অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লুচিক আগুলেট্চি

লুচিক আগুলেট্চি (Lusik Aguletsi; আৰ্মেনিয়ান: Լուսիկ Ագուլեցի); জন্ম নাম লুচিক ঝোৰজিকি হাৰুত্যুনিয়ান; নাখিচেভানত জন্মগ্ৰহণ কৰা এগৰাকী আৰ্মেনিয়ান চিত্ৰশিল্পী, নৃতত্ত্ববিদ, আৰু আৰ্মেনিয়াৰ সন্মানীয় সাংস্কৃতিক কৰ্মী আছিল।

হালনাগাদ: ২৭ আগষ্ট ২০২৬ ৩০২ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

লুচিক আগুলেট্চি (Lusik Aguletsi; আৰ্মেনিয়ান: Լուսիկ Ագուլեցի); জন্ম নাম লুচিক ঝোৰজিকি হাৰুত্যুনিয়ান; নাখিচেভানত জন্মগ্ৰহণ কৰা এগৰাকী আৰ্মেনিয়ান চিত্ৰশিল্পী, নৃতত্ত্ববিদ, আৰু আৰ্মেনিয়াৰ সন্মানীয় সাংস্কৃতিক কৰ্মী আছিল।১২

আগুলেট্চি ইয়েৰেভানত নিয়মিতভাৱে নিজৰ পৰম্পৰাগত আৰ্মেনিয়ান সাজ-পোছাক পিন্ধা শেষগৰাকী আৰ্মেনিয়ান হিচাপে বিখ্যাত আছিল।২৩

জীৱনী

১৯৪৬ চনৰ ৩১ মে’ত নাখিচেভানৰ ভেৰিন আগুলিছ গাঁৱত হাৰুত্যুনিয়ান পৰিয়ালত জন্মগ্ৰহণ কৰা লুচিক আগুলেট্সিৰ; ১৯১৯ চনত আজাৰবাইজানসকলে সংঘটিত কৰা আগুলিছ হত্যাকাণ্ডৰ পিছত আগুলিছত বাস কৰা শেষৰগৰাকী আৰ্মেনিয়ান। আগুলিছত তেওঁৰ অভিজ্ঞতাই আজাৰবাইজানৰ লেখক আক্ৰাম আয়লিছলিৰ ষ্টোন ড্ৰিমছ উপন্যাসখনৰ “লুচিক” চৰিত্ৰটোৰ বাবে প্ৰেৰণা যোগাইছিল।২৪ ১৯৫৩ চনত আগুলেট্সিৰ পৰিয়াল ইয়েৰেভানলৈ গুচি যায়। ১৯৬৩-১৯৬৭ চনত ইয়েৰেভানৰ পানোছ টেৰলেমেজিয়ান আৰ্ট কলেজত অধ্যয়ন কৰে। পঢ়া-শুনাৰ সময়ত "এভাংগাৰ্ড" কাকতৰ পৰা বিশেষ পুৰস্কাৰ লাভ কৰিছিল। ১৯৭৪ চনৰ পৰা আৰ্মেনিয়াৰ আৰ্টিষ্ট ইউনিয়নৰ সদস্য আছিল।৫

লুচিক আগুলেট্সিৰ ছবিসমূহ বিদেশৰ সংগ্ৰহালয় আৰু ব্যক্তিগত সংগ্ৰহত আছে। চিত্ৰকলাৰ উপৰিও আগলেট্সি আছিল এজন সক্ৰিয় নৃতাত্ত্বিক। তেওঁ অস্ত্ৰ-শস্ত্ৰ, সাজ-পোছাক, সজ্জা, প্ৰাচীন জাৰ সংগ্ৰহ কৰিছিল। ইয়াৰে কিছুমান তেওঁৰ জন্মভূমি আগুলিছৰ পৰা আৰু বাকীবোৰ পশ্চিম আৰু পূব আৰ্মেনিয়াৰ বিভিন্ন কোণৰ পৰা অনা হৈছিল।৩

২০১৮ চনৰ ১৩ জুলাইত ৭২ বছৰ বয়সত লুচিক আগুলেট্চিৰ মৃত্যু হয়।৬

প্ৰদৰ্শনী

১৯৬৮ চনৰ পৰা আৰ্মেনিয়া আৰু বিদেশৰ বিভিন্ন গণতান্ত্ৰিক প্ৰদৰ্শনীত অগুলেট্চিয়ে অংশগ্ৰহণ কৰে।

একক প্ৰদৰ্শনী

  • ১৯৯৬ চনত আৰ্মেনিয়াৰ নেচনেল গেলেৰী
  • ১৯৯৭ চনত ষ্টেপানাকেৰ্ট
  • ১৯৯৭ চনত "Mkrtchyan" প্ৰদৰ্শনী হল
  • ১৯৯৯ গ্ৰীচ, থেছালনিকী

দলীয় প্ৰদৰ্শনী

  • ১৯৭৭ চনত পেৰিছ
  • ১৯৭৭ চনত আমেৰিকা
  • ১৯৭৮ চনত জাৰ্মানী
  • ১৯৮১ ইৰাক
  • ১৯৮৩ চনত লছ এঞ্জেলছ, ডেট্ৰাইট, টৰণ্টো, মণ্ট্ৰিয়েল
  • ১৯৮৫ চনত মস্কো
  • ১৯৮৬ চনত জাপান
  • ১৯৮৭ চনত গ্ৰীচ
  • ১৯৮৯ "আৰ্মেনিয়ান আৰ্টিষ্ট টু দ্য হায়াস্তান অল-আৰ্মেনিয়ান ফাণ্ড", আৰ্মেনিয়াৰ নেচনেল গেলেৰী
  • ১৯৯৪ বেলজিয়াম, নৰ্মাণ্ডি, ফ্ৰান্স
  • ১৯৯৫, ১৯৯৭ আৰ্টছাখত চিম্পোজিয়াম
  • ১৯৯৮ "এবিংশ শতিকাৰ থ্ৰেছহোল্ডত সমসাময়িক কলা।"
  • ২০০৩ চনৰ মিনস্ক, আৰ্মেনিয়াৰ স্বাধীনতা দিৱসৰ বাবে উৎসৰ্গিত প্ৰদৰ্শনী
  • ২০০৩ চনত "আৰ্মেনিয়া-প্ৰব্ৰজনকাৰী" সন্মিলনৰ বাবে উৎসৰ্গিত প্ৰদৰ্শনী

লুচিক আগুলেট্চি হাউচ-মিউজিয়াম

লুচিক আগুলেট্চি হাউচ-মিউজিয়াম আৰু আৰ্ট কেফে
লুচিক আগুলেট্চি হাউচ-মিউজিয়াম আৰু আৰ্ট কেফেছবি: Violmsyan · CC BY-SA 4.0

ইয়েৰেভানৰ ৭৯ নং মুৰাটছান ষ্ট্ৰীটত থকা ঘৰটো, য’ত লুচিক আগুলেট্চিয়ে প্ৰায় ৪৫ বছৰ ধৰি বাস কৰিছিল আৰু কাম কৰিছিল, পৰিয়ালৰ সদস্যৰ উদ্যোগত গৃহ-সংগ্ৰহালয়লৈ ৰূপান্তৰিত কৰা হৈছিল। সংগ্ৰহালয়ত লোক কনচাৰ্ট, চিত্ৰকলা, নৃত্য আৰু মাষ্টাৰ ক্লাছৰ আয়োজন কৰা হয়। সংগ্ৰহালয়টোৰ কাষতে আছে আগুলেট্চি আৰ্ট কেফে, য'ত আগুলিছৰ খাদ্যৰ সৈতে পৰম্পৰাগত আৰ্মেনিয়ান খাদ্যৰ বৈশিষ্ট্য আছে।৩৭

তথ্যসূত্ৰ

  1. ↑ Galichian, Rouben. (2009). The Invention of History: Azerbaijan, Armenia, and the Showcasing of Imagination. Printinfo Art Books. পৃ. 105. ISBN 9781903656860
  2. ↑ Mikail Mamedov. (December 8, 2016). Reading the novel Stone Dreams on the 100th anniversary of the "Great Catastrophe". Nationalities Papers. Cambridge University Press. পৃ. 967–984
  3. ↑ (April 4, 2019). Lusik Aguletsi museum-house to open its doors for visitors. Panorama.am
  4. ↑ Ulvi Ismayil. (2014). Sincerity, truth and mercy in action: the role of Akram Aylisli's Stone Dreams in revisiting and questioning Azerbaijanis' views on their conflict with Armenians. Caucasus Survey. পৃ. 64–71
  5. ↑ (July 14, 2018). Famous painter and ethnographer Lusik Aguletsi passed away. artsakhpress.am
  6. ↑ (July 14, 2018). Ethnographer Lusik Aguletsi has passed away. armlur.am
  7. ↑ Aghunik Hovhannisyan. (April 5, 2019). Lusik Aguletsi House-Museum will open on April 6, next to which "Aguletsi Art-Cafe" will operate. armtimes.com

সম্পৰ্কিত শ্ৰেণী

নৃতত্ত্ববিদচিত্ৰশিল্পীআৰ্মেনিয়াৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লুচিক আগুলেট্চি” প্ৰবন্ধৰ সংশোধন ৬৩২৮৩০ (২৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।