অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

কোৰিয়ান ড্ৰেগন

কোৰিয়ান ড্ৰেগন হৈছে কোৰিয়াৰ লোকগাথা আৰু লোকসংস্কৃতিৰ এক কিংবদন্তিমূলক জীৱ। এই ড্ৰেগনৰ আকৃতিয়ে চীনা ড্ৰেগনৰ লগতে পূব এছিয়াৰ বিভিন্ন ড্ৰেগনসমূহৰ সৈতে ইয়াৰ সম্পৰ্কক প্ৰতিফলিত কৰে। ড্ৰেগনক বহুদিনৰ পৰাই দুৰ্যোগ আৰু দুষ্ট আত্মাক দূৰ কৰা শুভ জীৱ হিচাপে সন্মান প্ৰদৰ্শন কৰি অহা হৈছে।

হালনাগাদ: ২৩ এপ্ৰিল ২০২৬ ২২২ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

কোৰিয়ান ড্ৰেগন হৈছে কোৰিয়াৰ লোকগাথা আৰু লোকসংস্কৃতিৰ এক কিংবদন্তিমূলক জীৱ। এই ড্ৰেগনৰ আকৃতিয়ে চীনা ড্ৰেগনৰ লগতে পূব এছিয়াৰ বিভিন্ন ড্ৰেগনসমূহৰ সৈতে ইয়াৰ সম্পৰ্কক প্ৰতিফলিত কৰে। ড্ৰেগনক বহুদিনৰ পৰাই দুৰ্যোগ আৰু দুষ্ট আত্মাক দূৰ কৰা শুভ জীৱ হিচাপে সন্মান প্ৰদৰ্শন কৰি অহা হৈছে। “স্বৰ্গৰ পুত্ৰ”ৰ প্ৰতীক হিচাপে ড্ৰেগনক সঘনাই এছিয়াৰ ৰজা আৰু সম্ৰাটৰ সিংহাসন, পালেং আৰু পোছাক সজাবলৈ ব্যৱহাৰ কৰা হৈছিল। বহু চিত্ৰত ড্ৰেগনক সাধাৰণতে ডাৱৰৰ মাজত, পানীৰ ওচৰত বা বাঘৰ কাষত অংকন কৰা হৈছিল। বছৰৰ প্ৰথম মাহত ৰাজপ্ৰসাদ বা চৰকাৰী কাৰ্যালয়ৰ দুৱাৰত প্ৰায়ে ইয়াৰ চিত্ৰ লগোৱা হৈছিল যাতে সৌভাগ্যৰ সৃষ্টি হয় আৰু দুষ্ট আত্মাক বহিষ্কাৰ কৰা হয়। ঘূৰ্ণীয়মান ডাৱৰৰ মাজলৈ উঠি যোৱাৰ সময়ত এই ড্ৰেগনটোৱে নিজৰ শৰীৰটো কুণ্ডলী পকাই নিয়াৰ গতিশীল চিত্ৰণে শক্তি আৰু মহিমা প্ৰকাশ কৰে। ১

কোৰিয়ান ড্ৰেগন

ড্ৰেগনৰ শিৰযুক্ত অলংকাৰ, গোৰিয়ো ৰাজবংশ
ড্ৰেগনৰ শিৰযুক্ত অলংকাৰ, গোৰিয়ো ৰাজবংশছবি: 국립중앙박물관 · KOGL Type 1

ইউৰোপৰ আখ্যানসমূহত থকা অধিকাংশ ড্ৰেগন অগ্নি আৰু ধ্বংসৰ উপাদানৰ সৈতে সম্পৰ্কিত। আনহাতে কোৰিয়ান লোকগাথাৰ ড্ৰেগনসমূহ মূলতঃ পানী আৰু কৃষিৰ সৈতে সম্পৰ্কিত এক স্নেহশীল প্ৰাণী। ইয়াক প্ৰায়ে বৃষ্টি আৰু মেঘৰ আহ্বায়ক বুলি গণ্য কৰা হয়। সেয়েহে, বহুতো কোৰিয়ান ড্ৰেগন নদী, হ্ৰদ, মহাসাগৰ, গভীৰ পৰ্বতীয়া হ্ৰদ আদিত বাস কৰিছিল বুলি বিশ্বাস কৰা হয়। ড্ৰেগনৰ প্ৰতীক কোৰিয়ান সংস্কৃতি, কোৰিয়ান লোকগাথা আৰু প্ৰাচীন কোৰিয়ান কলাত বহুলভাৱে ব্যৱহৃত হৈছে।১

কোনো কোনো সময়ত পৌৰাণিক পুথিসমূহত কথা ক'ব পৰা সজ্ঞান ড্ৰেগনৰ বিষয়ে উল্লেখ কৰা হৈছে। এই ড্ৰেগনসমূহে জটিল অনুভূতি যেনে ভক্তি, দয়া আৰু কৃতজ্ঞতা আদিক বুজিব পাৰে। এক বিশেষ কোৰিয়ান কিংবদন্তিত মহান ৰজা মুনমুৰ বিষয়ে কোৱা হৈছে, যি তেওঁৰ মৃত্যুশয্যাত থাকোঁতে কোৰিয়াক সুৰক্ষিত কৰিবলৈ এক "পূব সাগৰৰ ড্ৰেগন" হ'বলৈ ইচ্ছা প্ৰকাশ কৰিছিল।

কোৰিয়ান ড্ৰেগনৰ আন পূব এছিয়াৰ ড্ৰেগন যেনে চীনা আৰু জাপানী ড্ৰেগনৰ সৈতে বহুতো দিশত সাদৃশ্য আছে। চীনা ড্ৰেগনৰ পৰা ইয়াৰ এক পাৰ্থক্য এয়াই যে কোৰিয়ান ড্ৰেগনৰ দাড়ি চীনা ড্ৰেগনতকৈ দীঘল। কাচিৎ ড্ৰেগনক এক বৃহৎ ঘূৰ্ণীবতাহেৰে সৈতে দেখুওৱা হ'ব পাৰে। ইয়াক য়ুইজু নামেৰে জনা যায়। কোৱা হৈছিল যে যিজনে য়ুইজুক ব্যৱহাৰ কৰিব পাৰে, তেওঁ ইচ্ছা অনুসাৰে সৰ্বশক্তি আৰু সৃষ্টিৰ ক্ষমতা লাভ কৰে।

ইমূগী

কোৰিয়ান লোকগাথাত কোৱা হৈছে যে অধিকাংশ ড্ৰেগন আদিতে ইমূগী বা সৰু ড্ৰেগনৰ দৰে আছিল আৰু ইহঁতক একোটা বৃহৎ সৰ্পৰ দৰে বুলি কোৱা হৈছিল। আন এক ব্যাখ্যা অনুসৰি, এইসমূহ হৈছে ড্ৰেগনৰ দৰে শিংবিহীন প্ৰাণী যি অভিশপ্ত হোৱাৰ বাবে ড্ৰেগন হ'ব নোৱাৰিলে। অন্যান্য তথ্যৰ মতে, ইমূগী হৈছে এক প্ৰকাৰৰ সৰু আকৃতিৰ ড্ৰেগন যি সম্পূৰ্ণৰূপে ড্ৰেগন হ'বলৈ এহেজাৰ বছৰ জীয়াই থাকিব লাগিব। এই দুয়োটা ক্ষেত্ৰতে ইহঁত পানীত বা গুহাত বাস কৰা বৃহৎ, স্নেহশীল, অজগৰ সদৃশ প্ৰাণী। ইহঁতক মূলতঃ সৌভাগ্যৰ সৈতে সম্পৰ্কিত কৰা হয়। ইমূগীক ইছিমী, মিৰি, য়াং-ন' আদি নামেৰে জনা যায়২

গংগেচ'ৰি

গংচেৰি হৈছে ১৭শ শতিকাত কোৰিয়ান আখ্যানলৈ আগমন ঘটা ড্ৰেগন আকৃতিৰ এক জীৱ। ই এনে এক জীৱ যি পৰম্পৰাগতভাৱে সমগ্ৰ দেশতে জনপ্ৰিয় হৈ আহিছে। ইয়াক গংচ'ল, কংচ'লো, আৰু গংচোল বুলিও কোৱা হয়। গংচেৰিৰ প্ৰাচীনতম অন্তৰ্ভুক্তিসমূহৰ অন্যতম হ'ল জিবং য়ুচে'ল (১৬১৪) নামৰ বিশ্বকোষ।৩

তথ্যসূত্ৰ

  1. ↑ Highlights. কোৰিয়াৰ জাতীয় সংগ্ৰহালয়
  2. ↑ (2004-01-05). 우리 삶에 현존하는 영생의 신화. OhmyNews
  3. ↑ 재식. 한국괴물백과. 워크룸프레스. ISBN 9791189356118

সম্পৰ্কিত শ্ৰেণী

কিংবদন্তিমূলক জীৱলোককথাৰ জীৱ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কোৰিয়ান ড্ৰেগন” প্ৰবন্ধৰ সংশোধন ৬০২১৪৬ (২৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।