অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চুছুমু কিটাগাৱা

চুছুমু কিটাগাৱা (Susumu Kitagawa; জন্ম: ৪ জুলাই ১৯৫১) সমন্বয় ৰসায়ন বিজ্ঞানত বিশেষজ্ঞ জাপানী ৰসায়নবিদ৷ তেওঁ জৈৱিক–অজৈৱিক সংকৰ যৌগ আৰু ছিদ্ৰযুক্ত সমন্বয় পলিমাৰৰ ৰাসায়নিক আৰু ভৌতিক ধৰ্ম, বিশেষকৈ ধাতু-জৈৱিক কাঠামোৰ ওপৰত গৱেষণা কৰে।

হালনাগাদ: ২ মে’ ২০২৬ ৩৫২ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

চুছুমু কিটাগাৱা (Susumu Kitagawa; জন্ম: ৪ জুলাই ১৯৫১) সমন্বয় ৰসায়ন বিজ্ঞানত বিশেষজ্ঞ জাপানী ৰসায়নবিদ৷ তেওঁ জৈৱিক–অজৈৱিক সংকৰ যৌগ আৰু ছিদ্ৰযুক্ত সমন্বয় পলিমাৰৰ ৰাসায়নিক আৰু ভৌতিক ধৰ্ম, বিশেষকৈ ধাতু-জৈৱিক কাঠামোৰ ওপৰত গৱেষণা কৰে।১ তেওঁ সহ-প্ৰতিষ্ঠাপক কিয়’ট’ বিশ্ববিদ্যালয়ৰ ইনষ্টিটিউট ফৰ ইণ্টিগ্ৰেটেড চেল-মেটেৰিয়েল চাইন্সেছ (আইচিইএমএছ)ৰ বিশিষ্ট অধ্যাপক। ২০২৫ চনত ৰিচাৰ্ড ৰবছন আৰু ওমৰ এম য়াঘীৰ সৈতে ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।

জীৱন

শ্বিগেৰু ইশ্বিবাৰ সৈতে এখন অনলাইন বৈঠকত
শ্বিগেৰু ইশ্বিবাৰ সৈতে এখন অনলাইন বৈঠকতছবি: Cabinet Secretariat · CC BY 4.0

১৯৫১ চনৰ ৪ জুলাইত কিয়’ট’ত কিটাগাৱাৰ জন্ম হৈছিল।২

১‌৯৭৯ চনত কিয়’ট’ বিশ্ববিদ্যালয়ৰ পৰা হাইড্ৰ’কাৰ্বন ৰসায়ন বিজ্ঞানত কিটাগাৱাই পি এইচ ডি লাভ কৰে৷ তেওঁ একেটা প্ৰতিষ্ঠানতে স্নাতক অধ্যয়নো সম্পূৰ্ণ কৰে। সেই বছৰতে তেওঁ কিণ্ডাই বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপক হিচাপে নিযুক্তি লাভ কৰে আৰু ১৯৮৩ চনত প্ৰবক্তা আৰু ১৯৮৮ চনত সহযোগী অধ্যাপক হিচাপে পদোন্নতি লাভ কৰে।১৩

১৯৯২ চনত তেওঁ টকিঅ' মেট্ৰ'পলিটান বিশ্ববিদ্যালয়ত অজৈৱ ৰসায়ন বিজ্ঞানৰ তেওঁ অধ্যাপক হয়।১ ১৯৯৮ চনত তেওঁ কিয়'ট' বিশ্ববিদ্যালয়লৈ কৃত্ৰিম ৰসায়ন আৰু জৈৱ ৰসায়ন বিভাগৰ অজৈৱিক কাৰ্য্যকৰী ৰসায়ন বিজ্ঞানৰ অধ্যাপক হিচাপে ঘূৰি আহে।৩৪ ২০০৭ চনত তেওঁ ইনষ্টিটিউট ফৰ ইণ্টিগ্ৰেটেড চেল-মেটেৰিয়েল চাইন্সেছ [ja] (iCeMS)ৰ সহ-প্ৰতিষ্ঠাপক হয়, প্ৰতিষ্ঠাপক উপ-সঞ্চালক হিচাপে কাম কৰে, তাৰ পিছত ২০১৩ চনৰ পৰা ২০২৩ চনলৈকে পৰিচালক হিচাপে কাম কৰে।৫৬ ২০২৪ চনত তেওঁ কিয়'ট' বিশ্ববিদ্যালয়ৰ গৱেষণা প্ৰসাৰৰ কাৰ্যবাহী উপ-সভাপতি হিচাপে নিযুক্তি লাভ কৰে।৭

তেওঁৰ বহিঃৰাজ্যত শৈক্ষিক অভিজ্ঞতাৰ ভিতৰত টেক্সাছ এ এণ্ড এম বিশ্ববিদ্যালয়ত এফ এলবাৰ্ট কটনৰ সৈতে পোষ্ট ডক্টৰেট ফেল'শ্বিপ (১৯৮৬–১৯৮৭) আৰু নিউয়ৰ্কৰ চিটি ইউনিভাৰ্চিটিত অতিথি অধ্যাপক পদ (১৯৯৬) অন্যতম।১৪৮ ২০১৮ চনত মিউনিখৰ কাৰিকৰী বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে।৯

গৱেষণা

মাকোটো ফুজিটা (১৯৯৪) আৰু ওমৰ মোৱানেছ য়াঘীৰ (১৯৯৫) আৱিষ্কাৰৰ পিছত কিটাগাৱাই ১৯৯৭ চনত প্ৰমাণ কৰে যে সমন্বয় পলিমাৰ গঠনত গেছ শোষণ ধৰ্ম থাকে, যিটো কাৰ্য্যক্ষম ছিদ্ৰযুক্ত পদাৰ্থৰ বিকাশৰ বাবে এক মূল তথ্য।৪

তেওঁৰ আটাইতকৈ প্ৰভাৱশালী কৰ্মসমূহৰ ভিতৰত আছে:

  • ১৯৯৭ চনত সৰু অণু শোষণৰ বাবে এটা ছিদ্ৰযুক্ত সমন্বয় পলিমাৰ (MOF)ৰ ওপৰত এটা বীজগত প্ৰতিবেদন।১১০১১
  • ২০০৪ চনৰ কাৰ্য্যক্ষম ছিদ্ৰযুক্ত সমন্বয় পলিমাৰৰ প্ৰাৰম্ভিক পৰ্যালোচনা।১১২
  • ২০০৯ চনত "কোমল ছিদ্ৰযুক্ত স্ফটিক"ৰ পৰ্যালোচনা, যিয়ে ৰাসায়নিক বা ভৌতিক উদ্দীপনাত বৃহৎ পৰিসৰৰ গাঁথনিগত পৰিৱৰ্তনশীলতাৰ বৈশিষ্ট্য প্ৰদান কৰে।১০১৩

বঁটা আৰু স্বীকৃতি

  • ২০০৩ –সৃষ্টিশীল কৰ্মৰ বাবে জাপানৰ ৰসায়ন বিজ্ঞান সমাজৰ বঁটা১
  • ২০০৮ – হামবল্ডট গৱেষণা বঁটা১
  • ২০০৯ – জাপানৰ ৰসায়ন বিজ্ঞান সমাজ (CSJ) বঁটা ১৪
  • ২০১০ – থমছন ৰিউটাৰছ ছাইটেছন লৰেটছ১৫
  • ২০১১ – পাৰ্পল ৰিবনৰ পদক১৬
  • ২০১৩ – ডে জেনেছ বঁটা১৭
  • ২০১৬ –জাপান একাডেমী বঁটা১৮
  • ২০১৬ – ফ্ৰেড বাছ'ল' পদক, নৰ্থৱেষ্টাৰ্ণ বিশ্ববিদ্যালয়১৯
  • ২০১৭ – ফিউছাৰ ছলভেৰ ৰসায়ন বঁটা২০
  • ২০১৭ – ফুজিহাৰা বঁটা২১
  • ২০১৯ – গ্ৰা প্ৰিক্স দে লা ফণ্ডেচন দে লা মেইচন দে লা চিমি২২
  • ২০১৯ – ইমানুৱেল মাৰ্ক প্ৰবক্তা২৩
  • ২০১৯ – জাপান একাডেমীৰ সদস্য২৪
  • ২০২৩ – ৰয়েল সমাজৰ সভ্য২৫
  • ২০২৫ – ৰসায়ন বিজ্ঞানৰ ন'বেল২

বাহ্যিক সংযোগ

উৎস: www.nobelprize.org/prizes/about/prize-announceme

তথ্যসূত্ৰ

  1. ↑ (9 November 2009). Susumu Kitagawa. Angewandte Chemie International Edition. পৃ. 8818–8820
  2. ↑ Nobel Prize in Chemistry 2025 – Susumu Kitagawa
  3. ↑ CV: Susumu KITAGAWA. Kitagawa.icems.kyoto-u.ac.jp
  4. ↑ Rebecca Trager. (9 October 2025). Meet the three scientists who have just won the Nobel prize in chemistry. Chemistry World
  5. ↑ (2009). 物質-細胞統合システム拠点(iCeMS) 1拠点構想等の概要(京都大学). Ministry of Education, Culture, Sports, Science and Technology
  6. ↑ Timeline. Institute for Integrated Cell-Material Sciences
  7. ↑ Profile: Susumu Kitagawa. Kyoto University Institute for Advanced Study
  8. ↑ Kitagawa. (20 June 2001). 集積型金属錯体: クリスタルエンジニアリングからフロンティアオービタルエンジニアリングへ. Kodansha. ISBN 978-4-06-153395-0
  9. ↑ (8 October 2025). Nobel Prize in Chemistry for TUM Honorary Doctor Kitagawa. Technical University of Munich
  10. ↑ Koester, Vera. (8 October 2025). Nobel Prize in Chemistry 2025. ChemistryViews
  11. ↑ Kondo, Mitsuru; Yoshitomi, Tomomichi; Matsuzaka, Hiroyuki. (1997). Three-Dimensional Framework with Channeling Cavities for Small Molecules: ⟨\ce{{(M2(4, 4'-bpy)3(NO3)4).\mathit{x}H2O}_\mathit{n}\ \ (M = Co, Ni, Zn)}⟩. Angewandte Chemie International Edition. পৃ. 1725–1727
  12. ↑ Kitagawa, Susumu; Kitaura, Ryo; Noro, Shin-Ichiro. (2004). Functional Porous Coordination Polymers. Angewandte Chemie International Edition. পৃ. 2334–2375
  13. ↑ Horike, Satoshi; Shimomura, Satoru; Kitagawa, Susumu. (2009). Soft porous crystals. Nature Chemistry. পৃ. 695–704
  14. ↑ (2014-09-20). 2008 – Pioneering and Developing Studies on Chemistry od (sic) Coordination Space. The Chemical Society of Japan
  15. ↑ (2010-09-21). 2010 – Thomson Reuters Predicts Nobel Laureates. Thomson Reuters
  16. ↑ (2011-06-15). Susumu Kitagawa Decorated with Medal with Purple Ribbon (Kyoto University iCeMS). 京都大学アイセムス
  17. ↑ (2013-09-16). Royal Society of Chemistry Prize Winners 2013. Angewandte Chemie International Edition. পৃ. 9890–9891
  18. ↑ (14 March 2016). Recipients of the Imperial Prize, the Japan Academy Prizes and the Duke of Edinburgh Prize elected. The Japan Academy
  19. ↑ 2016 – Fred Basolo Medal for Outstanding Research in Inorganic Chemistry: Department of Chemistry. Northwestern University
  20. ↑ Solvay. The 2017 Prize – Solvay. Solvay.com
  21. ↑ Fujihara Award (2015–2019). 藤原科学財団
  22. ↑ Les lauréats de l'année. Actions
  23. ↑ Emanuel Merck Lectureship – Research · Merck KGaA, Darmstadt, Germany. www.emdgroup.com
  24. ↑ (2 September 2021). Distinguished Professor and iCeMS Director Susumu Kitagawa elected as member of Japan Academy. KUIAS Kyoto University Institute for Advanced Study
  25. ↑ Professor Susumu Kitagawa FRS. Royal Society

সম্পৰ্কিত শ্ৰেণী

ন’বেল বঁটা বিজয়ীৰসায়ন বিজ্ঞানৰ ন'বেল বঁটা বিজয়ীজাপানৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চুছুমু কিটাগাৱা” প্ৰবন্ধৰ সংশোধন ৬০৩৯১০ (২ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।