অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

কোমাইনু

কোমাইনু (জাপানী: 狛犬; ইংৰাজী: Komainu; ইংৰাজীত প্ৰায়ে ‘সিংহ-কুকুৰ’ বুলিও কোৱা হয়) হৈছে দেখিবলৈ সিংহৰ দৰে এবিধ জাপানী কিংবদন্তিমূলক জীৱ। সাধাৰণতে পৰম্পৰাগতভাৱে মন্দিৰৰ প্ৰৱেশদ্বাৰ পহৰা দিবলৈ, বা জাপানী “শ্বিণ্টো শ্ৰাইন”ৰ (Shinto shrines) ‘হণ্ডেন’ৰ (এক প্ৰকাৰৰ গৃহ) সন্মুখত বা ভিতৰত এই জীৱৰ যুৰীয়া…

হালনাগাদ: ১০ মাৰ্চ ২০২৪ ৬১৭ শব্দ · ৩ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

কোমাইনু (জাপানী: 狛犬; ইংৰাজী: Komainu; ইংৰাজীত প্ৰায়ে ‘সিংহ-কুকুৰ’ বুলিও কোৱা হয়) হৈছে দেখিবলৈ সিংহৰ দৰে এবিধ জাপানী কিংবদন্তিমূলক জীৱ। সাধাৰণতে পৰম্পৰাগতভাৱে মন্দিৰৰ প্ৰৱেশদ্বাৰ পহৰা দিবলৈ, বা জাপানী “শ্বিণ্টো শ্ৰাইন”ৰ (Shinto shrines) ‘হণ্ডেন’ৰ (এক প্ৰকাৰৰ গৃহ) সন্মুখত বা ভিতৰত এই জীৱৰ যুৰীয়া মূৰ্তি স্থাপন কৰা হয়।

প্ৰতীক

এটা ''আন-আকৃতি''ৰ ''কোমাইনু''
এটা আন-আকৃতিৰ কোমাইনুছবি: Public domain

জাপানী মন্দিৰৰ চৌহদত দ্বাৰ ৰখীয়া হিচাপে সাধাৰণ শিলৰ দ্বাৰা নিৰ্মাণ কৰা এযোৰ কোমাইনু ("কোৰিয়ান কুকুৰ"১) বা দুটা শ্বিছি (shishi; "সিংহ")/কাৰাজিছি ("চীনা সিংহ") স্থাপন কৰা হয়।২৩ কুকুৰ আৰু সিংহৰ যোৰবোৰক বিনিময়যোগ্য বুলি ধৰা হয়।১

দুষ্ট আত্মাক দূৰ কৰাৰ উদ্দেশ্য স্থাপন কৰা কৰা আধুনিক কোমাইনুৰ মূৰ্তিবোৰ সাধাৰণতে দেখিবলৈ প্ৰায় একে, কিন্তু এটাৰ মুখ খোলা থাকে, আনটোৰ বন্ধ থাকে কিন্তু কেতিয়াবা ব্যতিক্ৰমো দেখা পোৱা যায়, তেতিয়া দুয়োটা কোমাইনুৰ মুখ হয় খোলা হয় নাইবা বন্ধ৪ হয়। এই দুয়োটা ৰূপক অ-গয়’ (阿形, আক্ষৰিকভাবে ‘অ আকৃতি’) আৰু উন-গয়’ (吽形, আক্ষৰিকভাবে ‘আন আকৃতি’) বুলি কোৱা হয় বা সামূহিকভাৱে “অ-উন” (a-un) বুলি কোৱা হয়।৫ এই আইকনগ্ৰাফী১ আৰু প্ৰতীকবাদ শ্বিণ্টো ধৰ্মৰ স্থানীয় নহয়, ইয়াক আমদানি কৰা হৈছিল।৩ এই “অ-উন” প্ৰতীকবাদ বৌদ্ধ ধৰ্মৰ দুজন দুৱাৰৰক্ষী দেৱতা নিওৰ সৈতে একেটা প্ৰতীকেৰে জড়িত কৰা হয়।৬৭ মন্দিৰ আৰু শ্ৰাইনসমূহৰ প্ৰৱেশদ্বাৰত ধৰ্মীয় প্ৰতিমূৰ্তিৰ যোৰা স্থাপন কৰা এক সাধাৰণ বৈশিষ্ট্য। এই আৰ্হিটোৰ উৎপত্তিৰ মূল হৈছে বৌদ্ধ ধৰ্মীয় আৰু ইয়াৰ এটা প্ৰতীকী অৰ্থ আছে: মুকলি মুখখনে সংস্কৃত ভাষা বৰ্ণমালাৰ প্ৰথম আখৰ ‘অ’টো উচ্চাৰণ কৰি থাকে, যি আৰম্ভণি বুজায় আৰু আনহাতে বন্ধ মুখখনে সমাপ্তিক প্ৰতিনিধিত্ব কৰি বৰ্ণমালাৰ শেষৰ আখৰটোৰ "উম" উচ্চাৰণ কৰি থাকে।৮ দুয়োটা একেলগে মিলি অ+উ+ম ধ্বনি গঠন কৰে, যিটো হিন্দু ধৰ্ম, বৌদ্ধ ধৰ্ম, আৰু জৈন ধৰ্ম আদি কেইবাটাও ধৰ্মত পবিত্ৰ বৰ্ণ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) বুলি গণ্য কৰা হয়।

ইতিহাস

উৎপত্তি

এছিয়াত সিংহৰ ওচৰত অপশক্তিক নাশ কৰাৰ ক্ষমতা আছে বুলি জনপ্ৰিয়ভাৱে বিশ্বাস কৰা হৈছিল আৰু এই কাৰণেই সিংহৰ মুৰ্তি দুৱাৰ-প্ৰৱেশ পথ পহৰা দিবলৈ অভ্যাসগতভাৱে ব্যৱহাৰ কৰা হৈছিল। কোমাইনুসকল চীনৰ অভিভাৱক সিংহৰ সৈতে প্ৰবলভাৱে সাদৃশ্য দেখা পোৱা যায় আৰু ইয়াৰ উৎপত্তি প্ৰকৃততে চীনৰ পৰা টাং বংশৰ পৰা হৈছিল বুলি অনুমান কৰা হয়।৯ চীনৰ অভিভাৱক সিংহবোৰ এছিয়াৰ সিংহৰ ছাল আৰু মধ্যপ্ৰাচ্য বা ভাৰতৰ পৰা বাণিজ্যৰ জৰিয়তে প্ৰৱৰ্তিত সিংহৰ চিত্ৰৰ দ্বাৰা প্ৰভাৱিত হোৱা বুলি বিশ্বাস কৰা হয়। সেই দেশবোৰত দেশত সিংহৰ অস্তিত্ব আছিল আৰু শক্তিৰ প্ৰতীক হিচাপে গণ্য কৰা হৈছিল।১০ ছিল্ক ৰোডেৰে পৰিবহণৰ সময়ত অৱশ্যে এই প্ৰতীকটোৰ ৰূপৰ কিছু সলনি হৈছিল আৰু এক সুকীয়া ৰূপ লাভ কৰিছিল। খ্ৰীষ্টপূৰ্ব ৩য় শতিকাৰ আশে-পাশে ৰজা অশোকে স্থাপন কৰা এটা স্তম্ভৰ ওপৰত ভাৰতৰ প্ৰথম সিংহৰ মূৰ্তি দেখা পোৱা গৈছিল।১০ পিছলৈ এই পৰম্পৰা চীনলৈ প্ৰসাৰিত হয় য'ত ই অভিভাৱক সিংহলৈ বিকশিত হয় আৰু পিছলৈ কোৰিয়া, জাপান আৰু অকিনাৱালৈ বিয়পি পৰে। নাৰা যুগত (Nara period; ৭১০–৭৯৪) এই সিংহৰ প্ৰতীকে এছিয়াৰ বাকী অংশৰ দৰেই যুৰীয়া সিংহৰ ৰূপ লাভ কৰে।১১ চতুৰ্দশ শতিকালৈকে কেৱল ঘৰৰ ভিতৰত ব্যৱহাৰ কৰা এই প্ৰতীকবোৰ মূলতঃ কাঠৰ পৰা তৈয়াৰ কৰা হৈছিল। উদাহৰণস্বৰূপে, হেইয়ান যুগত (৭৯৪–১১৮৫) কাঠ বা ধাতুৰ পৰা তৈয়াৰ কৰা সিংহৰ যোৰাটো ওজন হিচাপে আৰু দুৱাৰ বন্ধ কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল, আনহাতে ইম্পেৰিয়েল পেলেচত ইয়াক পৰ্দা বা ভাঁজ কৰা পৰ্দা ধৰি ৰাখিবলৈ ব্যৱহাৰ কৰা হৈছিল।

হেইয়ান যুগ

কাঠ আৰু শিলৰ পৰা নিৰ্মাণ কৰা সিংহৰ প্ৰতীক স্থাপনৰ প্ৰথা হেইয়ান যুগৰ মাজভাগৰ পিছত প্ৰতিষ্ঠিত হৈছিল যদিও নিৰ্দিষ্ট তাৰিখ অনিশ্চিত হৈ আছে।১২

হয়তো হেইয়ান যুগৰ আৰম্ভণিতে সিংহৰ প্ৰতীক স্থাপনৰ পৰম্পৰা সলনি হৈছিল আৰু মূৰ্তি দুটা বেলেগ বেলেগ হ’বলৈ আৰম্ভ কৰিছিল আৰু বেলেগ নামেৰে মাতিবলৈ আৰম্ভ কৰিছিল। এটাৰ মুখ খোলা আছিল আৰু ইয়াক শ্বিছি (獅子, 'সিংহ') বুলি কোৱা হৈছিল কাৰণ আগৰ দৰেই ইয়াৰ সিংহৰ সৈতে মিল আছিল। আনটোৰ মুখ বন্ধ আছিল, দেখাত কুকুৰৰ দৰে আছিল, ইয়াক কোমাইনু (Goguryeo dog) বুলি কোৱা হৈছিল আৰু কেতিয়াবা মূৰত এটা শিঙো দেখা গৈছিল।১৩ লাহে লাহে প্ৰতীক দুটাৰ ৰূপ একে হৈ পৰিল, কিন্তু মুখখন কুকুৰৰ দৰে হোৱা বাবে দুয়োটাকে কোমাইনু বুলি কোৱা হ'ল।১৩

অৱশেষত ইহঁত বৌদ্ধ মন্দিৰ,৬১২ ৰাজপ্ৰসাদ,১২ আভিজাত্যৰ বাসগৃহ বা আনকি ব্যক্তিগত ঘৰকো সুৰক্ষা দিয়া প্ৰতীকী বস্তুলৈ পৰিণত হয়।১৪ জাপানত বৰষুণৰ বতৰৰ পৰা সুৰক্ষা লাভ কৰিবলৈ শিলত কোমাইনু খোদাৰ প্ৰথা আৰম্ভ হ’ল।

এডো যুগ

এডো যুগৰ (Edo period) পৰা আৰম্ভ কৰি কোমাইনুক তোৰণত স্থাপন কৰিবলৈ আৰম্ভ কৰা হয় আৰু বৰ্তমান এইবোৰক “ছাণ্ডো কোমাইনু” (sandō komainu) হিচাপে শ্ৰেণীভুক্ত কৰা হয়। বহুত পুৰণি প্ৰকাৰক “জিন্নাই কোমাইনু” (jinnai komainu) বুলি কোৱা হয়।১৫ এই কোমাইনুবোৰ কেতিয়াবা বৌদ্ধ মন্দিৰ, আভিজাত্য লোকৰ বাসগৃহ বা আনকি ব্যক্তিগত ঘৰতো পোৱা যায়।

এডো যুগৰ পৰা (১৬০৩–১৮৬৮) সিংহ বা কুকুৰৰ পৰিৱৰ্তে আন প্ৰাণীৰ মুৰ্তি ব্যৱহাৰ কৰাৰ প্ৰথা আৰম্ভ হয়, ইয়াৰ ভিতৰত বনৰীয়া গাহৰি, বাঘ, অজগৰ আৰু শিয়াল আদিও ব্যৱহাৰ কৰা দেখা যায়।

সমান্তৰাল সংস্কৃতি

ইনাৰি মন্দিৰৰ শিয়াল

জাপানৰ ইনাৰি দেৱতাৰ প্ৰতি উৎসৰ্গিত মন্দিৰসমূহত ৰক্ষক হিচাপে শিয়ালৰ মূৰ্তি স্থাপন কৰা হয়।৬ জাপানত প্ৰায় ৩০ হাজাৰ ইনাৰী মন্দিৰ আছে আৰু প্ৰতিটোৰ প্ৰৱেশদ্বাৰত এযোৰ শিয়ালৰ মূৰ্তি আছে।১৬ প্ৰায়ে এটা, আৰু কেতিয়াবা দুয়োটাৰে মুখত সূত্ৰ লিখা ৰচী, চাবি বা মণি থাকে।১৬১৭ এই মূৰ্তিবোৰ কু-অভিপ্ৰায়ৰ প্ৰতীক নহয়, বৰঞ্চ যাদুকৰী শক্তিৰ প্ৰতীক। কেতিয়াবা এই মূৰ্তিসমূহত ৰং কৰা হয়, আৰু প্ৰায়ে বগা ৰং কৰা হয়।১৬ বগা শিয়ালবোৰক শিয়াল বুলি বিশ্বাস কৰা আৰু শিয়াল হিচাপে চিত্ৰিত কৰা কামি দেৱতাৰ দূত হিচাপে গণ্য কৰা হয়।১৬ ইয়াৰে বাওঁফালৰ শিয়ালটো মতা আৰু সোঁফালৰজনী মাইকী বুলি বিশ্বাস কৰা হয়।১৮

অকিনাৱান শ্বিছা

শ্বিছা (shīsā) হৈছে অকিনাৱাত ঘৰৰ প্ৰৱেশদ্বাৰ বা চাল পহৰা দিয়া শিলৰ মূৰ্তি। এইবোৰক শ্বিছি আৰু কোমাইনুৰ ঘনিষ্ঠ আত্মীয় বুলি বিশ্বাস কৰা হয়।১৯

তথ্যসূত্ৰ

  1. ↑ Shamoon, Deborah. (2013). Notes d'iconographie chinoise: les acolytes de Ti-tsang. Marvels & Tales
  2. ↑ Metevelis, Peter. (1994). Shinto shrines or Shinto temples?. Asian Folklore Studies. পৃ. 340
  3. ↑ (March 1966). Shinto Symbols. Contemporary Religions in Japan. Nanzan University
  4. ↑ Shogakukan Encyclopedia, Komainu
  5. ↑ Iwanami Kōjien Japanese dictionary, 6th Edition (2008), DVD version
  6. ↑ Cali, Joseph; Dougill, John. (2012). Shinto Shrines: A Guide to the Sacred Sites of Japan's Ancient Religion. University of Hawaii Press. পৃ. 37. ISBN <!--0824837754, -->9780824837754
  7. ↑ Soymié, Michel. (1966). Notes d'iconographie chinoise: les acolytes de Ti-tsang. Arts Asiatiques
  8. ↑ JAANUS, A un, accessed on July 10, 2010
  9. ↑ Encyclopedia of Shinto, Komainu
  10. ↑ Shisa Travelogue, Culture of the lion around the world; roots of the shisa
  11. ↑ Kyoto National Museum Dictionary
  12. ↑ Kobayashi, Fumihiko. (Spring 2021). Symbolic Representations of Apotropaic Power in Edo-Era Japan (1603–1868). Western Folklore. পৃ. 186–187
  13. ↑ JAANUS, Komainu, accessed on July 16, 2010
  14. ↑ Bennett, James; Newland, Amy Reigle. (2009). The Golden Journey: Japanese Art from Australian Collections, Art Gallery of South Australia. Art Gallery of South Australia. পৃ. 40. ISBN <!--073083039X, -->9780730830399
  15. ↑ Kotera, pages 1 and 2
  16. ↑ Scheid, Inari Fuchswächter
  17. ↑ On the fusion of Shintō and Buddhism, see the article Shinbutsu shūgō
  18. ↑ Smyers (1999:229)
  19. ↑ Shisa Travelogue, The Chinese lion-Guardian dogs

সম্পৰ্কিত শ্ৰেণী

লোককথাকিংবদন্তিমূলক জীৱ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কোমাইনু” প্ৰবন্ধৰ সংশোধন ৪১০৭৩৪ (১০ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।