অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

শিয়ালকাঁটা

শিয়ালকাঁটা বা Argemone mexicana (মেক্সিক'ৰ আফু, Mexican prickly poppy, flowering thistle, cardo বা cardosanto) আফুৰ এক প্ৰজাতি। প্ৰথমে মেক্সিক'ত পোৱা এই গছ এতিয়া গোটেই বিশ্বতে বিয়পি পৰিছে। ই প্ৰখৰ খৰাং আৰু বেয়া মাটি সহ্য কৰিব পাৰে। ইয়াৰ পৰা উজ্জ্বল হালধীয়া ৰঙৰ তৰুক্ষীৰ ওলায়।

হালনাগাদ: ২৭ আগষ্ট ২০২৬ ৩৫৩ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ
ভাৰতৰ ঝাৰখণ্ডত শিয়ালকাঁটা গছ
ভাৰতৰ ঝাৰখণ্ডত শিয়ালকাঁটা গছছবি: Anant_PrakashV1 · CC BY-SA 3.0
''Argemone mexicana''
Argemone mexicanaছবি: Roger Culos · CC BY-SA 3.0

শিয়ালকাঁটা বা Argemone mexicana (মেক্সিক'ৰ আফু,১ Mexican prickly poppy, flowering thistle,২ cardo বা cardosanto) আফুৰ এক প্ৰজাতি। প্ৰথমে মেক্সিকোত পোৱা এই গছ এতিয়া গোটেই বিশ্বতে বিয়পি পৰিছে। ই প্ৰখৰ খৰাং আৰু বেয়া মাটি সহ্য কৰিব পাৰে। ইয়াৰ পৰা উজ্জ্বল হালধীয়া ৰঙৰ তৰুক্ষীৰ ওলায়। গছ-বন খাই ফুৰা জন্তুৰ বাবে ই বিষস্বৰূপ। কিন্তু মেক্সিক'ৰ কোনো অঞ্চল, পশ্চিম আমেৰিকাৰ স্থানীয় লোক আৰু ভাৰতৰো বহু লোকে ইয়াক দৰব হিচাপে ব্যৱহাৰ কৰে। শিয়ালকঁটাৰ ফুল মাৰ্চ মাহমানত বেছিকৈ ফুলে আৰু সেই সময়ছোৱাত ভাৰতৰ বহু প্ৰান্তত হোৱা হোলিকা দহন উৎসৱত মানুহে এই ফুলেৰে পূজা কৰে।

ৰাসায়নিক উপাদান

শিয়ালকাঁটাৰ গুটিত ২২–৩৬% লৈকে শেঁতা হালধীয়া বৰণৰ খোৱাৰ অনুপযোগী argemone oil নামৰ তেল থাকে য'ত বিষাক্ত এল্‌কালয়ড sanguinarine আৰু dihydrosanguinarine পোৱা যায়।

শিয়ালকাঁটাৰ গছৰ পৰা আন চাৰিবিধ এল্‌কালয়ড dehydrocorydalmine, jatrorrhizine, columbamine, আৰু oxyberberine নিষ্কাষণ কৰা হৈছে।৩

গছজোপাৰ ফল কাটিলে berberine আৰু protopine থকা তৰুক্ষীৰ ওলায়।

বিষপ্ৰভাৱ

এই গছৰ গুটিবোৰ দেখাত প্ৰায় সৰিয়হৰ গুটিৰ দৰে। সেইবাবে শিয়ালকাঁটা গুটিৰে সৰিয়হ ভেজাল কৰাৰ ফলত ই বিষাক্ত হৈ পৰে। ভাৰত, ফিজি দক্ষিণ আফ্ৰিকা আৰু অন্যান্য দেশত শিয়ালকাঁটাৰ বিষপ্ৰভাৱৰ ঘটনা ঘটিছে। ১৯৯৮ চনত ভাৰতত ই Epidemic dropsy নামেৰে মহামাৰীৰ ৰূপ লৈছিল। এই ৰোগত ৰোগীৰ ভৰি দুখন বৰকৈ ফুলি উঠে। মিঠাতেলত শিয়ালকাঁটা তেলৰ ১% ভেজাল থাকিলেও ৰোগৰ সৃষ্টি হয়।৪ ভাৰতত পৰিমাণ বঢ়াবলৈ শিয়ালকাঁটাৰ তেলত সূৰ্যমুখী তেল আৰু তিলৰ তেল যোগ কৰা হয়, কিন্তু এই কামে স্বাস্থ্য হানি কৰে। ফলত বহু তেলৰ ব্ৰেণ্ডে আজিকালি "no argemone oil" বুলি লিখি দিয়ে।৫

পৰম্পৰাগত ঔষধ

শিয়ালকাঁটাৰ ফল
শিয়ালকাঁটাৰ ফলছবি: দিব্য দত্ত · CC BY-SA 4.0

মেক্সিক'ৰ ছন'ৰা প্ৰদেশৰ ছেৰি লোকসকলে গোটেই গছজোপা কেঁচাকৈ বা শুকুৱাই ব্যৱহাৰ কৰে। ই বৃক্কৰ বিষ কমায়, ছিগা গৰ্ভফুল বাহিৰ কৰে আৰু সন্তান জন্মৰ পাছত শৰীৰ শুদ্ধ কৰে বুলি বিশ্বাস কৰা হয়।৬

স্পেনীয় লোকসকল ছন'ৰা আহোঁতে তেওঁলোকে এই গছক ঔষধৰ তালিকাত অন্তৰ্ভুক্ত কৰে। ইয়াৰ গুটিবোৰ শৌচ ঢিলা কৰিলৈ ব্যৱহৃত হৈছিল।৭

মালিৰ পৰম্পৰাগত বৈদ্যই শিয়ালকাঁটা চাহ মেলেৰিয়াৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰে।৮ এই ব্যৱহাৰ জটিলতা নথকা মেলেৰিয়াৰ চিকিৎসাৰ ক্ষেত্ৰত অধ্যয়ন কৰা হৈছে।৯১০ এটা অধ্যয়নৰ ৭৩% ৰোগীয়ে লক্ষণ ভাল পাইছিল, কিন্তু সৰহভাগৰে তেজৰ পৰা পৰজীৱী আঁতৰ হোৱা নাছিল।১১ আন এক অধ্যয়নে প্ৰকাশ কৰে যে গ্ৰাম্যাঞ্চলত মেলেৰিয়াৰ আধুনিক চিকিৎসা পোৱাত পলম হ'লে শিয়ালকাঁটা ফাষ্ট-এইড হিচাপে ব্যৱহাৰ কৰিব পাৰি।১২

ভাৰতৰ তামিলনাডু এই গছৰ ফুল গোটেই ৰাতি পানীত ডুবাই সেই পানী চকুৰ ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। ইয়াৰ লগতে ছালৰ ৰোগ, হাওঁফাওঁৰ ৰোগ, দাঁতৰ ৰোগ আদিতো ইয়াৰ ব্যৱহাৰ কৰা হয়।

তথ্যসূত্ৰ

  1. ↑ BSBI List 2007. Botanical Society of Britain and Ireland
  2. ↑ Thomas C. Fuller. (1986). Poisonous plants of California. University of California Press. পৃ. 201–. ISBN 978-0-520-05569-8
  3. ↑ Singh, S.; Singh, T. D.; Singh, V. P. (February 2010). Quaternary Alkaloids of Argemone mexicana'. Pharmaceutical Biology''. পৃ. 158–160
  4. ↑ Epidemic dropsy. বিশ্ব স্বাস্থ্য সংস্থা South East Asia Regional Office
  5. ↑ (31 August 2008). What is argemone oil?. The Times of India
  6. ↑ Felger, R. S.; Moser, M. B. (1985). People of the Desert and Sea. University of Arizona Press
  7. ↑ Moore, M. (1990). Los Remedios: Traditional Herbal Remedies of the Southwest. Museum of New Mexico Press
  8. ↑ Willcox, M. L.; Graz, B.; Falquet, J. (2007). 'Argemone mexicana Decoction for the Treatment of Uncomplicated Falciparum Malaria. Transactions of the Royal Society of Tropical Medicine and Hygiene''. পৃ. 1190–1198
  9. ↑ Merlin L Willco; Bertrand Graz; Jacques Falquet. (2011). A "reverse pharmacology" approach for developing an anti-malarial phytomedicine. Malaria Journal. পৃ. S8
  10. ↑ (2014-01-06). Drug Developers Take a Second Look at Herbal Medicines. Scientific American
  11. ↑ Merlin L. Willcox; Bertrand Graz; Jacques Falquet. (2007). Argemone mexicana decoction for the treatment of uncomplicated falciparum malaria. Trans R Soc Trop Med Hyg. পৃ. 1190–1198
  12. ↑ Bertrand Graza; Merlin L. Willcoxa; Chiaka Diakiteb. (2010). Argemone mexicana decoction versus artesunate-amodiaquine for the management of malaria in Mali: Policy and public-health implications. Trans R Soc Trop Med Hyg. পৃ. 33–41

সম্পৰ্কিত শ্ৰেণী

গুল্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শিয়ালকাঁটা” প্ৰবন্ধৰ সংশোধন ৬৩২৮২৯ (২৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।