অ′ন′চেণ্টৰ (লেটিন: onocentaurus, প্ৰাচীন গ্ৰীক ভাষা: Ὀνοκένταυρος, ৰোমানীকৃত: Onokéntauros, আক্ষৰিক অৰ্থ. 'গাধ অশ্বনৰ') প্ৰাচীন লোককথা আৰু মধ্যযুগীয় পশু সম্পৰ্কীয় লিখিত দস্তাবেজত বৰ্ণনা কৰা এবিধ কিংবদন্তিমূলক জীৱ।
বিৱৰমন
অ′ন′চেণ্টৰ হৈছে গ্ৰীক পৌৰাণিক কাহিনীৰ কিংবদন্তিমূলক জীৱ অশ্বনৰৰ দৰেই এবিধ জীৱ, কিন্তু ই আংশিক-মানুহ আৰু আংশিক-গাধৰ এটা মিশ্ৰিত ৰূপ। ইয়াৰ অশ্বনৰৰ দৰে চাৰিটা ভৰি নাথাকে প্ৰায়ে মাত্ৰ দুটা ভৰিৰে চিত্ৰিত কৰা হয় আৰু কিছুমান শিল্পকৰ্মত ইয়াৰ শৰীৰৰ গাধ অংশত আগৰ ভৰি নথকাকৈ চিত্ৰিত কৰা হয়। বহুতো সীমাবদ্ধ সত্তাৰ দৰেই অ′ন′চেণ্টৰৰ প্ৰকৃতিও ইয়াৰ মানুহ আৰু জন্তুৰ উপাদানসমূহৰ মাজত সংঘাতৰ সৃষ্টি হোৱা দেখা যায়।১
ক্ল’ডিয়াছ এলিয়ানছৰ “ডি নেচুৰা এনিমেলিয়াম”ত উদ্ধৃত থকা অনুসৰি দ্বিতীয় টলেমি ফিলাডেলফাছৰ ৰাজত্বকালত পাইথাগোৰাছ নামৰ এজন বিষয়াই প্ৰথম অ′ন′চেণ্টৰৰ উল্লেখ কৰিছিল। এলিয়ানে ইয়াৰ নাৰী ৰূপৰ বৰ্ণনাৰ বাবে অ′ন′কেণ্টৰা (onokentaura) শব্দটো ব্যৱহাৰ কৰিছিল।২ তেওঁ অ′ন′চেণ্টৰক এইদৰে ব্যাখ্যা কৰিছিল: "ইয়াৰ শৰীৰটো গাধৰ দৰে, ইয়াৰ ৰং ছাই বৰণীয়া কিন্তু তলত ফালে কিছু বগা। ইয়াৰ বক্ষ স্তনযুক্ত আৰু মুখমণ্ডল ডাঠ চুলিৰে আগুৰা। ইয়াৰ বাহু দুটা বস্তু ধৰি ৰাখিবলৈ ব্যৱহাৰ কৰাৰ লগতে দৌৰিবলৈও ব্যৱহাৰ কৰিব পাৰে। ই হিংস্ৰ প্ৰকৃতিৰ আৰু কৰায়ত্ত কৰাটো সহ্য নকৰে।"৩
আলেকজেণ্ড্ৰিয়াৰ এথানাচিয়াছে লিখা লাইফ অৱ এণ্টনিত "উৰুলৈকে মানুহৰ দৰে কিন্তু গাধৰ দৰে হাত আৰু ভৰি থকা" এটা জন্তুৰ কথা উল্লেখ কৰা হৈছে যদিও ইয়াত অ′ন′চেণ্টৰ শব্দটো ব্যৱহাৰ কৰা হোৱা নাই। ৪
তথ্যসূত্ৰ
- ↑ Onocentaur. The Medieval Bestiary
- ↑ P. G. P. Meyboom. (1994). The Nile Mosaic of Palestrina: Early Evidence of Egyptian Religion in Italy. Brill. পৃ. 111–114. ISBN 90-04-10137-3
- ↑ Aelian, NA 17.9. English translation by A.F.Scholfield
- ↑ Life of St. Anthony. newadvent.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অ′ন′চেণ্টৰ” প্ৰবন্ধৰ সংশোধন ৪৭৮৫৯৯ (১৭ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।