেফ ভন ষ্টাৰ্নবাৰ্গ পৰিচালিত "দা ব্লু এঞ্জেল" চলচ্চিত্ৰৰ "ল'লা-ল'লা" চৰিত্ৰই মাৰ্লিনলৈ আন্তৰ্জাতিক খ্যাতি কঢ়িয়াই আনে আৰু তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাৰামাউণ্ট পিক্‌চাৰ্ছৰ লগত চুক্তিবদ্ধ হয়। "চাংহাই এক্সপ্ৰেছ" আৰু "ডিজায়াৰ"ৰ দৰে হলিউডৰ চলচ্চিত্ৰত তেওঁৰ সৌন্দৰ্য আৰু গ্লেমাৰক প্ৰাধান্য দিয়া হৈছিল। এইবোৰ ছবিৰ পিছতে মাৰ্লিন সেই যুগৰ এগৰাকী অন্যতম তাৰকা শিল্পী আৰু সৰ্বোচ্চ পাৰিতোষিক পাওঁতাৰূপে পৰিগণিত হয়। ১৯৩৭ চনত ডিট্ৰিসে আমেৰিকাৰ নাগৰিকত্ব গ্ৰহণ কৰে২। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাতো তেওঁৰ জনপ্ৰিয়তা অটুট আছিল। যদিও যুদ্ধোত্তৰ কালত তেওঁ মাজে-সময়ে ছবিত অভিনয় কৰিছিল, ১৯৫০ৰ পৰা ১৯৭০ চনৰ কালছোৱাত বিশ্বজুৰি সফল অনুষ্ঠান পৰিবেশনেৰেহে ডিট্ৰিসে বেছিভাগ সময় কটাইছিল।

১৯৯৯ চনত আমেৰিকা চলচ্চিত্ৰ প্ৰতিষ্ঠানে ( American Film Institute) ডিট্ৰিসক "সৰ্বকালৰ শ্ৰেষ্ঠ মহিলা তাৰকা শিল্পী" হিছাপে অভিহিত কৰে।

জীৱন

ডিট্ৰিসৰ জন্ম হৈছিল ১৯০১ চনত জাৰ্মানিৰ বাৰ্লিনত৷৩ এওঁ ১৯০৭-১৯১৭ চনত অগষ্টা-ভিক্টোৰিয়া বালিকা বিদ্যালয় (Auguste-Viktoria girls school)ত শিক্ষাগ্ৰহণ কৰে৷ ইয়াৰ পৰৱৰ্ত্তী বৰ্ষত ডিট্ৰিসে 'Goethe-Gymnasium Berlin-Wilmersdorf' ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷৪ বিদ্যালয়ত পঢ়ি থকা দিনতে ডিট্ৰিস ভায়লিনৰ প্ৰতি আকৰ্ষিত হয় ইয়াৰ লগে লগে তেওঁ নাটকতো অংশগ্ৰহণ কৰিবলৈ লয়৷ বিভিন্ন বোলছবিত প্ৰথমে সমূহীয়া নৃত্য আদিত অংশ লোৱাৰ পিছত ডিট্ৰিসে ১৯২৩ চনত অৱশেষত The Little Napoleon নামৰ বোলছবিখনত এটা সৰু চৰিত্ৰত অভিনয় কৰাৰ সুযোগ লাভ কৰে৷৫৷ ১৯২৯ চনত ডিট্ৰিসে 'The Blue Angel নামৰ বোলছৱিত ল'লা-ল'লা নামৰ এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰে আৰু ইয়াৰ যোগেদিয়ে এওঁ অভিনেত্ৰীৰূপে যথেষ্ট খ্যাতি লাভ কৰে৷

accessdate=2012-09-11}}</ref>
accessdate=2012-09-11}}</ref>ছবি: Paul Cwojdzinski · CC BY-SA 3.0 de

অৱদান

উল্লেখযোগ্য চৰিত্ৰ ৰূপায়ণ:

  • Lux Radio Theater: The Legionnaire and the Lady opposite Clark Gable (1 August 1936)
  • Lux Radio Theater: Desire opposite Herbert Marshall (22 July 1937)
  • Lux Radio Theater: song of Songs opposite Douglas Fairbanks, Jr (20 December 1937)
  • The Chase and Sanborn Program with Edgar Bergen and Don Ameche (2 June 1938)
  • Lux Radio Theater: Manpower opposite Edward G Robinson and George Raft (15 March 1942)
  • The Gulf Screen Guild Theater: Pittsburgh opposite John Wayne (12 April 1943)
  • Theatre Guild on the Air: Grand Hotel opposite Ray Milland (24 March 1948)
  • Studio One: Arabesque (29 June 1948)
  • Theatre Guild on the Air: The Letter opposite Walter Pidgeon (3 October 1948)
  • Ford Radio Theater: Madame Bovary opposite Claude Rains (8 October 1948)
  • Screen Director's Playhouse: A Foreign Affair opposite Rosalind Russell and John Lund (5 March 1949)
  • MGM Theatre of the Air: Anna Karenina (9 December 1949)
  • MGM Theatre of the Air: Camille (6 June 1950)
  • Lux Radio Theater: No Highway in the Sky opposite James stewart (21 April 1952)
  • Screen Director's Playhouse: A Foreign Affair opposite Lucille Ball and John Lund (1 March 1951)
  • The Big Show starring Tallulah Bankhead (2 October 1951)
  • The Child, with Godfrey Kenton, radio play by Shirley Jenkins, produced by Richard Imison for the BBC on 18 August 1965

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Flint, Peter B. (1992-05-07). Marlene Dietrich, 90, Symbol of Glamour, Dies. The New York Times
  2. ↑ www.marlene.com/bio.html . N.B. This date requires further review: some sources quote 1939
  3. ↑ Bach, Steven. Marlene Dietrich: Life and Legend. University of Minnesota Press, 2011, p. 19
  4. ↑ Bach 1992, p. 20
  5. ↑ Bach 1992, p. 491

সম্পৰ্কিত শ্ৰেণী

হলিউড অভিনেত্ৰীজাৰ্মানীৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাৰ্লিন ডিট্ৰিস” প্ৰবন্ধৰ সংশোধন ৬৩৭৬৬৮ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।