ৱাৰ্নাৰ কাৰ্ল হাইজেনবাৰ্গ (Werner Karl Heisenberg; ৫ ডিচেম্বৰ, ১৯০১- ১ ফেব্ৰুৱাৰী, ১৯৭৬) হৈছে ন'বেল বঁটা প্ৰাপ্ত এজন জাৰ্মান ত্বাত্তিক পদাৰ্থবিজ্ঞানী আৰু বিজ্ঞানৰ কোৱাণ্টাম বলবিজ্ঞান (quantum mechanics) ভাগটোৰ এজন গুৰুত্বপূৰ্ণ অৱদনকাৰী তথা সৃষ্টকৰ্তা। তেওঁ ১৯২৫ চনত গৱেষণা পত্ৰ প্ৰকাশ কৰিছিল আৰু মেক্স বৰ্ন (Max Born) আৰু পাস্কুয়াল জৰ্ডানৰ (Pascual Jordan) সৈতে কোৱাণ্টাম বলবিজ্ঞানৰ মেট্ৰিস্ক ভিত্তি ব্যাখ্যা কৰিছিল। ১৯২৭ চনত হাইজেনবাৰ্গে তেওঁৰ বিখ্যাত অনিশ্চয়তাৰ সূত্ৰ (Uncertainty Principle) প্ৰকাশ কৰে। ১৯৩২ চনত কোৱাণ্টাম বলবিজ্ঞানৰ উদ্ভাৱনৰ বাবে তেওঁক পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা প্ৰদান কৰা হয়।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱাৰ্নাৰ হাইজেনবাৰ্গ” প্ৰবন্ধৰ সংশোধন ২৯৬৯৫৬ (১৫ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।