অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

ব্যাল (শ্ৰুতিকথা)

ব্যাল (সংস্কৃত: व्याल, তামিল: யாழி, ৰোমানীকৃত: Vyāla) হিন্দু কিংবদন্তিমূলক জীৱ৷ ইয়াক য়ালি (Yali) বুলিও কোৱা হয়৷ এই জীৱটোৰ মূৰ আৰু শৰীৰ সিংহৰ দৰে, হাতীৰ দৰে শুৰ আৰু দাঁতৰ সৈতে চিত্ৰিত কৰা হয় আৰু কেতিয়াবা ঘোঁৰাৰ বৈশিষ্ট্য থকাও দেখা যায়।

হালনাগাদ: ১৭ ফেব্ৰুৱাৰী ২০২৫ ১৬৮ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

ব্যাল (সংস্কৃত ভাষা: व्याल,১ তামিল: யாழி, ৰোমানীকৃত: Vyāla) হিন্দু কিংবদন্তিমূলক জীৱ৷ ইয়াক য়ালি (Yali)২ বুলিও কোৱা হয়৷ এই জীৱটোৰ মূৰ আৰু শৰীৰ সিংহৰ দৰে, হাতীৰ দৰে শুৰ আৰু দাঁতৰ সৈতে চিত্ৰিত কৰা হয় আৰু কেতিয়াবা ঘোঁৰাৰ বৈশিষ্ট্য থকাও দেখা যায়।৩

এই জীৱটোৰ ভাস্কৰ্য বহুতো দক্ষিণ ভাৰতীয় মন্দিৰত দেখা যায়, প্ৰায়ে স্তম্ভসমূহৰ ওপৰত এই ভাস্কৰ্য্য শিল্প সংস্থাপিত কৰা হয়।৪ জীৱটোৰ বিভিন্ন ৰূপভেদো দেখা পোৱা যায়, কেতিয়াবা ইয়াৰ লগত অন্য জন্তুৰ বৈশিষ্টও সংযোগ কৰা হয়। ইয়াক কেতিয়াবা ইয়াক লিঅ'গ্ৰীফ (সিংহ আৰু গ্ৰীফিনৰ সংমিশ্ৰণ) বুলিও বৰ্ণনা কৰা হৈছে,৫ কেতিয়াবা ইয়াৰ চৰাইৰ ঠোঁটৰ দৰে বৈশিষ্ট্য থকাও দেখা যায়।৬

কৰুণাসাগৰ বেহেৰাই বিড়ালৰ (virala বা vidala) বিষয়ে লিখিছে, "ভাস্কৰ্য্য আৰু স্থাপত্যৰ আৰ্হি হিচাপে ব্যৱহৃত পৌৰাণিক দানৱ, বিড়ালৰ প্ৰতিনিধিত্ব বিভিন্ন ধৰণৰ, যেনে গজ-বিড়াল, নৰ-বিড়াল আদি।"৭

প্ৰতীকবাদ

য়ালিক ৰক্ষক জীৱ বুলি কোৱা হয়, যিয়ে মানুহক শাৰীৰিক আৰু আধ্যাত্মিক দুয়োটা দিশতে সুৰক্ষা প্ৰদান কৰে। ইয়াক প্ৰাণীজগতৰ ওপৰত আধিপত্যৰ বিস্তাৰ কৰা নিৰ্ভীক জন্তু বুলি গণ্য কৰা হয়। ইয়াক প্ৰকৃতিৰ মৌলিক শক্তিৰ সৈতে মানুহৰ সংগ্ৰামৰ প্ৰতীকী প্ৰতিনিধিত্ব বুলিও বিশ্বাস কৰা হয়।৮

সাহিত্য

সংগম যুগৰ পৰাই প্ৰাচীন তামিল সাহিত্যত য়ালিৰ বৰ্ণনা পোৱা যায়।৯

তথ্যসূত্ৰ

  1. ↑ www.wisdomlib.org. (2021-08-31). Figure 149. Yali (Sculptures in temples in Kumbakonam). www.wisdomlib.org
  2. ↑ Dalal, Roshen. (2010). Hinduism: An Alphabetical Guide. Penguin Books India. পৃ. 470. ISBN 978-0-14-341421-6
  3. ↑ www.wisdomlib.org. (2021-11-07). Yali, Yāḷi: 1 definition. www.wisdomlib.org
  4. ↑ van der Geer, Alexandra Anna Enrica. (2008). Animals in Stone: Indian Mammals Sculptured Through Time. BRILL. ISBN 978-90-04-16819-0
  5. ↑ Carved wood bracket – description. British Museum
  6. ↑ Walker, Benjamin. (2019-04-09). Hindu World: An Encyclopedic Survey of Hinduism. In Two Volumes. Volume I A-L. Routledge. পৃ. 89. ISBN 978-0-429-62465-0
  7. ↑ Karuna Sagar Behera. (2005). Konark - The Black Pagoda. Publications Division Ministry of Information & Broadcasting. ISBN 9788123029979
  8. ↑ Bane, Theresa. (2016-05-22). Encyclopedia of Beasts and Monsters in Myth, Legend and Folklore. McFarland. পৃ. 340. ISBN 978-1-4766-2268-2
  9. ↑ Pillai, M. S. Purnalingam. (1994). Tamil Literature. Asian Educational Services. পৃ. 87. ISBN 978-81-206-0955-6

সম্পৰ্কিত শ্ৰেণী

কিংবদন্তিমূলক জীৱ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ব্যাল (শ্ৰুতিকথা)” প্ৰবন্ধৰ সংশোধন ৪৭৮৯২২ (১৭ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।