অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

মেমং নাৰাঙ

মেমং নাৰাঙ (Indian Wild Orange) হ'ল টেঙাবিধৰ গাৰো নাম৷ স্পেনিজত কোৱা হয় Naranja Salvaje de India ৷

হালনাগাদ: ২৬ ছেপ্তেম্বৰ ২০১৮ ২৬৪ শব্দ · ১ মিনিট সংগৃহীত ৪৫
সংশোধনৰ পৰামৰ্শ

মেমং নাৰাঙ (Indian Wild Orange) হ'ল টেঙাবিধৰ গাৰো নাম৷ স্পেনিজত কোৱা হয় Naranja Salvaje de India ৷ <ref name="গ্ৰন্থ ১" ১

বৰ্গীকৰণ

  • Taxonomy - Citrus Indica Tanaka
  • Genus - citrus
  • Family - Rutaceae
  • Sub Family - Aurantioideae

ইতিহাস

এই ফলবিধ টানাকা (Tanaka) নামৰ স্পেনিজ উদ্ভিদ বিজ্ঞানী এজনে ১৯২৪ চনত আবিষ্কাৰ কৰিছিল৷ তেওঁ অসমৰ নগাওঁ,খাছি পাহাৰ আৰু মণিপুৰত দেখা পাইছিল৷ এই মেমং নাৰাং ফলবিধ ১৯৮১ চনত ভগ সিঙে তেওঁৰ কিতাপ "Establishment of first Gene Sanctuary in India for Citurs in Garo Hills" ত উল্লেখ কৰা মতে গাৰো পাহাৰত এতিয়াও বনৰীয়াভাৱে পোৱা যায়৷ গাৰো ভাষাত মেমং মানে 'ভূত' আৰু 'নাৰাং' মানে সুমথিৰা৷ অৰ্থাৎ 'ভূতৰ সমথিৰা'৷

উৎপত্তিস্থল

গাৰো পাহাৰত থকা নকৰেক সংৰক্ষিত বনাঞ্চলত এই দুষ্প্ৰাপ্য আৰু বিপন্ন প্ৰজাতিৰ সুমথিৰাবিধ পোৱা যায়৷ এই বনাঞ্চলক ভাৰত চৰকাৰে ১৯৮৪ চনত প্ৰথম টেঙাফলৰ জিন অভয়াৰণ্য বুলি ঘোষণা কৰে৷

বিৱৰণ

এই টেঙা ফলবিধৰ গছজোপা ৩ৰপৰা ৬ ফুট পৰ্যন্ত ওখ হয় আৰু গছৰ ডালবোৰ গা-গছৰ লগত প্ৰায় ৯০ ডিগ্ৰি কোণীয়াকৈ ওলায়৷ গছৰ ডালবোৰ কাঁইটযুক্ত আৰু কাঁইটবোৰ ২ৰপৰা ৪ছেণ্টিমিটাৰ দীঘল হয়৷ গছজোপাৰ পাতবোৰ দুইৰপৰা তিনি ছেণ্টিমিটাৰমান দীঘল আৰু দুইৰপৰা চাৰি ছেণ্টিমিটাৰমান বহল হয়,পাতৰ আগ আৰু গুৰি ক্ৰমান্বয়ে জোঙা হৈ আহে৷ পাতবোৰৰ ওপৰফালতো তলৰফালতকৈ গাঢ় সেউজীয়া হয়৷ ফুলবোৰ সৰু সৰু বগা ৰঙৰ পাঁচটা পাহিযুক্ত হয়৷ সুমথিৰাবোৰ এটা বগৰীৰ সমান ডাঙৰ হয় (২৫ - ৩৪ মিলিমিটাৰ ব্যাসৰ),কেঁচা অৱস্থাত গাঢ় সেউজীয়া আৰু পকিলে সুমথিৰা ৰঙৰ হয়৷ এই সুমথিৰাবিধৰ বাকলিৰ ওপৰভাগ মিহি আৰু তৈলগ্ৰন্থি যুক্ত হয়৷

ঔষধি গুণ

পৰম্পৰাগতভাৱে এই ফলবিধ গাৰোসকলে মানুহৰ লগতে ঘৰচীয়া জন্তুৰ পেটৰ অসুখ আৰু জণ্ডিছত বহুলভাৱে ব্যৱহাৰ কৰে৷ পকা ফলবোৰ শুকুৱাই গুৰি কৰি সংৰক্ষণ কৰা হয় আৰু বসন্ত বেমাৰৰ প্ৰতিষেধক হিচাপে ব্যৱহাৰ কৰে৷

লোকবিশ্বাস

লোকবিশ্বাস মতে মানুহৰ মৃত্যুৰ পাছত মৃতকৰ শৰীৰৰ ওপৰত এই ফলবিধ থোৱা হয় যাতে ফলবিধে মৃতকৰ আত্মাক ভূত হোৱাৰপৰা ৰক্ষা কৰে৷

তথ্যসূত্ৰ

  1. ↑ ড° স্বপ্নালী বৰা. (২০১৪). মেমং নাৰাঙৰ বিষয়ে কিছু কথা. প্ৰান্তিক. পৃ. পৃষ্ঠা ২৭

সম্পৰ্কিত শ্ৰেণী

গুল্মফল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেমং নাৰাঙ” প্ৰবন্ধৰ সংশোধন ১৮৩৫২০ (২৬ ছেপ্তেম্বৰ ২০১৮)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।