
মাংগ বা মাতংগ হৈছে ভাৰতৰ এক জাতি যাৰ মূল নিবাস মহাৰাষ্ট্ৰ ৰাজ্যত। তেলংগানা, অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটকত মাতংগসকলক মাডিগা বুলি জনা যায়। এই সম্প্ৰদায়টো ঐতিহাসিকভাৱে গাঁৱৰ নিৰাপত্তা আৰু ৰছী নিৰ্মাণ, ঝাড়ু নিৰ্মাণ, সংগীতজ্ঞ, গৰু-ম'হ চামৰাৰ কাম, ধাত্ৰী, জল্লাদ আৰু শৱদাহৰ কামত জড়িত আছিল বুলি বিশ্বাস কৰা হয়।১ বৰ্তমান ভাৰতত এইসকলক অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি হিচাপে তালিকাভুক্ত কৰা হৈছে। মাতংগসকলৰ মূল উৎস নৰ্মদা উপত্যকাৰ পৰা বুলি জনা যায়। বৃটিছ শাসনকালত ইহঁতক অপৰাধী উপজাতি আইনৰ অধীনত অপৰাধী উপজাতি হিচাপে শ্ৰেণীবদ্ধ কৰা হৈছিল।২
ধৰ্ম
মাতংগ জাতিৰ বহুতেই হিন্দু ধৰ্ম পালন কৰে। বৰ্তমান সময়ত ইহঁত ভীমৰাও ৰামজী আম্বেদকাৰ আৰু ছত্ৰপতি শিৱাজী মহাৰাজৰ অনুসাৰী। ইহঁতে সকলো মূল হিন্দু উৎসৱ পালন কৰে। লগতে, মৈসাম্মা দেৱীৰ বছৰেকীয়া জাতৰাও উদযাপন কৰে, য'ত ভেড়া আৰু ছাগলী বলি দিয়া হয় আৰু মাংসৰ ভোজ কৰা হয়।৩
২০১১ চনৰ জনগণনা অনুসৰি, মহাৰাষ্ট্ৰত ৩৫,৮৩১জন মাতংগ বৌদ্ধ ধৰ্ম আছিল।৪
সমাজ আৰু সংস্কৃতি
বৃটিছ শাসনৰ পূৰ্বে, মাটাংসকল ১২জন বংশানুক্ৰমিক গাঁও সেৱকৰ ভিতৰত এজন আছিল, যাক বাৰা বলুতেদাৰ বুলি জনা যায়। বংশগত ৰছী নিৰ্মাতা আৰু গাঁৱৰ মনোৰঞ্জক। তেওঁলোকৰ সেৱাৰ বাবে তেওঁলোকে গাঁৱৰ উৎপাদিত সামগ্ৰীৰ অংশ লাভ কৰিছিল। এই জাতি হিন্দু আছিল আৰু জৱাল (প্ৰথম চুলি কটা), শ্বেন্দি, লগ্ন, আৰু অন্ত্যেষ্টিক্ৰিয়া আদি হিন্দু ৰীতি-নীতি পালন কৰিছিল।৫
বিংশ শতিকাৰ আৰম্ভণিতে, মাতংগসকলে নিজৰ অধিকাৰৰ বাবে জাতি সংগঠন গঠন কৰিবলৈ আৰম্ভ কৰে। ১৯২৩ চনত মাতংগ ছচাইটি আৰু ১৯৩২ চনত মাতংগ সমাজ স্থাপন কৰা হয়।৬৭
প্ৰসিদ্ধ ব্যক্তি
- আন্নাভাউ শাঠে – মহাৰাষ্ট্ৰৰ সমাজ সংস্কাৰক।
- লাহুজী ৰঘুজী সালভে – মহাৰাষ্ট্ৰৰ সমাজ সংস্কাৰক।
অধিক পঢ়িবলৈ চাওক
- Constable, Philip. (May 2001). The Marginalization of a Dalit Martial Race in Late Nineteenth- and Early Twentieth-Century Western India. The Journal of Asian Studies. পৃ. 439–478
তথ্যসূত্ৰ
- ↑ Robert Vane Russell. (1916). pt. II. Descriptive articles on the principal castes and tribes of the Central Provinces. Macmillan and Co., limited. পৃ. 188–
- ↑ Bates, Crispin. (1995). The Concept of Race in South Asia. Oxford University Press. পৃ. 227. ISBN 978-0-19-563767-0
- ↑ lsi.gov.in:8081/jspui/bitstream/123456789/2806/1
- ↑ (23 February 2024). महाराष्ट्रातील अनुसूचित जातींची धर्मनिहाय लोकसंख्या
- ↑ Krishnaji Nageshrao Chitnis. (1994). Glimpses of Maratha Socio-economic History. Atlantic Publishers & Dist. পৃ. 125, 135. ISBN 978-81-7156-347-0
- ↑ Surajit Sinha. (1 January 1993). Anthropology of Weaker Sections. Concept Publishing Company. পৃ. 330–. ISBN 978-81-7022-491-4
- ↑ Prahlad Gangaram Jogdand. (1991). Dalit movement in Maharashtra. Kanak Publications
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাংগ (জাতি)” প্ৰবন্ধৰ সংশোধন ৬২৪৬১৪ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।