শ্বিকিগামি (জাপানী: 式神) (শ্বিকি-নো-কামি (式の神) বুলিও পঢ়া) শব্দটো জাপানী লোককথাৰ এবিধ সত্তাৰ বাবে ব্যৱহাৰ কৰা হয়। শ্বিণ্ট' পণ্ডিত ইনোৱে নোবুটাকাৰ মতে শ্বিকিগামিক এক প্ৰকাৰৰ সৰু ভূতক প্ৰতিনিধিত্ব কৰা কামি বুলি ভবা হয়।১ শ্বিকিগামিৰ বিশ্বাস অনম্যোডোৰ পৰাই উদ্ভৱ হৈছে। অনম্যোডোৰ (Onmyōdō) পৰম্পৰা অনুসৰি শ্বিকিগামি অনমিঅ'জিৰ (onmyōji) শক্তিৰ প্ৰতীক, কাৰণ অনমিঅ'জিয়ে যাদুকৰী শক্তিৰে শ্বিকিগামিক মুক্তভাৱে ব্যৱহাৰ কৰিব পাৰে। হেইয়ান যুগৰ ১০০০ চনৰ পৰাই ইয়াক "অভিশাপ"ৰ সৈতে জড়িত কৰা হয় আৰু জাপানী সাহিত্য আৰু ইমাকিমোনোত (Emakimono) ইয়াক প্ৰায়ে চৰাই বা শিশু হিচাপে চিত্ৰিত কৰা হয়।২
বিৱৰণ
শ্বিকিগামি হৈছে যাদুকৰী সত্তা, যিবোৰক এক জটিল যাদুকৰী অনুষ্ঠানৰ জৰিয়তে জীবন্ত কৰি তোলা হয়। তেওঁলোকৰ শক্তি তেওঁলোকৰ গৰাকীৰ আধ্যাত্মিক শক্তিৰ সৈতে জড়িত, যদি আহ্বানকাৰীয়ে ভালদৰে চিনি পায় আৰু বহু অভিজ্ঞতা থাকে, তেন্তে তেওঁলোকৰ শ্বিকিয়ে জীৱ-জন্তু আনকি মানুহৰ ওপৰতো আধিপত্য বিস্তাৰ কৰিব পাৰে আৰু তেওঁলোকক হেঁচা মাৰি ধৰিব পাৰে, কিন্তু আহ্বানকাৰীয়ে অসাৱধান হ’লে তেওঁলোকৰ শ্বিকিগামীয়ে সময়ত নিয়ন্ত্ৰণৰ বাহিৰলৈ ওলাই আহি নিজৰ ইচ্ছা আৰু চেতনা লাভ কৰিব পাৰে আৰু আনকি নিজৰ মালিকক আক্ৰমণ কৰি প্ৰতিশোধৰ বাবে হত্যাও কৰিব পাৰে। সাধাৰণতে শ্বিকিগামীক তেওঁলোকৰ মালিকে চোৰাংচোৱাগিৰি, চুৰি আৰু শত্ৰুৰ অনুসৰণৰ দৰে বিপদজনক আদেশ প্ৰয়োগ কৰিবলৈ যাদু কৰে। শ্বিকিগামি বেছিভাগ সময়তে অদৃশ্য বুলি কোৱা হয় যদিও সৰু সৰু ভাঁজ কৰা আৰু কলাত্মকভাৱে কাটি লোৱা কাগজৰ টুকুৰাত বান্ধি ইহঁতক দৃশ্যমান কৰি তুলিব পাৰি। কিছুমান শ্বিকিগামিয়ে নিজকে প্ৰাণী হিচাপেও দেখুৱাব পাৰে।[1][3][4]
ইজানাগি-ৰ্যু (জাপানী: いざなぎ流, ইংৰাজী: Izanagi-ryū) লোক-ধৰ্মত অতি অভিজাত অনম্যজিয়ে ৰোগ সৃষ্টি কৰা দুৰ্যোগ বা দানৱক প্ৰতিহত কৰিবলৈ শ্বিকিঅ'জি (জাপানী: 式王子) নামৰ এটা ব্যতিক্ৰমী শক্তিশালী শ্বিকিগামি জীৱন্ত কৰিব পাৰিছিল। সাধাৰণ যাদুকৰসকলে ইয়াৰ অনি-সদৃশ প্ৰকৃতিৰ বাবে ইয়াৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাৰ আশংকা কৰি ইয়াক আহ্বানৰ চেষ্টা নকৰে।
জনপ্ৰিয় সংস্কৃতিত
মাংগা আৰু এনিমে ধাৰাবাহিক জুজুটছু কাইচেনত শ্বিকিগামিক এক গুৰুত্বপূৰ্ণ চৰিত্ৰ হিচাপে উপস্থাপন কৰা হৈছে।৩
তথ্যসূত্ৰ
- ↑ Inoue, Nobutaka. (2002). An Encyclopedia of Shinto. Kokugakuin University. পৃ. 84–90. ISBN 978-4905853084
- ↑ Wakako Nakajima. 陰陽道の式神の成立と変遷 文学作品の呪詛にも触れつつ. Hokkaido University of Education. পৃ. 1
- ↑ Yehia, Ahmed. (2024-02-06). Jujutsu Kaisen: What are Shikigami?. Game Rant
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বিকিগামি” প্ৰবন্ধৰ সংশোধন ৪৯১৮২৭ (১৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।