অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

কিচ্‌কণ্ডি

কিচ্‌কন্যা (নেপালী: किच्कन्या) বা কিচ্‌কণ্ডি (নেপালী: किच्कन्डी) নেপালী লোককথা বা পৌৰাণিক কাহিনীত বৰ্ণনা কৰা এগৰাকী নাৰীৰ আত্মা। মৃতদেহৰ দহন নোহোৱা কোনো অংশ বিশেষকৈ হাড়ত এই আত্মা সংযুক্ত হৈ থাকে। সাধাৰণতে কিচ্‌কন্যাক কোনো বিশেষ স্থানত বাস কৰা একক আত্মা বুলি জনা যায়।

হালনাগাদ: ৩০ জুন ২০২৬ ২১৮ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

কিচ্‌কন্যা (নেপালী: किच्कन्या) বা কিচ্‌কণ্ডি (নেপালী: किच्कन्डी) নেপালী লোককথা বা পৌৰাণিক কাহিনীত বৰ্ণনা কৰা এগৰাকী নাৰীৰ আত্মা।১ মৃতদেহৰ দহন নোহোৱা কোনো অংশ বিশেষকৈ হাড়ত এই আত্মা সংযুক্ত হৈ থাকে।

সাধাৰণতে কিচ্‌কন্যাক কোনো বিশেষ স্থানত বাস কৰা একক আত্মা বুলি জনা যায়। শিশুসকল প্ৰায়ে এনে নিৰ্যাতিত আত্মাৰ কাহিনী শুনি ডাঙৰ হয়, এই আত্মাবোৰে নিজৰ অকাল মৃত্যুৰ স্থানত বিচৰণ কৰি ফুৰে। এই মহিলাসকল জীৱিত অৱস্থাত কোনো ধৰণৰ অন্যায় বা নিৰ্যাতনৰ বলি হৈছিল নাইবা প্ৰসৱ বা গৰ্ভাৱস্থাত মৃত্যু হৈছিল। উপলভ্য তথ্য অনুসৰি তেওঁলোকৰ চুলি অস্বাভাৱিকভাৱে দীঘল আৰু ক’লা, দেহৰ ৰং শেঁতা আৰু হাড়ৰ দৰে আৰু ৰঙা কইনা সাজ-পোছাক পৰিধান কৰা বুলি ধাৰণা কৰা হৈছে। কোৱা হয় যে ইহঁতৰ পিছলৈ মুখ কৰা ভৰি দুখন চাই ইহঁতক চিনাক্ত কৰিব পাৰি।

মানুহে সাধাৰণতে ইহঁতক এগৰাকী মোহনীয় আৰু গাভৰু ছোৱালী বুলি বৰ্ণনা কৰে, যিয়ে এজন অকলশৰীয়া পুৰুষ ভ্ৰমণকাৰীক প্ৰলোভিত কৰে২ আৰু তেওঁলোকৰ জীৱনশক্তি ক্ষয় কৰে। এনে আত্মাৰ কবলত পৰা লোকসকলে জীৱনৰ ত্যাগ কৰিবলগীয়া হয় নাইবা অতিশয় ক্ষীণ হৈ পৰে বুলি কোৱা হৈছে। স্থানীয় লোক আৰু গাড়ী চালকে কোৱা আন আন কাহিনী অনুসৰি এই আত্মাবোৰে গভীৰ নিশা চালকক প্ৰলোভিত কৰাও কথাও শুনা যায়। যেতিয়া বাহন বা মটৰবাইকৰ চালকে গাভৰুৰ ৰূপ ধাৰণ কৰা এই আত্মাৰ নিৰ্দেশনা অনুসৰণ কৰে, তেতিয়া তেওঁলোকক কোনো মন্দিৰ বা কোনো কবৰস্থানলৈ লৈ যোৱা হয়।৩

জনপ্ৰিয় সংস্কৃতিত

২০২১ চনৰ মুক্তি পোৱা বলীউডৰ ছবি ভূত পুলিচত মায়া (যামী গৌতমে অভিনয় কৰা) চৰিত্ৰটো চাহবাগিছাত কিচ্‌কণ্ডিৰ কবলত পৰিছিল।৪৫

আৰু চাওক

  • কিচকালন্যা

তথ্যসূত্ৰ

  1. ↑ Ravindra, Smriti Jaiswal. (Mar 27, 2015). Kichkandi. Kathmandu Post
  2. ↑ Kuros!, Kuro Tawil Founder of. (2014-06-02). Fighting the War on Women: Arming Women to Fight Sexual Assault Worldwide. The Huffington Post
  3. ↑ 9 popular mythical/supernatural characters prevalent in Nepali culture - OnlineKhabar English News
  4. ↑ (2021-09-10). Bhoot Police Review: Arjun Kapoor, Saif Ali Khan's Camaraderie Keeps the Film Going. News18
  5. ↑ (2021-09-10). Bhoot Police movie review: Saif Ali Khan sizzles in a breezy horror comedy. Firstpost

সম্পৰ্কিত শ্ৰেণী

কিংবদন্তিমূলক জীৱনেপালৰ সংস্কৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কিচ্‌কণ্ডি” প্ৰবন্ধৰ সংশোধন ৬১৫০৬৭ (৩০ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।