অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

আকা মাণ্ট

আকা মাণ্ট , আকাই-কামি-আওই-কামি, বা আওই মাণ্ট, হৈছে ৰঙা পোছাক আৰু মুখা পিন্ধা একপ্ৰকাৰৰ আত্মাৰ বিষয়ে প্ৰচলিত জাপানী নগৰীয়া কিংবদন্তি। কিংবদন্তি অনুসৰি এই আত্মাই ৰাজহুৱা বা স্কুলৰ শৌচাগাৰ ব্যৱহাৰ কৰা লোকসকলৰ সমুখত প্ৰকট হয়।

হালনাগাদ: ১৫ নৱেম্বৰ ২০২৪ ২৫১ শব্দ · ১ মিনিট সংগৃহীত ৬৩
সংশোধনৰ পৰামৰ্শ

আকা মাণ্ট ১, আকাই-কামি-আওই-কামি,২ বা আওই মাণ্ট,২ হৈছে ৰঙা পোছাক আৰু মুখা পিন্ধা একপ্ৰকাৰৰ আত্মাৰ বিষয়ে প্ৰচলিত জাপানী নগৰীয়া কিংবদন্তি। কিংবদন্তি অনুসৰি এই আত্মাই ৰাজহুৱা বা স্কুলৰ শৌচাগাৰ ব্যৱহাৰ কৰা লোকসকলৰ সমুখত প্ৰকট হয়।২ কিংবদন্তিটোৰ বিৱৰণীৰ ভিন্নতা আছে যদিও কাহিনীটোৰ এটা সামঞ্জস্যপূৰ্ণ উপাদান হ’ল যে এই আত্মাই শৌচাগাৰত থকাজনক এটা প্ৰশ্ন সোধে। কোনো কোনো সংস্কৰণ মতে আত্মাটোৱে মানুহজনক সুধিব যে তেওঁ ৰঙা টয়লেট পেপাৰ বিচাৰেনে নীলা বিচাৰে। আন আন সংস্কৰণত এই পছন্দসমূহক ৰঙা বা নীলা পোছাক, ৰঙা বা নীলা টুপী হিচাপেও বৰ্ণনা কৰা হৈছে। যিকোনো এটা বিকল্প বাছি ল’লে ব্যক্তিজনক হত্যা কৰা হ’ব, গতিকে ব্যক্তিজনে জীয়াই থাকিবলৈ আত্মাৰ প্ৰশ্নক আওকাণ কৰিব লাগিব, বা দুয়োটা বিকল্পকে নাকচ কৰি পলায়ন কৰিব লাগিব।

কিংবদন্তি আৰু ইয়াৰ ভিন্নতা

আকা মাণ্টক ৰাজহুৱা বা স্কুলৰ বাথৰুমত মানুহ খেদি ফুৰা পুৰুষ আত্মা, ভূত হিচাপে বৰ্ণনা কৰা হৈছে।৩ আকা মাণ্ট প্ৰায়ে মহিলাৰ বাথৰুমত বিশেষভাৱে আৱিৰ্ভাৱ হয় বুলি কোৱা হয় আৰু কিংবদন্তিটোৰ কিছুমান সংস্কৰণ মতে তেওঁ এনে বাথৰুমৰ শেষৰ ষ্টলটো দেখা দিয়ে।৪এই আত্মাই চুচৰি যোৱা ৰঙা পোছাক আৰু মুখখন লুকুৱাই ৰখাকৈ মুখা পিন্ধা বুলি কোৱা হয়। কেতিয়াবা আকৌ এই মুখাখনৰ তলত তেওঁক সুন্দৰ আৰু মনোমোহা বুলিও বৰ্ণনা কৰা হয়।২৫ কিংবদন্তি অনুসৰি যদি কোনো ব্যক্তি ৰাজহুৱা স্থানৰ বা স্কুলৰ শৌচাগাৰত বহি থাকে, তেন্তে আকা মাণ্টৱে দেখা দিব পাৰে, আৰু তেওঁলোকক সুধিব যে তেওঁলোকে ৰঙা কাগজ বিচাৰে নে নীলা কাগজ বিচাৰে।২৬কাহিনীটোৰ সংস্কৰণৰ ওপৰত নিৰ্ভৰ কৰি আত্মাই তেওঁলোকক ৰঙা পোছাক বা নীলা পোছাক,৭ নাইবা ৰঙা টুপি আৰু নীলা টুপিৰ মাজৰ পৰা এটা বাছি ল'বলৈয়ো ক'ব পাৰে। যদি তেওঁলোকে "ৰঙা" বিকল্পটো বাছি লয়, তেন্তে তেওঁলোকক এনেদৰে ছিন্নভিন্ন কৰা হ'ব যে তেওঁলোকৰ মৃতদেহটো তেওঁলোকৰ নিজৰ তেজেৰে তিতি যাব।৮ কিংবদন্তিটোৰ বিৱৰণী অনুসৰি ব্যক্তিজনক ফালি পেলোৱাৰ নিৰ্দিষ্ট ধৰণ বেলেগ বেলেগ হয়, য'ত ছুৰীৰে আঘাত কৰা বা ছাল কাটি পেলোৱা আদি অন্তৰ্ভুক্ত।১ যদি ব্যক্তিজনে "নীলা" বিকল্প বাছি লয়, তেন্তে তাৰ পৰিণতি সেই ব্যক্তিজনক ডিঙি চেপি হত্যা কৰাৰ পৰা আৰম্ভ কৰি ব্যক্তিজনৰ সকলো তেজ তেওঁলোকৰ শৰীৰৰ পৰা নিষ্কাশন হোৱালৈকে শাস্তি দিয়া হ'ব।৯ কাহিনীটোৰ কিছুমান সংস্কৰণত ৰঙা আৰু বগা কাগজৰ মাজত পছন্দ কৰা হয়, প্ৰথমটোৰ ফলত তলৰ পৰা ছাত্ৰজনক চেলেকিবলৈ শৌচাগাৰৰ পৰা ৰঙা জিভাখন ওপৰলৈ উঠি যায় আৰু দ্বিতীয়টোৰ ফলত তলৰ পৰা বগা হাত এখনে তেওঁলোকক আদৰণি জনোৱা হয়। ১

যদি কোনো ব্যক্তিয়ে আকা মাণ্টোক বেলেগ ৰঙৰ কাগজ, পোছাক বা কেপ বিচাৰিবলৈ চেষ্টা কৰে, তেন্তে কোৱা হয় যে ইয়াৰ ফলত তেওঁলোকক পাতাল বা নৰকলৈ টানি অনা হয়।১০ কিছুমান সংস্কৰণত "হালধীয়া" কাগজ, পোছাক বা কেপ খুজিলে ব্যক্তিজনৰ মূৰটো শৌচাগাৰলৈ জোৰকৈ সুমুৱাই দিয়া হয়।১১১ যিসকলে লগত টয়লেট পেপাৰ বাা ষ্টললৈ আনে তেওঁলোকে দেখে যে সেয়া ব্যৱহাৰ কৰাৰ আগতেই বস্তু কেইপদ অদৃশ্য হৈ যায়, যাৰ ফলত আকা মাণ্টৱে তেওঁলোকৰ সমুখত ইয়াৰ বিকল্পসমূহ উপস্থাপন কৰিবলৈ উপস্থিত হয়।১ এই আত্মাক আওকাণ কৰিলে বা কোনো ধৰণৰে কাগজ নালাগে বা পছন্দ নকৰে বুলি উত্তৰ দিলে আত্মাটো আঁতৰি যায় বুলি কোৱা হয়।১২ কিছুমান কিংবদন্তি মতে দুয়োটা বিকল্প নাকচ কৰিলে আৰু আকা মাণ্টোৰ পৰা পলায়ন কৰিলেও ব্যক্তিজনৰ অস্তিত্ব থাকিব পাৰে।১

তথ্যসূত্ৰ

  1. ↑ Meyer, Matthew. (31 October 2016). Aka manto. Yokai.com
  2. ↑ Grundhauser, Eric. (2 October 2017). Get to Know Your Japanese Bathroom Ghosts. Atlas Obscura
  3. ↑ Bathroom Readers' Institute 2017, পৃ. 390
  4. ↑ Bathroom Readers' Institute 2017, পৃ. 390
  5. ↑ Bathroom Readers' Institute 2017, পৃ. 390
  6. ↑ Joly 2012, পৃ. 55
  7. ↑ Briggs, Stacia; Connor, Siofra. (16 June 2018). Weird Norfolk: The haunting of Hardley crossroads. Eastern Daily Press
  8. ↑ Vago, Mike. (15 May 2016). Don't fall for Japan's urban legends. The A.V. Club
  9. ↑ (18 June 2014). トイレの花子さんは時代遅れ? いまどきの学校の怪談とは
  10. ↑ Bricken, Rob. (19 July 2016). 14 Terrifying Japanese Monsters, Myths, And Spirits. Kotaku
  11. ↑ Bathroom Readers' Institute 2017, পৃ. 391
  12. ↑ Bathroom Readers' Institute 2017, পৃ. 391

সম্পৰ্কিত শ্ৰেণী

কিংবদন্তিমূলক জীৱ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আকা মাণ্ট” প্ৰবন্ধৰ সংশোধন ৪৪৫০৭৬ (১৫ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।