অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মাৰ্চেল ফেৰণ

মাৰ্চেল ফেৰন GOQ RCA (২৯ জানুৱাৰী, ১৯২৪ – ১৯ নৱেম্বৰ, ২০০১) কানাডাৰ এগৰাকী চিত্ৰশিল্পী আৰু ষ্টেইনড গ্লাছ শিল্পী আছিল, তেওঁ পল-এমিল বৰ্ডুৱাছৰ ৰিফাছ গ্ল'বেল ইস্তাহাৰৰ মূল ১৬ জন স্বাক্ষৰকাৰীৰ ভিতৰত অন্যতম আৰু ক্যুবেকৰ সমসাময়িক শিল্প জগতৰ অটোমেটিষ্টসকলৰ মাজৰ এজন প্ৰধান ব্যক্তি আছিল।

হালনাগাদ: ৫ এপ্ৰিল ২০২৫ ২৪৮ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

মাৰ্চেল ফেৰন GOQ RCA (২৯ জানুৱাৰী, ১৯২৪ – ১৯ নৱেম্বৰ, ২০০১) কানাডাৰ এগৰাকী চিত্ৰশিল্পী আৰু ষ্টেইনড গ্লাছ শিল্পী আছিল, তেওঁ পল-এমিল বৰ্ডুৱাছৰ ৰিফাছ গ্ল'বেল ইস্তাহাৰৰ মূল ১৬ জন স্বাক্ষৰকাৰীৰ ভিতৰত অন্যতম আৰু ক্যুবেকৰ সমসাময়িক শিল্প জগতৰ অটোমেটিষ্টসকলৰ মাজৰ এজন প্ৰধান ব্যক্তি আছিল।১

জীৱনৰ আদিছোৱা

১৯২৪ চনৰ ২৯ জানুৱাৰীত ক্যুবেকৰ লুইজভিলত জন্মগ্ৰহণ কৰিছিল ফেৰনে। তেওঁৰ ভাতৃ জেক ফেৰন আৰু ভগ্নী মেডেলিন ফেৰন দুয়োজনেই লেখক আছিল। তেওঁ ইক'ল ডেছ ব'ছ-আৰ্টছ ডি ক্যুবেকত অধ্যয়ন কৰিছিল।কিন্তু স্কুলৰ প্ৰশিক্ষকসকলে আধুনিক শিল্পক সম্বোধন কৰাৰ ধৰণত অসন্তুষ্ট হৈ তেওঁ বিদ্যালয় এৰি দিছিল।২

ফেৰন আছিল পল-এমিল বৰ্ডুৱাছৰ অটোমেটিষ্টছ শিল্প আন্দোলনৰ প্ৰাৰম্ভিক সদস্য। ১৯৪৮ চনত কিউবেকৰ এক সাংস্কৃতিক মুখ্য অনুষ্ঠানত Refus global ইস্তাহাৰত তেওঁ স্বাক্ষৰ কৰে।৩

কৰ্ম

১৯৫৩ চনত তেওঁ পেৰিছলৈ যায় আৰু ১৩ বছৰ ধৰি অংকন আৰু চিত্ৰকলাৰ কাম কৰে আৰু ষ্টেইনড গ্লাছৰ শিল্পৰ সৈতে পৰিচয় হয়, যাৰ বাবে তেওঁ বেছিকৈ পৰিচিত হ'ব।৪ বিশেষকৈ ফৰাচী কাঁচ শিল্পী মিচেল ব্লামৰ কাম আৰু তেওঁৰ উদ্ভাৱনৰ পৰা তেওঁ অনুপ্ৰাণিত হৈছিল।৫ ১৯৬৬ চনত ফেৰনে ক্যুবেকলৈ উভতি আহে আৰু তাৰ পিছৰ দুটা দশকত তেওঁ কেৱল ষ্টেইনড গ্লাছৰ সৈতে কাম কৰিছিল।

তেওঁৰ ষ্টেইনড গ্লাছৰ এখন খিৰিকী কিউবেকৰ মণ্ট্ৰিয়েলৰ চেম্প-ডি-মাৰ্চ মেট্ৰ’ ষ্টেচনত আছে। সেই সময়ৰ অন্যান্য ৰচনাসমূহত উপস্থিত ডিডাক্টিক শৈলীক অৱজ্ঞা কৰি মেট্ৰ'ত স্থাপন কৰা প্ৰথম অ-আলংকাৰিক ৰচনাসমূহৰ ভিতৰত ই অন্যতম আছিল আৰু তেতিয়াৰ কলা পৰিচালক ৰবাৰ্ট লাপালমে আৰু ভৱিষ্যতৰ কলা পৰিচালক আৰু সহযোগী অটোমেষ্ট জিন-পল মৌছ'ৰ নীতিৰ মাজত মণ্ট্ৰিয়েলত ৰাজহুৱা শিল্পৰ এক বৃহৎ পৰিৱৰ্তনৰ সংকেত দিছিল। তেওঁৰৰ ৰচনাৰ আন উদাহৰণ ভেণ্ডোম মেট্ৰ' ষ্টেচন, চেণ্টাৰ হস্পিটেলিয়াৰ ইউনিভাৰ্চিটি চেণ্ট-জাষ্টিন আৰু মণ্ট্ৰিয়েলত থকা কিউবেকৰ গেটিন'ৰ প্লেচ ডু পৰ্টেজ; আৰু গ্ৰেনবি, ক্যুবেক আদালতৰ লগতে আইচিএঅ'ৰ মুখ্য কাৰ্যালয়ত দেখা যায়।

তথ্যসূত্ৰ

  1. ↑ Farr, Dorothy; Luckyj, Natalie. (1975). From Women's Eyes: Women Painters in Canada. Agnes Etherington Art Centre. পৃ. 60–61
  2. ↑ (October 2, 2000). Marcelle Ferron. Library and Archives Canada
  3. ↑ Davis, Ann. (May 22, 2008). Marcelle Ferron. The Canadian Encyclopedia. Historica Canada
  4. ↑ Lambton, Gunda. Stealing the show: seven women artists in Canadian public art. পৃ. 17
  5. ↑ Cheetham, Mark A. Article. cowleyabbott.ca. Cowley Abbott Auction, spring 2024, lot 26

সম্পৰ্কিত শ্ৰেণী

কানাডাৰ ব্যক্তিচিত্ৰশিল্পীনাৰীবাদ আৰু লোকগাথা ২০২৫

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাৰ্চেল ফেৰণ” প্ৰবন্ধৰ সংশোধন ৫০২৪২৪ (৫ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।