গুল্ম
৪৬ প্ৰবন্ধ
-
বগী জলকীয়া
বগী জলকীয়া (বৈজ্ঞানিক নাম: Capsicum frutescens) এক প্ৰকাৰৰ জলকীয়া। এই জলকীয়াবোৰ সাধাৰণতে একবৰ্ষী বা কম আয়ুসৰ বহুবৰ্ষজীৱী উদ্ভিদ। ফুলবোৰ সেউজ-বগা বা সেউজ-হালধীয়া পাহীৰ সৈতে বগা বৰণৰ, আৰু পতংগ- অথবা স্ব-পৰাগনৰ দ্বাৰা বংশবৃদ্ধি হয়।
-
মেজেঙা (উদ্ভিদ)
মেজেঙা বা মেজেঙা পাত (বৈজ্ঞানিক নাম: Zanthoxylum oxyphyllum) এবিধ সুগন্ধি মচলাজাতীয় সপুষ্পক উদ্ভিদ। মিচিং ভাষাত ইয়াক অঙেৰ নামেৰে জনা যায়। এই উদ্ভিদবিধ বনৰীয়া হিচাপে পোৱা যায় যদিও ঠাইবিশেষে ইয়াৰ খেতিও কৰা হয়।
-
সৰু-পকমৌ
পকমৌ (Black night shade, বৈজ্ঞানিক নাম: Solanum nigrum) হৈছে Solanum গোত্ৰৰ অন্তৰ্ভুক্ত এবিধ উদ্ভিদৰ প্ৰজাতি। ইয়াক স্থানীয়ভাৱে লাচকচি, লাটকচু বা পিচকাটি বুলিও কোৱা হয়। এই উদ্ভিদক সংস্কৃতত কাকামাচি বা কাকমাচি, নেপালীত কালবিহি, তাই আহোম ভাষাত ফাক টেন নামেৰে জনা যায়।
-
হাতী ভেকুৰী
হাতী ভেকুৰীবহল পাতেৰে এবিধ কাঁইটীয়া গুল্ম জাতীয় উদ্ভিদ। হাতী ভেকুৰী এবিধ বনৌষধি। ইয়াৰ ফলৰ সোৱাদ তিতা।
-
ৰবাব টেঙা
ৰবাব টেঙা (Pomelo) বৈজ্ঞানিক নাম-Citrus Maxima ৷ এই টেঙা সমগ্ৰ অসমতে উৎপন্ন হয়৷ ৰবাব টেঙা ঋতুজনিত ফল৷ শীতকালত এই ফল খাব পৰা হয়৷ এনে ফলৰ গছ চিৰ সেউজীয়া আৰু জোপোহা হয়৷
-
অশ্বগন্ধা
অশ্বগন্ধা (বৈজ্ঞানিক নাম: Withania somnifera) হ'ল ছোলানাছী (Solanaceae) পৰিয়ালৰ এবিধ গুল্মজাতীয় উদ্ভিদ। অশ্বগন্ধাক ইংৰাজীত ভাৰতীয় জিনছেং (Indian ginseng), পইজন গুজবেৰী (poison gooseberry) বা ৱিণ্টাৰ চেৰী (winter cherry) বুলিও জনা হয়। ইয়াক আয়ুৰ্বেদিক বনৌষধী হিচাপে ব্যবহাৰ কৰা হয়।
-
আভাকাডো
আভাকাডো (Avacado) এবিধ সুস্বাদু ফল। ইয়াৰ বটানিকেল নাম হ'ল - Persea Americana। ভাৰতবৰ্ষত কোনো কোনো ঠাইত ইয়াক মাখন ফল বা Butter fruit বোলে। হিন্দী ভাষাত আভাকাডো- নাচপতি, কানাড়াত বেন্নহেনু্ আৰু কোনো কোনো অঞ্চলত কুলু-নাচপতি নামেৰে ইয়াক জনা যায়।
-
ঝুনঝুনি গছ
ঝুনঝুনি গছ, সাধাৰণতে ঘণ্টাকৰ্ণ অন্য ভাষাত চিকু চিকু (chique chique), গাৰ্গেলিম ব্ৰেভো (gergellim bravo), জাইণ্ট ষ্ট্ৰিয়াটা (giant striata), গুইজ-ডে-কাচকাভেল (guizo-de-cascavel), মাৰাকা-ডে-কব্ৰা (maraca-de-cobra), ৰেটল ৱিড (rattleweed), ৰেটল বক্স (rattlebox), স্মুথ ক্ৰটালেৰিয়া (smooth crotalaria),…
-
টিকনি জৱা
টিকনি জৱা (বৈজ্ঞানিক নাম: Malvaviscus arboreus) হৈছে মালভাচিয়া পৰিয়ালৰ অন্তৰ্গত জৱা গণৰ সপুষ্পক উদ্ভিদৰ এটা প্ৰজাতি। ই দক্ষিণ আমেৰিকা যুক্তৰাষ্ট্ৰ, মেক্সিকো, মধ্য আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ এবিধ স্থানীয় উদ্ভিদ। প্ৰজাতিৰ নাম আৰ্বোৰিয়াচে পূৰ্ণবয়স্ক উদ্ভিদৰ বৃক্ষক দৰে ৰূপক বুজায়।
-
পনিয়ল
পনিয়ল (Flacourita jangomas) পনিয়ল অসমৰ এক প্ৰিয় ফল। কেঁচা অৱস্থাত সেউজীয়া আৰু পকিলে ৰঙচুৱা হয়। ফলবিধ খোৱাৰ আগতে মোহাৰি খালে সোৱাদলগা হয়।
-
বাখৰ বেঙেনা গছ
বাখৰ বেঙেনা গছ বুলি বিখ্যাত এই গছজোপা শিৱসাগৰৰ নগৰৰ পৰা ৩০ কিঃমিঃ দূৰৈৰ বকতা মৌজাৰ জৱলাটিং আৰু চুহুং মুহুং গাৱঁৰ মধ্যস্থলত অৱস্থিত। বৈজ্ঞানিক নাম Tamilnadia uliginosa । প্ৰধানতঃ ঐতিহাসিক কাৰণত বিখ্যাত এই বাখৰ বেঙেনা গছ।
-
মেচাকি
মেচাকি বা মেচাকি পাত পূব এচিয়াৰ বিভিন্ন অঞ্চল যেনে দক্ষিণ চীন, ভাৰত, ম্যানমাৰ, থাইলেণ্ড আৰু ইণ্ডোনেচিয়া আদি দেশৰ এবিধ থলুৱা চিৰসেউজ সপুষ্পক উদ্ভিদ। ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত মেচাকি সহজলভ্য। উদ্ভিদবিধক খাছি ভাষাত খাজাঠ্চিৰ, মিচিং ভাষাত অম্বে আৰু মিজো ভাষাত লেংঅ'-চি-কাত নামেৰে জনা যায়।
-
মেমং নাৰাঙ
মেমং নাৰাঙ (Indian Wild Orange) হ'ল টেঙাবিধৰ গাৰো নাম৷ স্পেনিজত কোৱা হয় Naranja Salvaje de India ৷
-
লাইম
লাইম (Lime) হৈছে ছাইট্ৰাছ গণৰ অন্তৰ্গত কেইবাটাও প্ৰজাতিৰ উদ্ভিদ আৰু সিহঁতৰ ফল। অসমত লাইমৰ উৎপাদন আৰু চাহিদা যথেষ্ট বেছি। লাইম বছৰটোৰ প্ৰায় সকলো সময়তে কম-বেছি পৰিমাণে উৎপন্ন হয়। গ্ৰীষ্মকালত লাইমৰ ফল পূৰঠ হয় আৰু এই সময়ত ফলৰ ৰস অধিক হয়। গোন্ধ আৰু সোৱাদৰ দিশত অধিক মানবিশিষ্ট হয়।
-
শিয়ালকাঁটা
শিয়ালকাঁটা বা Argemone mexicana (মেক্সিক'ৰ আফু, Mexican prickly poppy, flowering thistle, cardo বা cardosanto) আফুৰ এক প্ৰজাতি। প্ৰথমে মেক্সিক'ত পোৱা এই গছ এতিয়া গোটেই বিশ্বতে বিয়পি পৰিছে। ই প্ৰখৰ খৰাং আৰু বেয়া মাটি সহ্য কৰিব পাৰে। ইয়াৰ পৰা উজ্জ্বল হালধীয়া ৰঙৰ তৰুক্ষীৰ ওলায়।
-
ষ্টিভিয়া
ষ্টিভিয়া (Stevia) এষ্টাৰেচি পৰিয়ালৰ অন্তৰ্গত এবিধ উদ্ভিদ। ই দক্ষিণ আমেৰিকাৰ পাৰাগুৱে আৰু ব্ৰাজিল মূলৰ। ইয়াক সাধাৰণতে "Sweet leaf" বুলি জনা যায়। ভাৰতৰ কিছুমান ঠাইত ইয়াক "মধুপত্ৰ" বুলি নামকৰণ কৰিছে। ইয়াৰ পাত চেনিতকৈ ৩০-৪০ শতাংশ মিঠা বাবে চেনিৰ সলনি বহুতো দেশত ব্যৱহাৰ কৰা দেখা যায়।