অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

এংগুইপেড

এংগুইপেড (লেটিন: angui, 'সাপ'; ped-, 'ভৰি') এক প্ৰকাৰৰ ঐশ্বৰিক সত্তা যি গ্ৰীক-ৰোমান যুগৰ যাদুকৰী তাবিজ সমূহত প্ৰায়ে পোৱা যায়৷ এই সত্তাবোৰৰ ভৰিবোৰ সাপৰ দৰে।

হালনাগাদ: ১৭ ফেব্ৰুৱাৰী ২০২৫ ১৫৩ শব্দ · ১ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ
ভাৰতীয় এংগুইপেড, ভ্যালা যক্ষ
ভাৰতীয় এংগুইপেড, ভ্যালা যক্ষছবি: Biswarup Ganguly · CC BY 3.0

এংগুইপেড (লেটিন: angui, 'সাপ'; ped-, 'ভৰি') এক প্ৰকাৰৰ ঐশ্বৰিক সত্তা যি গ্ৰীক-ৰোমান যুগৰ যাদুকৰী তাবিজ সমূহত প্ৰায়ে পোৱা যায়৷ এই সত্তাবোৰৰ ভৰিবোৰ সাপৰ দৰে।

আব্ৰাক্সাছ, এবিধ সাধাৰণ প্ৰকাৰৰ এংগুইপেড৷ ইহঁতৰ মূৰটো কুকুৰাৰ দৰে আৰু ভৰিবোৰ সাপ দৰে বুলি চিত্ৰিত কৰা হৈছে৷ ইহঁতৰ প্ৰতীক পাৰ্চী মূলৰ বুলি ধাৰণা হয়। কেতিয়াবা ইহুদী ধৰ্মৰ ঈশ্বৰৰ নামক প্ৰতিনিধিত্ব কৰিবলৈ ব্যৱহাৰ কৰা ‘Iao’ নামৰ (টেট্ৰাগ্ৰামেটনৰ এটা ৰূপ) চাৰিটা আখৰ তলত লিখা থাকে। এনে তাবিজৰ লগতে যাদুকৰী পেপিৰি, অভিশাপৰ ফলি, ৰত্ন আৰু অন্যান্য তাবিজত ইয়াও নামটো বাৰে বাৰে ব্যৱহাৰ কৰাটোৱে ইহুদী ধৰ্মৰ উপাদানসমূহৰ সৈতে পৌত্তলিক ধৰ্মৰ সংমিশ্ৰণ ঘটোৱা সংস্কৃতিৰ প্ৰমাণ দিয়ে। তালমুদত ইহুদী ধৰ্মৰ পৰা এনে সংস্কৃতিলৈ ঘূৰি যোৱা লোকসকলক নূন্যতম বুলি কোৱা হৈছে – ইয়াক প্ৰায়ে "পাষণ্ড" বা "ধৰ্মত্যাগী" বুলি অনুবাদ কৰা হয়।১২৩

গ্ৰেকো-ৰোমান শিল্পত টাইফন আৰু দৈত্য দুয়োকে (খ্ৰীষ্টপূৰ্ব ৩৮০ চনৰ পিছত)৪৫৬ প্ৰায়ে গতানুগতিকভাৱে এংগুইপেড হিচাপে চিত্ৰিত কৰা হয়। ৰোমান জাৰ্মানী আৰু পূব গলৰ এটা সাধাৰণ ধৰ্মীয় মটিফত জুপিটাৰক এংগুইপেডেল দৈত্যৰ পৰা অৱৰোহন কৰা চিত্ৰণ কৰা হৈছে।৭

তথ্যসূত্ৰ

  1. ↑ Merkelbach Totti 1990–1992
  2. ↑ Barrett 2015
  3. ↑ Nagy 2012
  4. ↑ Gantz 1996, পৃ. 453
  5. ↑ The Oxford Classical Dictionary s.v. "Giants"
  6. ↑ note to Pausanias 8.29.3 "That the giants have serpents instead of feet"
  7. ↑ Der Römische Weg. (2015). Jupitergigantensäulen – eine gallo-römische Neuschöpfung

সম্পৰ্কিত শ্ৰেণী

কিংবদন্তিমূলক জীৱ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এংগুইপেড” প্ৰবন্ধৰ সংশোধন ৪৭৮৭৪৯ (১৭ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।