অশ্ৰিন (ইংৰাজী: Aušrinė) লিথুৱেনিয়াৰ পৌৰাণিক কাহিনীত পুৱতি তৰাক (শুক্ৰ) প্ৰতিনিধিত্ব কৰা দেৱী। তেওঁ সন্ধ্যা তৰা "ভাকাৰিনে"ৰ (Vakarinė) প্ৰতিদেৱী।
তেওঁৰ পূজা সম্ভৱতঃ ভাৰত-ইউৰোপীয় প্ৰভাতৰ দেৱতা হাউছছৰ পৰাই উদ্ভৱ হৈছে আৰু লাটভিয়াৰ অছেকলিছ, গ্ৰীক ইঅ’ছ, ৰোমান অৰোৰা আৰু বৈদিক ঊষাৰ সৈতে সম্পৰ্কিত।১ তেওঁ স্বাস্থ্য, পুনৰ্জন্ম আৰু নতুন আৰম্ভণিৰ সৈতে জড়িত সৌন্দৰ্য্য, প্ৰেম আৰু যৌৱনৰ দেৱী। লিথুৱেনিয়া খ্ৰীষ্টানীকৰণৰ পিছত এই সংস্কৃতি খ্ৰীষ্টান প্ৰতিমূৰ্তি আৰু কুমাৰী মেৰীৰ প্ৰতীকৰ সৈতে একত্ৰিত হয়।২
ইতিহাস
ষোড়শ শতিকাৰ পোলেণ্ডৰ ইতিহাসবিদ জান ছাচিকিয়ে অশ্ৰিনক প্ৰথমে অস্কা বুলি উল্লেখ কৰিছিল। তেওঁ "দিগন্তৰ পৰা উদয় হোৱা সূৰ্য্যৰ ৰশ্মিৰ দেৱী" বুলি বৰ্ণনা কৰিছিল।৩
শ্ৰুতিকথা
লোককথা অনুসৰি প্ৰতিদিনে পুৱা অশ্ৰিন আৰু তেওঁৰ দাস টাৰ্নাইটিছে (সম্ভৱতঃ বুধ)৪ ছোলে (সূৰ্য্য)ৰ বাবে যাত্ৰা পথ প্ৰস্তুত কৰে। সন্ধিয়া ভাকাৰিনে ছোলৰ বাবে বিচনা সাজু কৰে।২ ছেলে আৰু অশ্ৰিনৰ মাজৰ সম্পৰ্ক জটিল। কেতিয়াবা ছোলেক অশ্ৰিন, ভাকাৰিন আৰু অন্যান্য গ্ৰহৰ ইন্দ্ৰজা (বৃহস্পতি), ছেলিজা (শনি), জিজড্ৰে (মংগল), বৈভ'ৰা (বুধ) আনকি জেমাইনাৰ (পৃথিৱী) মাতৃ বুলিও বৰ্ণনা কৰা হয়।৫
কিছুমান গল্পত "কাৰালিউনে" আৰু "ডাংগাউছ কাৰিউনে" ("স্বৰ্গৰ ৰাণী")ক অশ্ৰিনক বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল।
লাটভিয়াৰ লোক-সাঁথৰত তেওঁৰ নামটোৱেই নিয়ৰৰ বিষয়ে লিখা এটা সাঁথৰৰ উত্তৰ। এই সাঁথৰত এগৰাকী ছোৱালীয়ে নিজৰ চাবি হেৰুৱাই পেলায় (বা মুকুতাৰ হাৰ খুলি দিয়ে), চন্দ্ৰই সেইবোৰ দেখে, কিন্তু সূৰ্য্যইহে লয়।৬
তথ্যসূত্ৰ
- ↑ Mallory, J. P.; Adams, Douglas Q. (1997). Encyclopedia of Indo-European Culture. Taylor & Francis. পৃ. 148. ISBN 1-884964-98-2
- ↑ Zinkus. (1985–1988). Aušrinė. Tarybų Lietuvos enciklopedija. Vyriausioji enciklopedijų redakcija. পৃ. 143
- ↑ Greimas, Algirdas Julien. (1992). Of Gods and Men. Studies in Lithuanian Mythology. Indiana University Press. পৃ. 77. ISBN 0-253-32652-4
- ↑ Vaiškūnas, Jonas. 3. Star Names in the Folklore and Ethnographic Compendiums. Lithuanian Ethnoastronomy
- ↑ Andrews, Tamra. (2004). Wonders of the Sky. Libraries Unlimited. পৃ. 71–73. ISBN 1-59158-104-4
- ↑ Vaitkevičienė, Daiva. (2013). The Power of Words: Studies on Charms and Charming in Europe. Central European University Press. পৃ. 215–216. ISBN 9786155225109
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অশ্ৰিন” প্ৰবন্ধৰ সংশোধন ৪৯০৬৭০ (১১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।