অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

বাবি হং

বাবী হং (ইংৰাজী: Babi hong) হৈছে এক ইণ্ডোনেচিয়ান চীনা খাদ্য পদ। ই মূলত হাক্কা খাদ্যশৈলীৰ সৈতে জড়িত বুলি ধাৰণা কৰা হয়। ইয়াৰ মুখ্য উপাদান হৈছে গাহৰিৰ পেটৰ চৰ্বীযুক্ত মাংস (যাক স্থানীয় ভাষাত চামচান বুলি কোৱা হয়)।

হালনাগাদ: ২২ ছেপ্তেম্বৰ ২০২৬ ২৫৪ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

বাবী হং (ইংৰাজী ভাষা: Babi hong) হৈছে এক ইণ্ডোনেচিয়ান চীনা খাদ্য পদ। ই মূলত হাক্কা খাদ্যশৈলীৰ সৈতে জড়িত বুলি ধাৰণা কৰা হয়।১ ইয়াৰ মুখ্য উপাদান হৈছে গাহৰিৰ পেটৰ চৰ্বীযুক্ত মাংস (যাক স্থানীয় ভাষাত চামচান বুলি কোৱা হয়)। এই মাংস টুকুৰা প্ৰথমতে সিজাই বা ভাজি লোৱা হয় আৰু তাৰ পিছত বিভিন্ন ধৰণৰ চীনা চচ আৰু মচলা দি ভাপত দি প্ৰস্তুত কৰা হয়।২

ইণ্ডোনেছিয়াৰ চহৰসমূহত থকা চীনা ভাষা হোটেল বা ৰেষ্টুৰেণ্টসমূহত এই খাদ্য পদটো বহুলভাৱে পোৱা যায়।৩ পৰম্পৰাগতভাৱে চীনা নৱবৰ্ষ (ইমলেক) বা যিকোনো বিশেষ পাৰিবাৰিক উৎসৱত অতিথিৰ বাবে ইয়াক এক বিশেষ ব্যঞ্জন হিচাপে পৰিৱেশন কৰা হয়।

এই খাদ্যবিধ আন এক ইণ্ডোনেচিয়ান চীনা পদ বাবী কেচাপ (চয়া চচত সিজোৱা মাংস)-ৰ সৈতে বহুখিনি মিলে, যদিও বাবী কেচাপ প্ৰস্তুত কৰা পদ্ধতি ইয়াতকৈ বহু সহজ। ইয়াৰ উপৰি মেইনলেণ্ড চাইনাৰ হং শ্বাও ৰৌ নামৰ পদটোৰ সৈতেও ইয়াৰ সাদৃশ্য আছে।

প্ৰয়োজনীয় উপাদানসমূহ

ইয়াৰ মুখ্য উপাদান হৈছে চামচান বা গাহৰিৰ পেটৰ মাংস, হিয়োকো বা শ্বীতাকে কাঠফুলা, চায়ুৰ আছিন বা শুকুৱাই থোৱা নিমখীয়া সৰিয়হ শাক। ইয়াৰ লগতে নহৰু, আদা, নিমখ, চেনি, জলকীয়া গুৰি আৰু ঙোহীওং বা ফাইভ-স্পাইচ পাউডাৰ ব্যৱহাৰ কৰা হয়। সোৱাদ বৃদ্ধি কৰিবলৈ এই পদটোত তিনিপ্ৰকাৰৰ চয়া চচ ব্যৱহাৰ কৰা হয়— সাধাৰণ নিমখীয়া চয়া চচ, কেচাপ মেনিচ বা মিঠা চয়া চচ, আৰু কেচাপ জামুৰ বা ক'লা কাঠফুলাৰ চয়া চচ। ইয়াৰ উপৰি ইয়াত আঙচিউ বা চীনা ৰঙা ৰন্ধন সুৰা আৰু অয়েষ্টাৰ চচ ব্যৱহাৰ কৰা হয়।১ এই ব্যঞ্জনটো ৰান্ধিবলৈ গাহৰিৰ মাংসখিনি তিনিটা মুখ্য পৰ্যায়ৰ মাজেৰে যাব লগা হয়; যাৰ ভিতৰত পানীত সিজোৱা বা কম জুইত সিজোৱা, তেলত গভীৰভাৱে ভজা আৰু শেষত ভাপত দিয়া পদ্ধতি অন্তৰ্ভুক্ত।২

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (7 August 2020). Resep Babi Hong ala Hakka. Cookpad
  2. ↑ Az-Zahra, Zafira. Yuk Coba Bikin Resep Babi Hong yang Mantul Abis!. IDN Times
  3. ↑ Tjhia, Syilvia. Review di Angke Restaurant, Gajah Mada. PergiKuliner

সম্পৰ্কিত শ্ৰেণী

চীনা ৰন্ধনপ্ৰণালীইণ্ডোনেছিয়াৰ খাদ্যগাহৰিৰ মাংসৰ ব্যঞ্জন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাবি হং” প্ৰবন্ধৰ সংশোধন ৬৩৬৬৫০ (২২ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।