অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

ইবু গ′গ′

ইবু গ′গ′ (ইংৰাজী: Ebu gogo) ইণ্ডোনেছিয়াৰ ফ্ল'ৰেছৰ শ্ৰুতিকথাত বৰ্ণনা কৰা মানৱ সদৃশ এক প্ৰকাৰৰ কিংবদন্তিমূলক জীৱ। কেন্দ্ৰীয় ফ্ল'ৰেছৰ নাগে ভাষাত ইবুৰ অৰ্থ হৈছে "ককা-আইতা" আৰু গ′গ′ৰ অৰ্থ হৈছে "যিজনে যিকোনো বস্তু খায়"। এই জীৱটো হয়তো "বৃদ্ধ গ্লুটন"ৰ (old glutton) দৰে জীৱ হ'ব পাৰে।

হালনাগাদ: ২৭ এপ্ৰিল ২০২৫ ২০৭ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

ইবু গ′গ′ (ইংৰাজী: Ebu gogo) ইণ্ডোনেছিয়াৰ ফ্ল'ৰেছৰ শ্ৰুতিকথাত বৰ্ণনা কৰা মানৱ সদৃশ এক প্ৰকাৰৰ কিংবদন্তিমূলক জীৱ।১ কেন্দ্ৰীয় ফ্ল'ৰেছৰ নাগে ভাষাত ইবুৰ অৰ্থ হৈছে "ককা-আইতা" আৰু গ′গ′ৰ অৰ্থ হৈছে "যিজনে যিকোনো বস্তু খায়"। এই জীৱটো হয়তো "বৃদ্ধ গ্লুটন"ৰ (old glutton) দৰে জীৱ হ'ব পাৰে।

বিৱৰণ

ফ্ল’ৰেছৰ নাগে লোকসকলে ইবু গ′গ′ক প্ৰায় ১.৫ মিটাৰ (৫ ফুট) ওখ খোজ কাঢ়িব পৰা আৰু বেগাই দৌৰব পৰা জীৱ বুলি বৰ্ণনা কৰে। বিৱৰণ অনুসৰি তেওঁলোকৰ নাক বহল আৰু চেপেতা, আৰু মুখমণ্ডল বহল আৰু মুখখন ডাঙৰ আৰু শৰীৰ নোমাল। স্ত্ৰীসকলৰ "দীঘল, ওলমি থকা স্তন" দেখা যায়।২ তেওঁলোকে গুণগুণনিৰ দৰে নিজৰ ভাষাত কথা পাতে আৰু কথাবোৰ ভাটৌ চৰাইৰ দৰে বাৰে বাৰে আওৰাই থাকে বুলি কোৱা হয়।৩

নেচাৰ আলোচনীৰ মতে ইবু গ′গ′ৰ সৈতে জড়িত কিংবদন্তিসমূহ পৰম্পৰাগতভাৱে বান্দৰৰ কাহিনী বুলি কোৱা হৈছিল।৪

নিউ চাইণ্টিষ্টৰ এটা প্ৰবন্ধত ইবু গ′গ′ সম্পৰ্কীয় ফ্ল’ৰেছৰ লোককথাত তলত দিয়া বিৱৰণ দিয়া হৈছে: ১৮ শতিকাত গাঁৱৰ মানুহে ইবু গ′গ′ক কাপোৰ প্ৰস্তুত কৰিবলৈ কলগছৰ আঁহ উপহাৰ দিছিল আৰু গ′গ′ৱে আঁহবোৰ নিজৰ গুহালৈ লৈ যোৱাৰ পিছত গাঁৱৰ মানুহে জুই লগাই গুহাটো জ্বলাই দিবলৈ জুই দলিয়াই দিছিল, যাৰ ফলত তাত থকা সকলো গ′গ′ৰ মৃত্যু হৈছিল (সম্ভৱতঃ তাৰে এযোৰ ইবু গ′গ′ অৰণ্যলৈ পলাই গৈছিল)।৫৬

ইবু গ′গ′ৱে মানৱ শিশুক কিদৰে ৰান্ধিব সেয়া শিকাৰ আশাৰে অপহৰণ কৰা বুলিও কিংবদন্তি প্ৰকাশ পাইছে। কাহিনীবোৰৰ মতে ইবু গ′গ′ৱে সদায় ল'ৰা-ছোৱালীবোৰক মিঠা মাতেৰে ছালনা কৰে।৭

তথ্যসূত্ৰ

  1. ↑ Forth, Gregory L. 1998. Beneath the volcano: religion, cosmology and spirit classification among the Nage of eastern Indonesia. Leiden, KITLV Press. . p. 104
  2. ↑ Gregory Forth. (10 December 2008). Images of the Wildman in Southeast Asia: An Anthropological Perspective. Routledge. পৃ. 15. ISBN 978-1-135-78430-0
  3. ↑ (2003). SPAFA Journal: A Publication of the SEAMEO Regional Centre for Archaeology and Fine Arts (SPAFA).. The Centre. পৃ. 46
  4. ↑ Wong, Kate. (June 2006). The Littlest Human. Scientific American. পৃ. 48–57
  5. ↑ Kohn, Marek. (15 June 2006). Homo floresiensis: The little troublemaker. New Scientist. পৃ. 45
  6. ↑ Kohn, Marek. (18 June 2005). Far Weirder Than Hobbits. Marek Kohn
  7. ↑ Forth, Gregory. (2008). Images of the Wildman in Southeast Asia: An Anthropological Perspective. Routledge

সম্পৰ্কিত শ্ৰেণী

কিংবদন্তিমূলক জীৱ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইবু গ′গ′” প্ৰবন্ধৰ সংশোধন ৫০৪৪৭০ (২৭ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।