জাপানৰ ব্যক্তি
৩৩ প্ৰবন্ধ
-
আকিৰা কুৰোছাৱা
আকিৰা কুৰোছাৱা (Akira Kurosawa জন্ম:২৩ মাৰ্চ, ১৯১০ -- মৃত্যু: ৬ ছেপ্টেম্বৰ, ১৯৮৮), জাপানৰ চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, চিত্ৰনাট্যকাৰ আৰু সম্পাদক। জাপানৰ চলচিত্ৰক বিশ্বদৰবাৰত পৰিচয় কৰাই দিয়াৰ উপৰিও বিশ্বৰ চিনেমা ইতিহাসত কুৰোছাৱা এটা লেখত লবলগীয়া নাম।
-
আকিৰা য়শ্বিন'
আকিৰা য়শ্বিন এগৰাকী জাপানী ৰসায়নবিদ। তেওঁ বৰ্তমান আছাহি কাছেই সংগঠনৰ সদস্য আৰু মেইজ' বিশ্ববিদ্যালয়ৰ অধ্যাপক। তেওঁ লিথিয়াম আয়ন বেটেৰীৰ উদ্ভাৱক। এই বেটেৰী বৰ্তমান ম'বাইল ফোন, নোটবুক, লেপটপ, গাড়ী ইত্যাদি সকলোতে ব্যৱহাৰ কৰা হয়। তেওঁ জন বেনিষ্টাৰ গুডএনাফ আৰু এম.
-
টাচুকু হঞ্জ'
টাচুকু হঞ্জ' Tasuku Honjo এজন জাপানীজ ৰোগ প্ৰতিৰোধ বিজ্ঞানী। তেওঁ বিশেষকৈ প্ৰগ্ৰেমড চেল ডেদ প্ৰটিন ১ আৱিষ্কাৰৰ বাবে বিখ্যাত। তেওঁ লগতে চাইট'কাইনিছৰ আণৱিক চিনাক্তকৰণ অৰ্থাৎ ইণ্টাৰলিউকিন ৪ আৰু ইণ্টাৰলিউকিন ৫, আৰু এক্টিভেচন ইনডিউছদ চাইটিদিন ডেমিনেছৰ আৱিষ্কাৰক হিচাপে জনাজাত।
-
নাৰুহিট'
নাৰুহিট (জাপানী ভাষাত: 徳仁, জন্ম: ২৩ ফেব্ৰুৱাৰী ১৯৬০) জাপানৰ সম্ৰাট। তেওঁ ক্ৰিচেণ্টিমাম সিংহাসনত আসীন হৈছিল ২০১৯ চনৰ ১ মে' তাৰিখে। তেওঁৰ শাসন কালৰ পৰাই জাপানৰ ৰেইৱা কালৰ আৰম্ভণি হৈছে। তেওঁৰ পিতৃ আকিহিট'ই জীৱিতাৱস্থাতেই ৰাজ্যভাৰ ত্যাগ কৰিছিল, যাৰ পাছত নাৰুহিট'ই তেওঁৰ পিতৃৰ পদবী গ্ৰহণ কৰিছিল।
-
চুছুমু কিটাগাৱা
চুছুমু কিটাগাৱা (Susumu Kitagawa; জন্ম: ৪ জুলাই ১৯৫১) সমন্বয় ৰসায়ন বিজ্ঞানত বিশেষজ্ঞ জাপানী ৰসায়নবিদ৷ তেওঁ জৈৱিক–অজৈৱিক সংকৰ যৌগ আৰু ছিদ্ৰযুক্ত সমন্বয় পলিমাৰৰ ৰাসায়নিক আৰু ভৌতিক ধৰ্ম, বিশেষকৈ ধাতু-জৈৱিক কাঠামোৰ ওপৰত গৱেষণা কৰে।
-
জিম্মু
সম্ৰাট জিম্মু বা জিম্মু টেন্ন (জাপানী ভাষাত: 神武天皇) জাপানৰ প্ৰবাদপ্ৰতিম প্ৰথম সম্ৰাট, নিহন শ্বকি আৰু কজিকিৰ মতে। তেওঁ খ্ৰীষ্টপূৰ্ব ৬৬০ত জাপানৰ সিংহাসনত বিৰাজমান হৈছিল বুলি কোৱা হয়। জাপানী বিশ্বাস অনুযায়ী, তেওঁ সূৰ্যৰ জাপানী দেৱী আমাটাৰেচুৰ বংশধৰ, তেওঁৰ পৌত্ৰ নিনিগিৰ মাধ্যমেৰে।
-
তেৎছুকো কুৰ'য়ানাগি
{{Infobox person | name = তেৎছুকো কুৰ'য়ানাগি Tetsuko Kuroyanagi | image = Tetsuko Kuroyanagi cropped 1 Tetsuko Kuroyanagi 201511.jpg | alt = Tetsuko Kuroyanagi | caption = | native_name = 黒柳 徹子 | native_name_lang = ja | birth_name = | birth_date = ৯ আগষ্ট ১৯৩৩ | birth_place = টকিঅ' চহৰ, টকিঅ'…
-
শ্বিঞ্জ’ আবে
শ্বিঞ্জ’ আবে (২১ ছেপ্টেম্বৰ ১৯৫৪ – ৮ জুলাই ২০২২) জাপানৰ এগৰাকী ৰাজনীতিবিদ আছিল, যিয়ে ২০০৬ চনৰ পৰা ২০০৭ চনলৈকে, পুনৰ ২০১২ চনৰ পৰা ২০২০ চনলৈকে জাপানৰ প্ৰধানমন্ত্ৰী আৰু লিবাৰেল ডেম'ক্ৰেটিক পাৰ্টি (এল ডি পি)ৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
শ্বিমন ছাকাগুচি
শ্বিমন ছাকাগুচি (Shimon Sakaguchi; জন্ম: ১৯ জানুৱাৰী, ১৯৫১) এজন ৰোগপ্ৰতিৰোধ বিজ্ঞানী আৰু ওছাকা বিশ্ববিদ্যালয়ৰ বিশিষ্ট অধ্যাপক। নিয়ন্ত্ৰক টি কোষৰ আৱিষ্কাৰ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাত ইয়াৰ ভূমিকা বৰ্ণনা কৰাৰ বাবে তেওঁ অধিক পৰিচিত। এই আৱিষ্কাৰ কৰ্কট আৰু স্ব-প্ৰতিৰোধী ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়।
-
কেই নিশিকোৰি
কেই নিশিকোৰি (Kei Nishikori) এজন জাপানী পেছাদাৰী টেনিছ খেলুৱৈ। তেওঁৰ জন্ম ২৯ ডিচেম্বৰ ১৯৮৯ চনত। তেওঁ দ্বিতীয় পুৰুষ জাপানী খেলুৱৈ যি একক (জিৰো চাটোৰ পিছত) শীৰ্ষ ৫ তম স্থান লাভ কৰিছে, আৰু অপেন যুগত এনে কৰা তেওঁ একমাত্ৰ খেলুৱৈ।
-
জুংক' টাবেই
জুংক' টাবেই এগৰাকী জাপানীজ পৰ্বতাৰোহী আছিল। তেওঁ পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা বিশ্বৰ প্ৰথম মহিলা। ইয়াৰ লগতে তেওঁ চেভেন চামিট অৰ্থাৎ বিশ্বৰ সপ্ত মহাদেশৰ প্ৰতিখনৰে সৰ্বোচ্চ স্থান আৰোহণ কৰা প্ৰথম গৰাকী মহিলা।
-
য়শ্বিনৰী অহচুমি
য়শ্বিনৰী অহচুমি (Yoshinori Ohsumi; 大隅 良典; জন্ম: ৯ ফেব্ৰুৱাৰী, ১৯৪৫) এজন জাপানী কোষ জীৱবিজ্ঞানী আৰু অট'ফেগী বিশেষজ্ঞ। অট'ফেগী (autophagy) মানে শৰীৰৰ কোষসমূহ নিজে নিজে ধংস হোৱা প্ৰৱণতা। তেওঁ জাপানৰ বিখ্যাত গৱেষণা প্ৰতিষ্ঠান টকিঅ' প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ অধ্যাপক।
-
হাৰুকি মুৰাকামি
হাৰুকি মুৰাকামি (Haruki Murakami) এগৰাকী প্ৰখ্যাত জাপানী লেখক তথা সমসাময়িক লেখক।
-
উটাকো হানাজোনো
উটাকো হানাজোনো (Utako Hanazono; জানুৱাৰী ১৯০৫ – ১৯৮২) আছিল এগৰাকী জাপানী লেখিকা, আধুনিক নৃত্যশিল্পী, গেইছা আৰু তেওঁৰ পিছৰ বছৰবোৰত টামাই হানাজোনো নামৰ জাপানীজ পৰম্পৰাগত নৃত্যৰ মাষ্টাৰ।
-
ওছামু দাজাই
{{Infobox person | name = ওছামু দাজাই | native_name = | native_name_lang = ja | image = Osamu Dazai.jpg | caption = ১৯৪৮ চনত ওছামু দাজাই | birth_name = শ্বোজি চুচিমা | birth_date = ১৯ জুন ১৯০৯ | birth_place = কানাগী, আনৰী, জাপান সম্ৰাজ্য | death_date = ১৩ জুন ১৯৪৮ | death_place = টকিঅ', এলাইড…
-
কাজুঅ' ইছিগুৰু
ছাৰ কাজুঅ’ ইছিগুৰু (Kazuo Ishiguro; জাপানীজ: 石黒 一雄; জন্ম ৮ নৱেম্বৰ ১৯৫৪) এগৰাকী জাপানী মূলৰ ব্ৰিটিছ ঔপন্যাসিক, চিত্ৰনাট্যকাৰ, সংগীতজ্ঞ আৰু চুটি গল্প লেখক। ২০১৭ চনত সাহিত্যৰ ন’বেল বঁটা প্ৰাপক ইছিগুৰু সমালোচকৰ দ্বাৰা আটাইতকৈ প্ৰশংসিত ইংৰাজী ভাষাৰ সমসাময়িক কথা সাহিত্যিকসকলৰ এগৰাকী।
-
কাটুশ্বিকা হ'কচাই
Katsushika Hokusai কাটুশ্বিকা হ'কচাই এগৰাকী খ্যাতনাম জাপানী চিত্ৰকৰ৷ টকিঅ'ত জন্ম গ্ৰহণ কৰা এইগৰাকী চিত্ৰকৰক তেওঁৰ জাপানৰ প্ৰখ্যাত 'woodblock printing' ৰে কৰা Thirty-six Views of Mount Fuji নামৰ চিত্ৰসমূহৰ বাবে বিশেষভাৱে জনা যায়৷ এই চিত্ৰসমূহ তেওঁ 'মাউন্ট ফুজি' পৰ্বতৰ প্ৰতি থকা আগ্ৰহ আৰু জাপানৰ…
-
কায়া চক্ৰৱৰ্তী
কায়া চক্ৰৱৰ্তী (ইংৰাজী: Kaya Chakrabortty; জাপানী: チャクラボルティ雅, Hepburn: Chakuraboruti Kaya; জন্ম: ৬ আগষ্ট, ২০০১) এগৰাকী জাপানী সুন্দৰী প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে ২০২৪ চনৰ মিছ ইউনিভাৰ্চ জাপান খিতাপ জয় কৰিছিল।
-
কিকুক' চুমুৰা
কিকুক' চুমুৰা (津村 記久子, Tsumura Kikuko) অ’ছাকাৰ এগৰাকী জাপানী লেখক। তেওঁ তেওঁৰ সাহিত্য কৰ্মৰ বাবে আকুটাগৱা প্ৰাইজ, দ্য নমা লিটাৰেৰী নিউ ফেচ প্ৰাইজ, দ্য ডাযাই অ’ছামু প্ৰাইজ, দ্য কাৱাবটা য়েচুনেৰি প্ৰাইজ আৰু অ’ডা চাকুন’চুকে প্ৰাইজকে ধৰি বহুসংখ্যক জাপানী সাহিত্য বঁটা লাভ কৰিছে।
-
কেঞ্জাবুৰো অয়ে
কেঞ্জাবুৰো অয়ে (Kenzaburō Ōe, 大江 健三郎, ৩১ জানুৱাৰী ১৯৩৫ – ৩ মাৰ্চ ২০২৩) এগৰাকী জাপানী লেখক আৰু সমসাময়িক জাপানী সাহিত্যৰ এগৰাকী উল্লেখযোগ্য ব্যক্তি। ফৰাচী আৰু আমেৰিকান সাহিত্য আৰু সাহিত্য তত্ত্বৰ দ্বাৰা শক্তিশালীভাৱে প্ৰভাৱিত তেওঁৰ উপন্যাস, চুটি গল্প আৰু প্ৰবন্ধসমূহে পাৰমাণৱিক অস্ত্ৰ, পাৰমাণৱিক…
-
চায়াকা মুৰাটা
চায়াকা মুৰাটা (村田沙耶香, Sayaka Murata; জন্ম:১৪ আগষ্ট, ১৯৭৯) বা মুৰাটা চায়াকা এগৰাকী জাপানী সাহিত্যিক। তেওঁ সাহিত্যৰ বাবে নতুন লেখকক প্ৰদান কৰা গুঞ্জ বঁটা, নমা সাহিত্য বঁটা, মিছিমা অ’কিঅ’ প্ৰাইজ আৰু আকুটাগৱা প্ৰাইজ লাভ কৰিছে।
-
চিছাকো কাকেহি
চিছাকো কাকেহি (জন্ম:২৮ নৱেম্বৰ, ১৯৪৬ চন– মৃত্যু: ২৬ ডিচেম্বৰ, ২০২৪ চন) এগৰাকী জাপানী ছিৰিয়েল কিলাৰ আছিল যিয়ে তেওঁৰ স্বামীকে ধৰি তিনিজন লোকক হত্যা কৰাৰ বাবে আৰু চতুৰ্থজনক হত্যাৰ চেষ্টা কৰাৰ বাবে মৃত্যুদণ্ডৰ শাস্তি লাভ কৰিছিল। তদুপৰি কমেও আন সাতজন লোকৰ মৃত্যুৰ ক্ষেত্ৰতো তেওঁকেই সন্দেহ কৰা হৈছিল।
-
জুনকো ওগাটা
জুনকো ওগাটা (জন্ম ২৫ ফেব্ৰুৱাৰী, ১৯৬২) এগৰাকী জাপানী ছিৰিয়েল কিলাৰ যিয়ে আন এজন ছিৰিয়েল কিলাৰ ফুটোছি মাটছুনাগাৰ সহযোগী হিচাপে কাম কৰিছিল।
-
টেৰুকো মিজুছিমা
টেৰুকো মিজুছিমা (১৯২০-১৯৯৬) এগৰাকী জাপানী গৃহিণী, লেখিকা, উদ্ভাৱক, সামাজিক মন্তব্যকাৰী আৰু কৰ্মী আছিল, যিয়ে ১৯৭৩ চনত বিশ্বৰ প্ৰথমবাৰৰ বাবে বেংক গঠন কৰাৰ কৃতিত্ব লাভ কৰে।
-
প্ৰিয়ংকা য়োশিকাৱা
প্ৰিয়ংকা য়োশিকাৱা (জন্ম: ২০ জানুৱাৰী, ১৯৯৪) জাপানী সৌন্দৰ্য প্ৰতিযোগিতাৰ এগৰাকী বিজয়ী, মডেল আৰু উদ্যোগী। তেওঁ ২০১৬ চনত মিছ ৱৰ্ল্ড জাপানৰ মুকুট অৰ্জন কৰিছিল। তেওঁ জাপানী আৰু বঙালী-ভাৰতীয় মিশ্ৰিত বংশোদ্ভূত।
-
মাছাকি চুদা
টাইশ্ব’ চুগো, পেচাগতভাৱে মাছাকি চুদা; ইংৰাজী: Masaki Suda নামেৰে পৰিচিত এজন জাপানী অভিনেতা আৰু গায়ক। তেওঁ ৱাইল্ডাৰনেছ চলচ্চিত্ৰখনত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ জাপান একাডেমী চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।
-
মাৎসু বাসো
মাৎসু বাসো (松尾 芭蕉; ১৬৪৪ – ২৮ নবেম্বৰ, ১৬৯৪) আছিল এডো যুগৰ আটাইতকৈ প্ৰসিদ্ধ জাপানী কবি। জন্মত তেওঁৰ নাম আছিল মাৎসু কিনছাকু (松尾 金作), আৰু পাছত মাৎসু চুয়েমন মুনেফুচা (松尾 忠右衛門 宗房) হিচাপে জনাজাত হৈছিল। জীৱিত অৱস্থাত বাসো মূলতঃ হাইকাই নো ৰেংগা নামৰ সহযোগিতামূলক কাব্যৰ বাবে জনাজাত আছিল।
-
মিচিয়ো চুজিমুৰা
মিচিয়ো চুজিমুৰা (Michiyo Tsujimura, 辻村みちよ, ১৭ ছেপ্টেম্বৰ ১৮৮৮ – ১ জুন ১৯৬৯) এগৰাকী জাপানী কৃষি বিজ্ঞানী আৰু জৈৱ ৰসায়নবিদ আছিল। তেওঁৰ গৱেষণাই সেউজীয়া চাহৰ উপাদানসমূহৰ ওপৰত গুৰুত্ব দিছিল। কৃষিক্ষেত্ৰত ডক্টৰেট ডিগ্ৰী লাভ কৰা তেওঁ জাপানৰ প্ৰথম গৰাকী মহিলা আছিল।
-
মিয়েক' কাৱাকামি
মিয়েক' কাৱাকামি (Mieko Kawakami; জন্ম: ২৯ আগষ্ট, ১৯৭৬) অ’ছাকাৰ এগৰাকী জাপানীজ লেখক আৰু কবি। সাহিত্যৰ কেইবাটাও ধাৰাত তেওঁ সন্মানীয় জাপানী সাহিত্য বঁটা লাভ কৰিছে।
-
য়'ক' টাৱাডা
য়'ক' টাৱাডা (多和田葉子 Tawada Yōko,, জন্ম ২৩ মাৰ্চ, ১৯৬০) বৰ্তমান জাৰ্মানীৰ বাৰ্লিনত বাস কৰা এগৰাকী জাপানী লেখক। তেওঁ জাপানী আৰু জাৰ্মান দুয়োটা ভাষাতে লিখে।