মাছাই জনগোষ্ঠী (Maasai People) 'আফ্ৰিকাৰ গ্ৰেট লেক' অঞ্চলত অৱস্থিত কেনিয়াৰ উত্তৰ, মধ্য আৰু দক্ষিণাঞ্চলত আৰু টাঞ্জানিয়াৰ উত্তৰাঞ্চলত বসবাস কৰা এটা নিলোটিক জনগোষ্ঠী। এই জনগোষ্ঠীৰ স্থানীয় ভাষা, 'মাছাই ভাষা'টো ডিংকা, কালেনজিন আৰু নিউৰ সৈতে জডিত এটা নিলোটিক ভাষা। বৰ্তমান কিছু সংখ্যক জেষ্ঠ মাছাই লোকৰ বাহিৰে অধিকাংশ মাছাই লোকে কেনিয়া আৰু টাঞ্জানিয়াৰ চৰকাৰী ভাষা 'কিস্বহিলী' আৰু ইংৰাজী ভাষা ক’ব জানে। ১
জনসংখ্যা
মাছাই জনগোষ্ঠীৰ জনসংখ্যা ১৯৮৯ চনৰ পৰিসংখ্যা অনুসৰি কেনিয়াত সবমুঠ ৩৭৭,০৮৯ জনৰ পৰা ২০১৯ চনত ১,১৮৯,৫২২ জনলৈ বৃদ্ধি হৈছে। অৱশ্যে বহু সংখ্যক মাছাই লোকে এই পৰিসংখ্যাক চৰকাৰৰ অনাৱশ্যক হস্তক্ষেপ ৰূপে বিবেচনা কৰে আৰু সেয়ে তেওঁলোকে এনে পৰিসংখ্যাত ভাগ নলয় নতুবা ভুল তথ্যৰ যোগান ধৰে।২৩
ইতিহাস
মাছাই জনগোষ্ঠীৰ লোকসকল দক্ষিণ চুডানেৰে আহি আফ্ৰিকান গ্ৰেট লেক অঞ্চলত বসবাস কৰি আহিছে। মাছাই জাতিলোককে ধৰি অন্য নিলোটিক ভাষী, যেনে তোৰকানা আৰু কালেলজিন আদি লোকসকল পশুপালক আৰু এওঁলোক ভয়ংকৰ যোদ্ধা তথা পশুচোৰ হিচাপে প্ৰখ্যাত। পূব আফ্ৰিকাত বসবাস কৰা মাছাই তথা অন্য জনগোষ্ঠীৰ লোকসকলে কাষৰীয়া কুছিটিক ভাষী জাতিবোৰৰ পৰা বিভিন্ন ৰীতি-নীতি আৰু কলা-কৌশল আহৰণ কৰিছে। এইবিলাকৰ ভিতৰত উল্লেখযোগ্য হৈছে বয়স অনুসৰি সামাজিক ব্যৱস্থা, যৌনাংগ বিকৃতকৰণ (circumcision) আৰু শব্দভাণ্ডাৰ আদি।৪৫
তথ্যসূত্ৰ
- ↑ {{cite web |url=https://web.archive.org/web/20120715234704/http://www.africanpeople.info/ African People Ethnography | Maasai]
- ↑ The Maasai People. Maasai Association
- ↑ Kenya - Population Distribution. kenya.rcbowen.com
- ↑ Collins, Robert O. (2006). The southern Sudan in historical perspective. Transaction Publishers. পৃ. 9–10
- ↑ S. Wandibba et al., p.19–20
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাছাই জনগোষ্ঠী” প্ৰবন্ধৰ সংশোধন ৫০৮২৫০ (১৩ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।