অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জুনকো ওগাটা

জুনকো ওগাটা (জন্ম ২৫ ফেব্ৰুৱাৰী, ১৯৬২) এগৰাকী জাপানী ছিৰিয়েল কিলাৰ যিয়ে আন এজন ছিৰিয়েল কিলাৰ ফুটোছি মাটছুনাগাৰ সহযোগী হিচাপে কাম কৰিছিল।

হালনাগাদ: ২৬ মাৰ্চ ২০২৬ ৩০১ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

জুনকো ওগাটা (জন্ম ২৫ ফেব্ৰুৱাৰী, ১৯৬২) এগৰাকী জাপানী ছিৰিয়েল কিলাৰ যিয়ে আন এজন ছিৰিয়েল কিলাৰ ফুটোছি মাটছুনাগাৰ সহযোগী হিচাপে কাম কৰিছিল।

প্ৰাথমিক জীৱন আৰু হত্যাকাণ্ড

জুনকো ওগাটাৰ জন্ম হৈছিল ফুক’কা প্ৰিফেকচাৰৰ কুৰুমেত আৰু ডাঙৰ-দীঘল হৈছিল এটা ধনী পৰিয়ালত। হাইস্কুলত তেওঁ মাটছুনাগাৰ স্কুলৰ সহযোগী আছিল যদিও তেওঁ ফুটোছিক ভালদৰে চিনি নাপালে, আৰু তেওঁ আন এখন স্কুললৈ বদলি হ’ল। জুনকো প্ৰথমে এগৰাকী কোমল ব্যক্তি আছিল আৰু প্ৰিস্কুলত চাকৰি পাইছিল যদিও ১৯৮২ চনত মাটছুনাগাৰ লগত ডেটিং আৰম্ভ কৰাৰ পাছত সলনি হৈছিল। মাটছুনাগাৰ লগত জড়িত নোহোৱালৈকে ওগাটা কুমাৰী হৈয়েই আছিল যদিও তেওঁ আন পুৰুষৰ লগত সম্পৰ্ক থকাৰ সন্দেহ কৰিছিল। সম্পৰ্কৰ সময়ছোৱাত জুনকো আৰু মটছুনাগাৰ দুটা পুত্ৰ সন্তান জন্ম হয়।

মাটছুনাগাই তেওঁক তীব্ৰ গালি-গালাজ কৰিছিল। তেওঁ জোৰ দি ক’লে যে জুনকোৰ মাকে তেওঁক পটাবলৈ চেষ্টা কৰিছিল, সেয়েহে তেওঁ তেওঁক গালি-গালাজ কৰিছিল, কিন্তু বিচাৰৰ সময়ত জুনকোৱে সন্দেহ কৰিবলৈ ধৰিলে যে মাটছুনাগাই তেওঁৰ মাকক ধৰ্ষণ কৰিছে। অৱশেষত তেওঁ নিজৰ হত্যাৰ পাশৱিকতাত জুনকোকো সহযোগী কৰি ল’লে। তাৰ প্ৰভাৱত জুনকো নিষ্ঠুৰ হৈ পৰিল। ১৯৯৬ চনৰপৰা ১৯৯৮ চনৰ ভিতৰত মাটছুনাগা আৰু ওগাটাই কমেও সাতজন লোকক হত্যা কৰিছিল। তেওঁলোকৰ ভুক্তভোগীৰ ভিতৰত আছিল কুমিও টৰয়া, তেওঁৰ পিতৃ-মাতৃ, তেওঁৰ ভগ্নী, তেওঁৰ ভনীয়েকৰ স্বামী আৰু তেওঁৰ ভতিজী আৰু ভতিজা।

গ্ৰেপ্তাৰ আৰু বিচাৰ

২০০২ চনৰ মাৰ্চ মাহত জুনকো ওগাটাক গ্ৰেপ্তাৰ কৰা হয়। জাপানী লেখক মাছায়োছি টয়োডাই তেওঁক সমৰ্থন কৰিছিল, আৰু ২০০৫ চনৰ নৱেম্বৰ মাহত প্ৰকাশিত তেওঁৰ কিতাপখনত বিচাৰৰ বিষয়ে সন্দেহৰ সৃষ্টি কৰিছিল। যেতিয়া তেওঁ প্ৰথমবাৰৰ বাবে জুনকোক লগ ধৰিবলৈ চেষ্টা কৰিছিল তেতিয়া তেওঁক কয়েদীজন হত্যাকাৰী হোৱাৰ বাবে অনুমতি দিয়া হোৱা নাছিল যদিও অৱশেষত ২০০৫ চনৰ ২৭ ছেপ্টেম্বৰত তেওঁক লগ ধৰিবলৈ দিয়া হৈছিল।

২০০৫ চনৰ ২৮ ছেপ্টেম্বৰত ফুক’কা জিলা আদালতত ওগাটাক মৃত্যুৰ শাস্তি দিয়া হয়, যিটো শাস্তি ১১ অক্টোবৰত তেওঁ আবেদন কৰে।১ আদালতে ছটা হত্যাকাণ্ডৰ বিচাৰ চলাইছিল আৰু তাইৰ পিতৃৰ মৃত্যুক নৃশংস হত্যা বুলি গণ্য কৰা হৈছিল। ২০০৭ চনৰ ২৬ ছেপ্টেম্বৰত ফুক'কাৰ উচ্চ ন্যায়ালয়ে তেওঁক মৃত্যুদণ্ড নাকচ কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।২ অভিযুক্তসকলে উচ্চতম ন্যায়ালয়ত আবেদন জনায়, যিয়ে আজীৱন কাৰাদণ্ড সংকীৰ্ণভাৱে সমৰ্থন কৰে।৩

তথ্যসূত্ৰ

  1. ↑ (2005-10-12). Killer of six appeals death sentence. The Japan Times
  2. ↑ (2007-09-27). Death sentence reduced for one of murderous pair. The Japan Times
  3. ↑ Woman evades death penalty in murder of 7 due to brutal abuse by mastermind of crimes - the Mainichi Daily News

সম্পৰ্কিত শ্ৰেণী

জাপানৰ ব্যক্তিমৃত্যুুদণ্ডপ্ৰাপ্ত মহিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জুনকো ওগাটা” প্ৰবন্ধৰ সংশোধন ৫৯৪৪৮৪ (২৬ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।