অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

ওৰাং পেণ্ডেক

ওৰাং পেণ্ডেক (ইংৰাজী: Orang Pendek, ইণ্ডোনেছিয়ান ভাষাত ‘চাপৰ মানুহ’) ইণ্ডোনেছিয়াৰ শ্ৰুতিকথাত বৰ্ণনা কৰা সুমাত্ৰা দ্বীপৰ দূৰৱৰ্তী, পাহাৰীয়া অৰণ্যত বাস কৰে বুলি বিশ্বাস কৰা এবিধ কিংবদন্তিমূলক জীৱ।

হালনাগাদ: ২৭ জানুৱাৰী ২০২৬ ২০৩ শব্দ · ১ মিনিট সংগৃহীত ৬৫
সংশোধনৰ পৰামৰ্শ

ওৰাং পেণ্ডেক (ইংৰাজী: Orang Pendek, ইণ্ডোনেছিয়ান ভাষাত ‘চাপৰ মানুহ’) ইণ্ডোনেছিয়াৰ শ্ৰুতিকথাত বৰ্ণনা কৰা সুমাত্ৰা দ্বীপৰ দূৰৱৰ্তী, পাহাৰীয়া অৰণ্যত বাস কৰে বুলি বিশ্বাস কৰা এবিধ কিংবদন্তিমূলক জীৱ। এই জীৱটোক বনত বাসকৰা জনগোষ্ঠী, স্থানীয় গাঁৱৰ লোক, ডাচ উপনিবেশিক, আৰু পশ্চিমীয়া বিজ্ঞানী আৰু ভ্ৰমণকাৰীয়ে কমেও ১০০ বছৰ ধৰি দেখা বুলি দাবী কৰাৰ লগতে নথিভুক্ত কৰি আহিছে। সাক্ষীসকলে মত প্ৰকাশ কৰিছে যে মাটিত বাস কৰা, চুটি নোমেৰে আবৃত এই দ্বিপদী বান্দৰজাতীয় প্ৰাণীটো ৮০ৰ পৰা ১৫০ চে.মি.(৩০ৰ পৰা ৬০ ইঞ্চি) ওখ।১

বুকিট দুয়াবেলাছ (Bukit Duabelas) ৰাষ্ট্ৰীয় উদ্যানত ওৰাং ৰিম্বা নামৰ জনগোষ্ঠীৰ লোকসকলে "হাণ্টু পেণ্ডেক" নামেৰে জনাজাত এটা জীৱৰ কথা কয়, যাৰ বৰ্ণনা ওৰাং পেণ্ডেকৰ বৰ্ণনাৰ সৈতে ওতঃপ্ৰোতভাৱে মিলে। কিন্তু হাণ্টু পেণ্ডেকক প্ৰাণীতকৈ অতিপ্ৰাকৃতিক সত্তা বা দানৱ বুলিহে ভবা হয়, হাণ্টু পেণ্ডেকৰ অনুবাদ হৈছে "চাপৰ ভূত"।২

অৱস্থান

সুমাত্ৰাৰ কেৰিঞ্চি চেব্লাট ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত নতুনকৈ মুকলি কৰা মাটিত কৃষক
সুমাত্ৰাৰ কেৰিঞ্চি চেব্লাট ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত নতুনকৈ মুকলি কৰা মাটিত কৃষকছবি: Schlegel · CC BY-SA 4.0

ঐতিহাসিকভাৱে ওৰাং পেণ্ডেক আৰু অনুৰূপ প্ৰাণীবোৰ ইণ্ডোনেছিয়াৰ সুমাত্ৰা, আৰু দক্ষিণ-পূব এছিয়াৰ ভূ-প্ৰকৃতিত বাস কৰা বুলি কোৱা হৈছে যদিও দাবী কৰা হৈছে যে মধ্য সুমাত্ৰাৰ কেৰিনচি ৰিজেন্সিৰ ভিতৰত আৰু বিশেষকৈ কেৰিনচি চেব্লাট ৰাষ্ট্ৰীয় উদ্যানৰ (Kerinci Seblat National Park) সীমান্তত দেখা গৈছে।৩ বিষুৱৰেখাৰ পৰা ২° দক্ষিণে অৱস্থিত এই উদ্যানখন বুকিট বাৰিছান পৰ্বতমালাৰ ভিতৰত অৱস্থিত আৰু ইয়াত বিশ্বৰ কিছুমান অতি দূৰৱৰ্তী প্ৰাথমিক বৰ্ষাৰণ্য আছে। উদ্যানখনৰ ভিতৰৰ বাসস্থানৰ প্ৰকাৰসমূহৰ ভিতৰত নিম্নভূমিৰ ডিপ্টেৰ'কাৰ্প বৰ্ষাৰণ্য, পাহাৰীয়া অৰণ্য আৰু ইণ্ডোনেছিয়াৰ দ্বিতীয় সৰ্বোচ্চ শৃংগ মাউণ্ট কেৰিঞ্চিৰ আগ্নেয়গিৰিৰ আলপাইন গঠন আদি অন্তৰ্ভুক্ত।৩

তথ্যসূত্ৰ

  1. ↑ Smith, Charles A. (1924-11-09). Reported Find of Missing Link Will Be Probed. Nevada State Journal
  2. ↑ Sager, Steven (2008). The Sky is our Roof, the Earth our Floor: Orang Rimba Customs and Religion in the Bukit Duabelas Region of Jambi, Sumatra
  3. ↑ (2004). Kerinci Seblat National Park. Kerinci Seblat National Park

সম্পৰ্কিত শ্ৰেণী

কিংবদন্তিমূলক জীৱ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ওৰাং পেণ্ডেক” প্ৰবন্ধৰ সংশোধন ৫৭২০৫৪ (২৭ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।