খাতি বিশ্বকৰ্মা সম্প্ৰদায়ৰ এটা হিন্দু উপজাতি যি প্ৰধানকৈ উত্তৰ ভাৰতৰ ৰাজ্য ৰাজস্থান,১ হাৰিয়ানা,২ পঞ্জাব৩ আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল-দিল্লীত বাস কৰে।৪ খাতিৰ উপৰি তেওঁলোকক জাংগীদ, জাংগ্ৰা-ব্ৰাহ্মণ৫৬ বুলিও সম্বোধন কৰা হয় আৰু ৰাষ্ট্ৰীয় পিছপৰা শ্ৰেণী আয়োগৰ কেন্দ্ৰীয় তালিকাত অন্যান্য পিছপৰা শ্ৰেণীৰ জাতি হিচাপে শ্ৰেণীভুক্ত কৰা হয়।১৪
মাৰৱাৰত কাঠমিস্ত্ৰীক "খাটি" বুলি কোৱা হয়। যেন কাঠ (काठ) শব্দৰপৰাই খাতি শব্দটো উদ্ভৱ হৈছে। কাঠ মানে কাঠ আৰু খাতিসকলে কাঠমিস্ত্ৰী হিচাপে কাঠৰ সামগ্ৰী নিৰ্মাণৰ ব্যৱসায়ত নিয়োজিত।২ এজন খাতি হ’ল সেই একেজন ব্যক্তি যাক উত্তৰ-পশ্চিমত বদৈ (ढई) আৰু পঞ্জাৱত তৰ্খান বুলি কোৱা হয়। গোৰৱাৰ জিলাত তেওঁক সূতাৰ, আৰু জালোৰ জিলাত বিনায়ক বুলি কোৱা হয়।৭
খাতি জাতিৰ লোকসকলে বিশ্বাস কৰে যে তেওঁলোকৰ উৎপত্তি বিশ্বকৰ্মাৰপৰা হৈছে আৰু তেওঁলোকৰ শপতক অতিশয় সন্মান কৰে।৭
তথ্যসূত্ৰ
- ↑ Social Justice and Empowerment Department, Government of Rajasthan. List of Caste OBC. sje.rajasthan.gov.in
- ↑ Michael Levien. (5 March 2018). Dispossession Without Development. OUP. পৃ. 67. ISBN 978-0-19-085917-6
- ↑ Department of School Education-Punjab. Castes under BC/OBC download.ssapunjab.org/sub/instructions/2017/Apr
- ↑ Commission for OBC, Government of NCT of Delhi. Lists of castes declared as OBC in the act of Delhi. obc.delhi.gov.in
- ↑ S. K. Chandhoke. (1990). Nature and Structure of Rural Habitations. Concept Publishing Company. পৃ. 98–99. ISBN 978-81-7022-253-8
- ↑ Paramjit S. Judge. (13 March 2014). Mapping Social Exclusion in India: Caste, Religion and Borderlands. Cambridge University Press. পৃ. 202–203. ISBN 978-1-107-05609-1
- ↑ Bajrang Lal Lohiya. (1954). Rajasthan Ki Jatiya. Bajranglal Lohiya. পৃ. 178–179
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খাতি” প্ৰবন্ধৰ সংশোধন ৬৩৮১৫১ (২৫ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।