ভুৱন অভনীন্দ্ৰ শংকৰ বাম (জন্ম ২২ জানুৱাৰী ১৯৯৪) ভাৰতৰ দিল্লীৰ এজন ভাৰতীয় কমেডিয়ান, লেখক, গায়ক, গীতিকাৰ, আৰু ইউটিউব ব্যক্তিত্ব। ইউটিউবত BB Ki Vines নামৰ কমেডী চেনেলটোৰ বাবে তেওঁ পৰিচিত।
মহাৰাষ্ট্ৰীয় বামে ১৯৯৪ চনৰ ২২ জানুৱাৰীত গুজৰাটৰ বদোদৰাত জন্মগ্ৰহণ কৰিছিল অভনীন্দ্ৰ আৰু পদ্ম বামৰ ঘৰত।১ পিছলৈ তেওঁৰ পৰিয়াল দিল্লীলৈ গুচি যায়। দিল্লীৰ গ্ৰীণ ফিল্ডছ স্কুলত পঢ়া-শুনা কৰি দিল্লী বিশ্ববিদ্যালয়ৰ শ্বহীদ ভগত সিং মহাবিদ্যালয়ৰ পৰা বুৰঞ্জীত স্নাতক ডিগ্ৰী লাভ কৰে। কভিদ-১৯ মহামাৰীত বামৰ মাক-দেউতাকৰ ২০২১ চনত মৃত্যু হয়।২
কভিদ-১৯ মহামাৰীত বামৰ মাক-দেউতাকৰ ২০২১ চনত মৃত্যু হয়।৩
তথ্যসূত্ৰ
- ↑ BBC News Hindi. (28 June 2019). Bhuvan Bam अपने YouTube चैनल BB Ki Vines से कितना पैसा कमाते हैं? (BBC Hindi)
- ↑ (24 May 2017). Youtube star Bhuvan Bam: Students need to know that there is a life #BeyondMarks
- ↑ (12 June 2021). Bhuvan Bam loses parents to Covid-19: 'Will have to learn to live again. Don't want to'. Hindustan Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভুৱন বাম” প্ৰবন্ধৰ সংশোধন ৫৪৫৮২৬ (২৮ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।