য়েৰেন (চীনা ভাষা: 野人, ‘বন্য মানুহ’, ইংৰাজী: Yeren) চীনৰ দুৰ্গম, পাহাৰীয়া অঞ্চলত বিশেষকৈ হুবেই প্ৰদেশৰ শ্বেননংজিয়া বন জিলাত বাস কৰা এবিধ কিংবদন্তিমূলক জীৱ৷ খ্ৰীষ্টপূৰ্ব ৩৪০ চনৰ (খ্ৰীষ্টপূৰ্ব ৬১৮–৯০৭) টাং সাম্ৰাজ্যত "নোমাল পুৰুষ"ক দেখা পোৱাৰ মৌখিক বৰ্ণনা পিছলৈ আধুনিক কিংবদন্তিলৈ ৰূপান্তৰ হৈ পৰিছে বুলি কোৱা হয়।১ সাধাৰণতে য়েৰেনক বনৰীয়া, শক্তিশালী আৰু দ্ৰুতগতিত চলাচল কৰা বুলি বৰ্ণনা কৰা হয়৷ এই জীৱবোৰ পাহাৰৰ গুহাত বাস কৰে আৰু কেৱল খাদ্য বা মহিলাৰ সন্ধানত আক্ৰমণ কৰিবলৈ নামনিৰ গাঁৱলৈ নামি আহে।
বিৱৰণ
য়েৰেনৰ ওপৰৰ ওঁঠটোৱে তাৰ মূৰটো ঢাকি ৰাখে। ইয়াৰ আকৃতি বান্দৰৰ দৰে। য়েৰেনে মানুহৰ কথা ক’ব পাৰে যদিও ইয়াৰ মাতটো চৰাইৰ দৰে। ই জীৱন আৰু মৃত্যুৰ আগজাননী দিব পাৰে। ইয়াৰ তেজেৰে গাঢ় বেঙুনীয়া ৰঙেৰে ৰং প্ৰস্তুত কৰিব পাৰে, আৰু ইয়াৰ চুলিৰে উইগ নিৰ্মাণ কৰিব পাৰি। কিংবদন্তি অনুসৰি ইয়াৰ গোৰোহা পিছলৈ মুখ কৰি থাকে৷ চিকাৰীসকলে কয় যে ইয়াৰ আঁঠু নাথাকে৷২
এই জীৱটোৰ মৌখিক সাক্ষ্যসমূহৰ মতে য়েৰেনে উলম্বভাৱে খোজ কাঢ়ে আৰু ২ মিটাৰতকৈও ওখ; গোটেই শৰীৰটো বিশেষকৈ মূৰৰ ছালত দীঘল চুলিৰে আবৃত; আৰু মুখখন দেখিবলৈ বান্দৰ আৰু মানুহ উভয়ৰে দৰে।৩ আন আন সাধাৰণ বিৱৰণ সমূহ হ'ল ক'লা-ৰঙা চুলি, ফুলি যোৱা চকু, আঁঠুলৈকে ওলমি থকা দীঘল হাত আৰু ডাঙৰ ভৰি।৪ মানুহৰ সন্মুখীন হ'লে য়েৰেনে হাঁহি দিয়ে বুলি কোৱা হয়।৫
লগতে চাওক
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “য়েৰেন” প্ৰবন্ধৰ সংশোধন ৪৯১৮০৩ (১৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।