অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মাৰ্থা ষ্টেটলাৰ

এডেলহাইড ফেনী মাৰ্থা ষ্টেটলাৰ ( Adelheid Fanny Martha Stettler) জন্ম: ২৫ ছেপ্টেম্বৰ ১৮৭০ – মৃত্যু: ১৬ ডিচেম্বৰ ১৯৪৫ এগৰাকী চুইজাৰলেণ্ডৰ চিত্ৰশিল্পী আৰু ভাস্কৰ্য শিল্পী আছিল।

হালনাগাদ: ৮ ফেব্ৰুৱাৰী ২০২৫ ৩১৭ শব্দ · ২ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

এডেলহাইড ফেনী মাৰ্থা ষ্টেটলাৰ ( Adelheid Fanny Martha Stettler) জন্ম: ২৫ ছেপ্টেম্বৰ ১৮৭০ – মৃত্যু: ১৬ ডিচেম্বৰ ১৯৪৫ এগৰাকী চুইজাৰলেণ্ডৰ চিত্ৰশিল্পী আৰু ভাস্কৰ্য শিল্পী আছিল।১ তেওঁ আছিল একাডেমী দে লা গ্ৰেণ্ডে চৌমিয়েৰ, নামৰ শিক্ষা প্ৰতিষ্ঠানৰ অন্যতম প্ৰতিষ্ঠাপক আৰু ১৯০৯ চনৰ পৰা ১৯৪৫ চনলৈকে বিদ্যালয়খনৰ সহ-অধ্যক্ষ আছিল।

জীৱনী

মাৰ্থা ষ্টেটলাৰৰ জন্ম হৈছিল চুইজাৰলেণ্ডৰ বাৰ্ন চহৰত। তেওঁৰ পিতৃৰ নাম আছিল ইউজেন ষ্টেটলাৰ, তেওঁ এজন স্থপতিবিদ আছিল যিয়ে মাৰ্থাৰ প্ৰাৰম্ভিক চিত্ৰ অংকনৰ পথ নিৰ্দেশনা কৰিছিল।২ ১৮৯৩ চনত, বাৰ্ন আৰু জেনেভাত শিল্প অধ্যয়ন কৰাৰ পিছত, মাৰ্থা ষ্টেটলাৰ পেৰিছলৈ যায় আৰু একাডেমী জুলিয়ানত অধ্যয়ন কৰে। ১৮৯৩ চনৰ পৰা ১৮৯৮ চনলৈকে লুক-অলিভিয়াৰ মাৰ্চনৰ ওচৰত অধ্যয়ন কৰে আৰু ১৮৯৯ চনত লুচিয়ান চাইমনৰ অধীনত শিল্প শিক্ষা গ্ৰহণ কৰিবলৈ লয়।৩ মাৰ্থা ষ্টেটলাৰ সহ-প্ৰতিষ্ঠাপক হোৱা একাডেমী ডি লা গ্ৰেণ্ড চৌমিয়েৰ প্ৰতিষ্ঠানৰ উৎপত্তি শিল্পৰ শিক্ষাৰ্থীৰ এটা দলৰ পৰাই হৈছিল। ছাইমন, এণ্টোৱান বৰ্ডেল আৰু এমিল-ৰেনে মেনাৰ্ড আদি বিদ্যালয়খনৰ প্ৰাৰম্ভিক প্ৰশিক্ষকসকলৰ ভিতৰত আছিল। ষ্টেটলাৰ আৰু তেওঁৰ সংগী আৰু সহযোগী শিল্পী এলিছ ডেনেনবাৰ্গ ১৯০৯ চনৰ পৰা ১৯৪৫ চনলৈকে বিদ্যালয়খনৰ পৰিচালক আছিল।৪

১৮৯৭ চনত ষ্টেটলাৰে পেৰিছ প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰে আৰু চেলন ডেছ ইণ্ডেপেণ্ডেণ্টছ, চেলুন ডেছ টুইলেৰীছ আৰু ছ'চাইটি নেচনেল ডেছ ব'জ-আৰ্টছৰ চেলুনত নিজৰ শিল্পকৰ্ম প্ৰদৰ্শন কৰে আৰু ১৯১২ চনত তেওঁ ইয়াৰ সহযোগী সদস্য হয়।১ ১৯১০ চনত ব্ৰাছেলছৰ এক্সপ'জিচন ইউনিভাৰ্চেলত প্ৰদৰ্শিত কামৰ বাবে তেওঁ পদক লাভ কৰে আৰু ১৯২০ চনৰ ভেনিচ বিয়েনালেত চুইজাৰলেণ্ডৰ পেভিলিয়নত এখন ছবি অৰিহণা যোগায়।৩

মাৰ্থা ষ্টেটলাৰৰ শিল্পকৰ্মৰ বিষয়বস্তুৰ ভিতৰত আছিল, জাৰ্ডিন ডু লাক্সেমবাৰ্গ আৰু টুইলেৰীজ গাৰ্ডেনত খেলা শিশুৰ বহুতো বাহিৰৰ প্ৰাকৃতিক দৃশ্যৰ লগতে অভ্যন্তৰীণ দৃশ্য, ষ্টিল লাইফ, লেণ্ডস্কেপ, প্ৰতিকৃতি আৰু প্ৰাণী অধ্যয়ন। ১৯২০ চনৰ পিছত যেতিয়া তেওঁ পেৰিছৰ উপকণ্ঠ ফণ্টেন-অ’-ৰোজছলৈ গুচি যায়, আৰু তাৰ পাছত ক্ৰমে তেওঁৰ কলাত্মক চিত্ৰৰ উৎপাদন হ্ৰাস পায়। ১৯৪৫ চনৰ ১৬ ডিচেম্বৰত পেৰিছৰ ওচৰৰ হাউটছ ডি চেইনৰ চেটিলনত মাৰ্থা ষ্টেটলাৰৰ মৃত্যু হয়। ১৯৪৬ চনত কুনষ্টেল বাৰ্নে তেওঁৰ স্মৃতিত মাৰ্থাৰ কৰ্মৰাজিৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰে। ষ্টেটলাৰৰ ৰচনাসমূহ কুনষ্টমিউজিয়াম উইণ্টাৰথাৰ, মিউজিয়াম অৱ ফাইন আৰ্টছ বাৰ্ন, জেনেভাৰ মিউজিয়াম ডি আৰ্ট এট ডি হিষ্ট'ৰ, পেৰিছৰ মিউজিয়াম ডু লাক্সেমবাৰ্গ আৰু ৰোমৰ গেলেৰিয়া নাজিঅ'নেল ডি আৰ্টে মডাৰ্নাৰ হাতত সংৰক্ষিত হৈ আছে।৪

তথ্যসূত্ৰ

  1. ↑ (2006). Stettler, Martha or Marthe. Benezit Dictionary of Artists. Gründ. পৃ. 337. ISBN 2-7000-3070-2
  2. ↑ Ceyssac, Béatrice Micheli. (1995). Le Paris des Suisses. Différence. পৃ. 72
  3. ↑ Sotzek, Corinne. (2014). Stettler, Martha. Dictionnaire hIstorique de la Suisse
  4. ↑ Bhattacharya, Tapan. (1998). Stettler, Adelheid Fanny Martha. SIKART: Dizionario sull'arte in Svizzera. Swiss Institute for Art Research

সম্পৰ্কিত শ্ৰেণী

চিত্ৰশিল্পীছুইজাৰলেণ্ডৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাৰ্থা ষ্টেটলাৰ” প্ৰবন্ধৰ সংশোধন ৪৭৩৩১৮ (৮ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।