অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

মডেল অভিযান্ত্ৰিক মহাবিদ্যালয়, কোচি

গৱৰ্ণমেণ্ট মডেল ইঞ্জিনিয়াৰিং কলেজ (ইংৰাজী: Model Engineering College) বা চমুকৈ ‘এম.ই.চি.’ হৈছে ভাৰতৰ কেৰালা ৰাজ্যৰ কোচিৰ থ্ৰিক্কাকাৰাত অৱস্থিত এটা চৰকাৰী ব্যয়-ভাগ-বটৰা সামৰ্থ্যৰে চলোৱা কাৰিকৰী শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান।

হালনাগাদ: ১২ আগষ্ট ২০২৬ ৭৯৫ শব্দ · ৪ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

গৱৰ্ণমেণ্ট মডেল ইঞ্জিনিয়াৰিং কলেজ (ইংৰাজী ভাষা: Model Engineering College) বা চমুকৈ ‘এম.ই.চি.’ হৈছে ভাৰতৰ কেৰালা ৰাজ্যৰ কোচিৰ থ্ৰিক্কাকাৰাত অৱস্থিত এটা চৰকাৰী ব্যয়-ভাগ-বটৰা সামৰ্থ্যৰে চলোৱা কাৰিকৰী শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান। ১৯৮৯ চনত কেৰালা চৰকাৰৰ অধীনস্থ এক স্বায়ত্তশাসিত সংস্থা ‘ইনষ্টিটিউট অৱ হিউমেন ৰিচৰ্চ ডেভেলপমেণ্ট’ ৰদ্বাৰা ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল। ২০১৫ চনৰপৰা এই প্ৰতিষ্ঠানটো ‘এ.পি.জে. আব্দুল কালাম টেকন’লজিকেল ইউনিভাৰ্চিটি’ ৰ সৈতে পৰিচালিত আৰু সংলগ্ন হৈ আছে।

২০১৫ চনৰ পূৰ্বে এম.ই.চি. ‘কোচিন ইউনিভাৰ্চিটি অৱ চাইন্স এণ্ড টেকন’লজী’ ৰ অধীনত আছিল। "অনুপ্ৰাণিত কৰা, উদ্ভাৱন কৰা, নিৰ্মাণ কৰা" আদৰ্শ বাক্যৰে ২০০১ চনৰপৰা প্ৰতিষ্ঠানটোৱে ‘এক্সেল’ নামৰ এক বাৰ্ষিক ৰাষ্ট্ৰীয় প্ৰযুক্তি আৰু ব্যৱস্থাপনা উৎসৱৰ আয়োজন কৰি আহিছে।

প্ৰতিষ্ঠানটোৱে আগবঢ়োৱা সকলো ধৰণৰ বি.টেক. পাঠ্যক্ৰম ‘নেচনেল বোৰ্ড অৱ এক্ৰেডিটেচন’ ৰদ্বাৰা স্বীকৃতিপ্ৰাপ্ত।

ইতিহাস

১৯৮৭ চনত কেৰালা চৰকাৰে স্থাপন কৰা স্বায়ত্তশাসিত কাৰিকৰী শৈক্ষিক গৱেষণা প্ৰতিষ্ঠান ইনষ্টিটিউট অৱ হিউমেন ৰিচ’ৰ্চ ডেভেলপমেণ্ট (আই এইচ আৰ ডি)ৰদ্বাৰা ১৯৮৯ চনত এম ই চি স্থাপন কৰা হয়। ১৯৯৪ চনত এই প্ৰতিষ্ঠানটোৱে বৰ্তমানৰ চৌহদলৈ স্থানান্তৰিত হয়। ২০১৫ চনৰপৰা ই এ পি জে আব্দুল কালাম প্ৰযুক্তিগত বিশ্ববিদ্যালয় (কে টি ইউ)ৰ সৈতে জড়িত।১২

কেম্পাছ

সুবিধাসমূহ

  • অতিৰিক্ত দক্ষতা আহৰণ কাৰ্য্যসূচী (ASAP) কেৰালা ডেলিভাৰী প্লেটফৰ্ম৩
  • এম্ফিথিয়েটাৰ৩
  • বাস্কেটবল খেলপথাৰ৩
  • কেফেটেৰিয়া৩
  • কেন্দ্ৰীয় কম্পিউটিং কেন্দ্ৰ৩
  • কেন্দ্ৰীয় পুথিভঁৰাল৩
  • কলেজ বাছ৩
  • পৰামৰ্শদাতা সুবিধা৩
  • ফুটবল খেলপথাৰ৩
  • জিমনেছিয়াম৩
  • পৰীক্ষাগাৰ আৰু কৰ্মশালা৩
  • মূল প্ৰেক্ষাগৃহ৩
  • পুৰুষৰ হোষ্টেল৩
  • মুকলি আকাশৰ তলত থিয়েটাৰ৩
  • প্লেচমেণ্ট চেল৩
  • ভাৰতীয় ষ্টেট বেংক এটিএম৩
  • বিশ্ববিদ্যালয় গৱেষণা কেন্দ্ৰ৩
  • ৱাই-ফাই৩

সংগঠন আৰু প্ৰশাসন

শাসন ব্যৱস্থা

এম.ই.চি.-ৰ পৰিচালনা পৰিষদ ‘ইনষ্টিটিউট অৱ হিউমেন ৰিচৰ্চ ডেভেলপমেণ্ট’ ৰদ্বাৰা গঠন কৰা হয়।৪ এই পৰিষদখনত শিক্ষাবিদ, উদ্যোগপতি, সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদ, বিশ্ববিদ্যালয় অনুদান আয়োগ, ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, এ.পি.জে. আব্দুল কালাম টেকন’লজিকেল ইউনিভাৰ্চিটিৰ প্ৰতিনিধি, ৰাজ্যৰ উচ্চ শিক্ষা বিভাগৰ এজন চৰকাৰী মনোনীত ব্যক্তি, মহাবিদ্যালয়খনৰ অধ্যক্ষ আৰু কিছুসংখ্যক শিক্ষক-কৰ্মচাৰী অন্তৰ্ভুক্ত হৈ থাকে।৪

বিভাগসমূহ

এই প্ৰতিষ্ঠানটোত ছটা বিভাগ আছে। তেওঁলোক হৈছে:

  • কম্পিউটাৰ অভিযান্ত্ৰিক বিভাগ৫
  • ইলেক্ট্ৰনিক্স আৰু যোগাযোগ অভিযান্ত্ৰিক বিভাগ৫
  • বৈদ্যুতিক আৰু ইলেক্ট্ৰনিক্স অভিযান্ত্ৰিক বিভাগ৫
  • ইলেক্ট্ৰনিক্স আৰু জৈৱ চিকিৎসা অভিযান্ত্ৰিক বিভাগ৫
  • যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগ৫
  • প্ৰয়োগ বিজ্ঞান বিভাগ৫

শৈক্ষিক দিশ

স্নাতক কাৰ্যসূচী

এম.ই.চি. য়ে নিম্নলিখিত ৯টা পাঠ্যক্ৰমত বাৰ্ষিক ৬৬০ জন শিক্ষাৰ্থীৰ অনুমোদনপ্ৰাপ্ত নামভৰ্তিৰ আসনসহ চাৰিবছৰীয়া স্নাতক শৈক্ষিক ডিগ্ৰী প্ৰদান কৰে:

  • কম্পিউটাৰ ইঞ্জিনিয়াৰিং: ১৮০খন আসন৫
  • ইলেকট্ৰনিক্স এণ্ড কমিউনিকেচন ইঞ্জিনিয়াৰিং: ১২০খন আসন৫
  • কম্পিউটাৰ ইঞ্জিনিয়াৰিং (বিজনেছ চিষ্টেমছ): ৬০খন আসন৫
  • ইলেকট্ৰনিক্স ইঞ্জিনিয়াৰিং (ভি.এল.এছ.আই. ডিজাইন এণ্ড টেকন'লজী): ৬০খন আসন৫
  • ইলেকট্ৰিকেল এণ্ড ইলেকট্ৰনিক্স ইঞ্জিনিয়াৰিং: ৬০খন আসন৫
  • ইলেকট্ৰনিক্স এণ্ড বায়'মেডিকেল ইঞ্জিনিয়াৰিং: ৬০খন আসন৫
  • মেকানিকেল ইঞ্জিনিয়াৰিং: ৬০খন আসন৫
  • কৰ্মৰত পেছাদাৰীসকলৰ বাবে ইলেকট্ৰনিক্স এণ্ড কমিউনিকেচন ইঞ্জিনিয়াৰিং: ৩০খন আসন৫
  • কৰ্মৰত পেছাদাৰীসকলৰ বাবে ইলেকট্ৰিকেল এণ্ড ইলেকট্ৰনিক্স ইঞ্জিনিয়াৰিং: ৩০খন আসন৫

যিসকল শিক্ষাৰ্থীয়ে এই প্ৰতিষ্ঠানৰপৰা এই শৈক্ষিক পাঠ্যক্ৰমসমূহ সফলতাৰে সম্পূৰ্ণ কৰিব, তেওঁলোকে শেষত এ.পি.জে. আব্দুল কালাম টেকন'লজিকেল ইউনিভাৰ্চিটিৰদ্বাৰা প্ৰদান কৰা বেচেলৰ অৱ টেকন'লজী (বি.টেক.) ডিগ্ৰী লাভ কৰিব।৫

প্ৰতিষ্ঠানখনৰদ্বাৰা প্ৰদান কৰা সকলো বি.টেক. (B.Tech.) পাঠ্যক্ৰম নেচনেল ব'ৰ্ড অৱ এক্ৰেডিটেচন (NBA) ৰদ্বাৰা স্বীকৃত।৬

স্নাতকোত্তৰ কাৰ্যসূচী

প্ৰতিষ্ঠানখনে নিম্নলিখিত চাৰিটা বিশেষীকৰণত বাৰ্ষিক ৭৮ জন শিক্ষাৰ্থীৰ৫ অনুমোদনপ্ৰাপ্ত নামভৰ্তিৰ আসনসহ দুবছৰীয়া স্নাতকোত্তৰ শৈক্ষিক ডিগ্ৰীও প্ৰদান কৰে:

  • ভি.এল.এছ.আই. ডিজাইন এণ্ড এমবেডেড চিষ্টেমছ: ২৪খন আসন৫
  • ডাটা ছাইঞ্চ: ১৮খন আসন৫
  • এনাৰ্জী মেনেজমেণ্ট: ১৮খন আসন৫

যিসকল শিক্ষাৰ্থীয়ে এই প্ৰতিষ্ঠানৰপৰা এই শৈক্ষিক পাঠ্যক্ৰমসমূহ সফলতাৰে সম্পূৰ্ণ কৰিব, তেওঁলোকে শেষত এ.পি.জে. আব্দুল কালাম টেকন'লজিকেল ইউনিভাৰ্চিটিৰদ্বাৰা প্ৰদান কৰা মাষ্টাৰ অৱ টেকন'লজী (M.Tech.) ডিগ্ৰী লাভ কৰিব। যিহেতু এইখন এখন চৰকাৰী মহাবিদ্যালয়, গতিকে নামভৰ্তিৰ বাবে গেট (GATE) স্ক'ৰ হৈছে অন্যতম মাপকাঠী।৫

মূল একাডেমিক ব্লক
মূল একাডেমিক ব্লকছবি: Sivahari · CC BY-SA 3.0

নামভৰ্তি

তিষ্ঠানখনে আগবঢ়োৱা শৈক্ষিক পাঠ্যক্ৰমসমূহৰ নামভৰ্তি প্ৰক্ৰিয়া আৰু মাচুলৰ গাঁথনি ক্ৰমে এ.পি.জে. আব্দুল কালাম টেকন'লজিকেল ইউনিভাৰ্চিটি (KTU) আৰু ইনষ্টিটিউট অৱ হিউমেন ৰিচ'ৰ্ছেছ ডেভেলপমেণ্ট (IHRD) ৰদ্বাৰা নিৰ্ধাৰণ কৰা হয়।

কেৰালাৰ 'কমিশ্বনাৰ অৱ এণ্ট্ৰেন্স এক্জামিনেশ্যনছ' (CEE) ৰদ্বাৰা অনুষ্ঠিত 'KEAM প্ৰৱেশ পৰীক্ষা'ত আবেদনকাৰীসকলৰ প্ৰদৰ্শনৰ আধাৰত প্ৰস্তুত কৰা ৰেংক-তালিকাৰ ওপৰত ভিত্তি কৰি স্নাতক পাঠ্যক্ৰমসমূহত নামভৰ্তি কৰা হয়। প্ৰতিষ্ঠানখনে প্ৰদান কৰা পাঠ্যক্ৰমসমূহৰ মুঠ আসনৰ ১৫% অনাবাসী ভাৰতীয় (NRI)সকলৰ বাবে সংৰক্ষিত।

প্ৰতিষ্ঠানখনে আগবঢ়োৱা স্নাতকোত্তৰ পাঠ্যক্ৰমসমূহত নামভৰ্তি 'ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন'লজী' (IITs)৭ সমূহে অনুষ্ঠিত কৰা 'গ্ৰেজুৱেট এপ্টাটিউড টেষ্ট ইন ইঞ্জিনিয়াৰিং' (GATE) ৰ ৰেংক-তালিকাৰ ওপৰত আধাৰিত। খালী থকা আসনসমূহ ছাত্ৰ-ছাত্ৰীসকলৰ বাসিন্দাগ্ৰহণ, প্ৰাপ্ত নম্বৰৰ শতাংশ আৰু সংৰক্ষণৰ মাপকাঠিৰ আধাৰত পূৰণ কৰা হয়।

এম ই চিত অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেচন (AICTE)ৰ পৃষ্ঠপোষকতাত অনুষদ বিকাশ কাৰ্যসূচী
এম ই চিত অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেচন (AICTE)ৰ পৃষ্ঠপোষকতাত অনুষদ বিকাশ কাৰ্যসূচীছবি: Sivahari · CC BY-SA 3.0

গৱেষণা

২০১০ চনত 'কোচিন ইউনিভাৰ্চিটি অৱ ছাইঞ্চ এণ্ড টেকন'লজী' (CUSAT) ৰদ্বাৰা 'ইলেকট্ৰনিক্স এণ্ড কমিউনিকেচন ইঞ্জিনিয়াৰিং' শাখাৰ গৱেষণা কেন্দ্ৰ হিচাপে স্বীকৃতি লাভ কৰা এম.ই.চি. (MEC) কেৰালাৰ প্ৰথমখন ইঞ্জিনিয়াৰিং মহাবিদ্যালয় আছিল। ২০১০ চনৰ গৱেষণাৰ ক্ষেত্ৰসমূহৰ ভিতৰত ডিজিটেল ইমেজ প্ৰচেচিং, চিগনেল প্ৰচেচিং আৰু অপটিকেল কমিউনিকেচন অন্তৰ্ভুক্ত আছিল।৫

পৰৱৰ্তী সময়ত, এ.পি.জে. আব্দুল কালাম টেকন'লজিকেল ইউনিভাৰ্চিটি (KTU) এ মাইক্ৰ’ৱেভ ইঞ্জিনিয়াৰিং, বায়’মেডিকেল চিগনেল এণ্ড ইমেজ প্ৰচেচিং, ভি.এল.এছ.আই. এণ্ড এমবেডেড চিষ্টেমছ, ৰিলায়েবিলিটি ইঞ্জিনিয়াৰিং আদি বিভিন্ন বিশেষীকৰণলৈ এই গৱেষণা সম্প্ৰসাৰিত কৰে।৫

এম ই চিত ৰবটিক্স কৰ্মশালা
এম ই চিত ৰবটিক্স কৰ্মশালাছবি: Mecian · Public domain

২০২২ চনৰ ছেপ্টেম্বৰ মাহত, এ.পি.জে. আব্দুল কালাম টেকন'লজিকেল ইউনিভাৰ্চিটি (KTU) এ ঔদ্যোগিক সংযোগ (industrial linkages) ৰ সৈতে কম্পিউটাৰ ইঞ্জিনিয়াৰিং শাখাৰ৮ নিম্নলিখিত ক্ষেত্ৰসমূহত উন্নত শিক্ষা আৰু গৱেষণাৰ বাবে এম.ই.চি. ত এটা 'চেণ্টাৰ অৱ এক্সেলেন্স' (CoE) স্থাপন কৰাৰ সিদ্ধান্ত লয়:

  • কৃত্ৰিম বুদ্ধিমত্তা (AI)
  • মেচিন লাৰ্নিং (ML)
  • ৰ'বটিক্স
  • অটোমেচন৯

প্ৰতিষ্ঠানখনৰ প্ৰায় ৬০,০০০ বৰ্গফুট স্থানত এই বিশ্ববিদ্যালয় গৱেষণা কেন্দ্ৰটো নিৰ্মাণ কৰা হ'ব।৯

পৰম্পৰা আৰু ছাত্ৰ-ছাত্ৰীৰ কাৰ্য্যকলাপ

প্ৰতিষ্ঠানটোৰ আগশাৰীৰ ছাত্ৰ সংগঠনটো হৈছে চেনেট, য’ত প্ৰতিটো ধাৰাৰপৰা নিৰ্বাচিত প্ৰতিনিধি থাকে। প্ৰতিষ্ঠানটোত কেইবাটাও ছাত্ৰ সংস্থা আছে, কাৰিকৰী আৰু অকাৰিকৰী দুয়োটা প্ৰকৃতিৰ।

TEDx MEC ৰদ্বাৰা পৰিচালিত এখন বৈঠক
TEDx MEC ৰদ্বাৰা পৰিচালিত এখন বৈঠকছবি: Sivahari · CC BY-SA 3.0

কাৰিকৰী সংস্থাসমূহ

ইয়াৰ ভিতৰত 'ইন'ৱেশ্যন এণ্ড এণ্ট্ৰপ্ৰেনিঅ'ৰশ্বিপ ডেভেলপমেণ্ট চেল' অন্তৰ্ভুক্ত, যি হৈছে এম.ই.চি. ৰ 'টেকন'লজী বিজনেছ ইনক্যুবেটৰ'ৰ অধীনত পঞ্জীয়নভুক্ত এটা সম্পূৰ্ণ সক্ৰিয় ছাত্ৰ গোট। এই চেলটোৱে শিক্ষাৰ্থীসকলক তেওঁলোকৰ চিন্তাধাৰাসমূহ কাৰ্যকৰী কৰিবলৈ আৰু আগুৱাই নিবলৈ এটা মঞ্চ প্ৰদান কৰে।১০১১১২ আই.ই.ই.ই. ষ্টুডেণ্টছ ব্ৰাঞ্চ, ইলেকট্ৰনিক্স এচ'ছিয়েচন (মিক্সড্ চিগনেলছ), ইলেক্ট্ৰিকেল মাইণ্ডছ ফোৰাম, এম.ই.চি. এচ'ছিয়েচন অৱ কম্পিউটাৰ ষ্টুডেণ্টছ, বায়'মেডিকেল এচ'ছিয়েচন, মডেল এমেচাৰ ৰেডিঅ' এচ'ছিয়েচন, ফছ এম.ই.চি., আই.ই.টি.ই. ষ্টুডেণ্টছ ব্ৰাঞ্চ, টেডএক্স এম.ই.চি., টপগিয়াৰ এম.ই.চি. (মেকানিকেল এচ'ছিয়েচন), চাইবৰ্গ নামৰ এটা ৰ'বটিক্স ক্লাৱ আৰু এন.এছ.ডি.চি. এম.ই.চি. হৈছে প্ৰতিষ্ঠানখনৰ আন কেইটামান ছাত্ৰ কাৰিকৰী সংগঠন।১৩১৪

এম.ই.চি. ত একাধিক কাৰিকৰী সম্প্ৰদায় আৰু ক্লাৱৰ শাখা আছে, যিবোৰে ছাত্ৰ-ছাত্ৰীসকলক মূল কাৰিকৰী আৰু প্ৰাসংগিক বিষয়সমূহত জ্ঞান অৰ্জন কৰাত সহায় কৰিবলৈ অতি সক্ৰিয়ভাৱে কাম কৰে। ইয়াৰ ভিতৰত আছে:

  • হেক ক্লাৱ এম.ই.চি. (Hack Club MEC): আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায় 'হেক ক্লাৱ'ৰ এম.ই.চি. শাখা।
  • ডি.এছ.চি. এম.ই.চি. (DSC MEC): 'ডেভেলপাৰ ষ্টুডেণ্টছ ক্লাৱ' (গুগল) ৰ এম.ই.চি. শাখা।
  • টিংকাৰহাব এম.ই.চি. (Tinkerhub MEC): 'টিংকাৰহাব কেৰালা'ৰ এম.ই.চি. শাখা।

অকাৰিকৰী সংস্থা

ইয়াৰ ভিতৰত 'ইলুমিনাটি' (কুৱিজ ফ্ৰেটাৰনিটি)১৫, ডিবেট ক্লাৱ, 'দ্য বুক থিভছ' (সাহিত্য ক্লাৱ), 'ভাৰতনাম' (সংগীত ক্লাৱ), 'ভূমিমিত্ৰসেনা' (পৰিৱেশসংক্ৰান্তীয় ক্লাৱ) আৰু 'নেচনেল চাৰ্ভিছ স্কীম' (NSS) ৰ শাখাৰ লগতে আন বহুতো অন্তৰ্ভুক্ত।১৬১১

এক্সেল ২০১৪ ৰ অফিচিয়েল ল’গ’
এক্সেল ২০১৪ ৰ অফিচিয়েল ল’গ’ছবি: HarisankarPK · CC BY-SA 3.0

এক্সেল

'এক্সেল' (Excel) হৈছে "ইনস্পায়াৰ, ইন'ভেট, ইঞ্জিনিয়াৰ" মূলমন্ত্ৰৰ অধীনত এম.ই.চি.ৰদ্বাৰা আয়োজিত বাৰ্ষিক ৰাষ্ট্ৰীয় কাৰিকৰী-প্ৰবন্ধকীয় মহোৎসৱ। এই অনুষ্ঠানটো তিনিদিন ধৰি অনুষ্ঠিত হয় আৰু মহাবিদ্যালয়খনৰ আই.ই.ই.ই. (IEEE) ষ্টুডেণ্টছ ব্ৰাঞ্চৰ সহযোগত পৰিচালনা কৰা হয়।১৭ ২০০১ চনত আৰম্ভ হোৱাৰপৰা প্ৰতি বছৰে এই মহোৎসৱভাগ আয়োজন কৰি অহা হৈছে। ২০০১ চনত আৰম্ভণিৰেপৰাই ই এক সৰ্বভাৰতীয় বাৰ্ষিক কাৰিকৰী মহোৎসৱ হিচাপে অনুষ্ঠিত হৈ আহিছে।১৮

টেকন’প্ৰেনিউৰ

ই হৈছে এম.ই.চি. ৰ বাৰ্ষিক ৰাষ্ট্ৰীয় পৰ্যায়ৰ উদ্যোগী আৰু প্ৰবন্ধকীয় সন্মিলন তথা 'আই.ই.ডি.চি. এম.ই.চি.' ৰ মূল কাৰ্যসূচী। 'টেকন’প্ৰেনিয়ৰ'ৰ প্ৰথম সংস্কৰণ 'টেকন’প্ৰেনিয়ৰ ২০০৬' এ মুম্বাইত অনুষ্ঠিত 'চি.আই.আই. নেচনেল চাবমিট'ত 'শ্ৰেষ্ঠ ই-নেট' (Best Yi-Net) অনুষ্ঠানৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। 'টেকন’প্ৰেনিয়ৰ'ৰ ১৩তম সংস্কৰণ ২০২৩ চনৰ মাৰ্চ মাহত অনুষ্ঠিত হ'ব। এই সন্মিলনে সমগ্ৰ দেশৰে ২০০০ ৰো অধিক প্ৰতিযোগীক আকৰ্ষণ কৰে।১৯২০

কলা আৰু ক্ৰীড়া

কলেজ চিনেটে প্ৰতি বছৰে কলা আৰু ক্ৰীড়া মহোৎসৱসমূহ অনুষ্ঠিত কৰে। কলেজ চিনেটে ছাত্ৰ-ছাত্ৰীসকলক ৪টা হাউছত বিভক্ত কৰে, যাৰ প্ৰত্যেকৰে এজন অধিনায়ক আৰু এজন সহ-অধিনায়ক থাকে। হাউছসমূহে বিভিন্ন প্ৰতিযোগিতাৰ মাধ্যমেৰে কলা, ক্ৰীড়া আৰু সৰ্বশ্ৰেষ্ঠ ট্ৰফীৰ বাবে ইটোৱে সিটোৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰে। কেৱল কলা আৰু ক্ৰীড়া প্ৰতিযোগিতাৰ বাবেহে এই হাউছসমূহ গঠন কৰা হয় আৰু মহোৎসৱৰ পিছতেই এইবোৰ ভাঙি দিয়া হয়। ইয়াৰ উপৰি এটা মহাবিদ্যালয় উদঘাটনী অনুষ্ঠান অনুষ্ঠিত হয়। কলা আৰু ক্ৰীড়া মহোৎসৱসমূহ প্ৰতি বছৰে যুগ্ম ষাণ্মাসিকসমূহত অনুষ্ঠিত কৰা হয়। বিশ্ববিদ্যালয়খনৰ কলা মহোৎসৱৰ নাম 'সৰগম' ৰখা হৈছিল, যিটো পিছলৈ 'লয়তৰংগ' লৈ সলনি কৰা হয়। বাৰ্ষিক ক্ৰীড়া মহোৎসৱৰ নাম 'চক্ৰব্যূহ'। এম.ই.চি. এ ধাৰাবাহিকভাৱে তৃতীয়বাৰৰ বাবে 'কোচিন ইউনিভাৰ্চিটি অৱ ছাইঞ্চ এণ্ড টেকন'লজী' ৰ আন্তঃ-মহাবিদ্যালয় কলা মহোৎসৱ 'সৰগম-২০১৩' (SARGAM-2013) ৰ সৰ্বশ্ৰেষ্ঠ চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছিল।২১২২২৩২৪

সংস্থাপন

কৰ'নাভাইৰাছ ৰোগ ২০১৯ (COVID-19) অতিমাৰী সত্ত্বেও, ২০১৯-২০ বৰ্ষৰ এম.ই.চি.ৰ উত্তীৰ্ণ শিক্ষাৰ্থীসকলে ২০২০ চনত প্ৰায় ১০০% প্লেচমেণ্ট লাভ কৰে। ২০২০ চনত প্ৰতিষ্ঠানখনৰপৰা উত্তীৰ্ণ হোৱা ৩৬০ জন শিক্ষাৰ্থীৰ প্ৰায় সকলোৱেই এম.ই.চি. ৰদ্বাৰা অনুষ্ঠিত কেম্পাছ প্লেচমেণ্ট ড্ৰাইভত ৮০ টাতকৈও অধিক প্ৰতিষ্ঠানত নিযুক্তি লাভ কৰে। ২০২০ চনত কেম্পাছৰপৰা শিক্ষাৰ্থীসকলক নিযুক্তি দিয়া বহুজাতিক প্ৰতিষ্ঠানসমূহৰ ভিতৰত এমেজন, মাইক্ৰ’ছফ্ট, ৰবাৰ্ট বচ, লিংকডইন, চাৰ্ভিচনাও, আমাডিউছ আই টি গ্ৰুপ, ডেলইট, চিন'পচিছ, ফেক্টচেট, চাইপ্ৰেছ ছেমিকণ্ডাক্টৰ, অ'ৰাকল কৰ্প'ৰেচন আৰু ৰেডবাছ অন্তৰ্ভুক্ত আছিল। অতিমাৰীৰ সময়ছোৱাত সৰ্বোচ্চ পে’ পেকেজ আছিল প্ৰায় বাৰ্ষিক ৩০ লাখ টকা। প্ৰডাক্টভিত্তিক প্ৰতিষ্ঠানসমূহৰ বাবে গড় পে’ পেকেজ আছিল বাৰ্ষিক ৬.৬ লাখ টকা আৰু সেৱাভিত্তিক প্ৰতিষ্ঠানসমূহৰ বাবে বাৰ্ষিক ৪.৫ লাখ টকা।২৫

প্ৰাক্তন ছাত্ৰ-ছাত্ৰী

'xMEC' (এক্স-এম.ই.চি.) হৈছে এম.ই.চি. (MEC) ৰ প্ৰাপ্তন ছাত্ৰ-ছাত্ৰীসকলৰ আনুষ্ঠানিক নেটৱৰ্ক।২৬২৭

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ History. Govt. Model Engineering College
  2. ↑ Govt. Model Engineering College, Thrikkakara. www.mec.ac.in
  3. ↑ Facilities in MEC
  4. ↑ Administration. mec.ac.in
  5. ↑ Admissions, Academic Programs, and Research facilities in Model Engineering College. mec.ac.in
  6. ↑ (2007-10-30). India and the Washington Accord. দ্য হিন্দু
  7. ↑ GATE Office, IITM
  8. ↑ (29 September 2022). APJ Abdul Kalam Technological University to establish three centres of excellence. The Hindu
  9. ↑ (21 December 2022). Model Engineering College to set up centre of excellence in AI, Robotics. The Hindu
  10. ↑ IEDCMEC
  11. ↑ Krishnakumar, G. (2013-04-10). A model college for entrepreneurs. The Hindu
  12. ↑ College hosts inspirational series for students | Kochi News - Times of India. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  13. ↑ (2012-05-29). Workshop to test skills of engineering students. The Hindu
  14. ↑ (2012-05-29). 'Technical Workshop Marathon 2012' Begins in Kochi. KOCHIVIBE
  15. ↑ (2008-12-04). Keeping alive a precious memory. দ্য হিন্দু
  16. ↑ (2011-08-21). Students provide a shade for the needy. The Hindu
  17. ↑ About Excel
  18. ↑ (2008-01-30). Excel 2012, 13th edition. দ্য হিন্দু
  19. ↑ Technopreneur 2021 | National E-Summit of MEC
  20. ↑ Calling all technopreneurs
  21. ↑ Sargam Results
  22. ↑ (2013-03-16). Model Engineering College leads in 'Sargam'. The New Indian Express
  23. ↑ (2012-03-07). Model Engineering College bags trophy. CNN IBN
  24. ↑ (2012-03-06). MEC champions in Cusat fete. The Hindu
  25. ↑ (3 September 2020). Despite pandemic, MEC sees near-100% placements. The Hindu
  26. ↑ (8 October 2021). Model Engineering College alumni association launches new scholarship. The Hindu
  27. ↑ G. Krishnakumar. (28 August 2020). COVID-19 financial crisis takes a toll on college students' online learning. The Hindu

সম্পৰ্কিত শ্ৰেণী

কোচি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মডেল অভিযান্ত্ৰিক মহাবিদ্যালয়, কোচি” প্ৰবন্ধৰ সংশোধন ৬২৬৩৮৭ (১২ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।