অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

গুংনিৰ

গুংনিৰ (ইংৰাজী: Gungnir; উচ্চাৰণ: ) হৈছে নৰ্ছ পৌৰাণিক কাহিনীৰ দেৱতা অডিনে ধাৰণ কৰা এবিধ শূল সদৃশ অস্ত্ৰ। আক্ৰমণকাৰীৰ দক্ষতা নিৰ্বিশেষে আক্ৰমণকাৰীৰ নৰ্ধাৰিত লক্ষ্যত সদায় আঘাত কৰাৰ বাবে জনাজাত।

হালনাগাদ: ১৯ মাৰ্চ ২০২৫ ৩৮৭ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

গুংনিৰ (ইংৰাজী: Gungnir;১ উচ্চাৰণ: ) হৈছে নৰ্ছ পৌৰাণিক কাহিনীৰ দেৱতা অডিনে ধাৰণ কৰা এবিধ শূল সদৃশ অস্ত্ৰ।২ আক্ৰমণকাৰীৰ দক্ষতা নিৰ্বিশেষে আক্ৰমণকাৰীৰ নৰ্ধাৰিত লক্ষ্যত সদায় আঘাত কৰাৰ বাবে জনাজাত।৩

তথ্যসমূহ

কাব্যিক এড্ডা

কাব্যিক এড্ডা (Poetic Edda) হৈছে অজ্ঞাত বা বেনামী কবিয়ে ৰচনা কৰা পুৰণি নৰ্ছ আখ্যানমূলক কবিতাৰ শিৰোনামহীন সংকলনৰ আধুনিক নাম।৪

কাব্যিক এড্ডাৰ ভলুস্পা (Völuspá) নামৰ কবিতাত অডিনে ৱানিৰ (Vanir) দেৱতাৰ সমাদল এটাৰ মূৰৰ ওপৰত ষাঠি নিক্ষেপ কৰাৰ পৰাই আইছিৰ-ৱানিৰ (Æsir-Vanir) যুদ্ধ আনুষ্ঠানিকভাৱে আৰম্ভ হোৱা বুলি বৰ্ণনা কৰা হৈছে। অৱশ্যে এই ষাঠিপাত গুংনিৰ আছিল নে নাই সেয়া বিশেষভাৱে কোৱা হোৱা নাই। কাব্যখনৰ ছিগ্ৰড্ৰিফুমাল (Sigrdrífumál) অংশৰ মতে ভলকাইৰী চিগ্ৰড্ৰিফাই কিংবদন্তি নায়ক ছিগাৰ্ডক (Sigurd) ৰুণ শব্দৰ যাদুকৰী প্ৰয়োগৰ পৰামৰ্শ দিছিল। তেওঁ ছিগাৰ্ডক পৰামৰ্শ দিয়াৰ লগতে ৰুণ মন্ত্ৰ খোদিত থকা গুংনিৰ প্ৰদান কৰিছিল।

গদ্য এড্ডা

গদ্য এড্ডা (Prose Edda; ঐতিহাসিকভাৱে কেৱল এড্ডা বুলিও কোৱা হয়) হৈছে ত্ৰয়োদশ শতিকাৰ আৰম্ভণিতে আইচলেণ্ডত লিখা এখন পুৰণি নৰ্ছ গদ্য। এই গ্ৰন্থখন আইচলেণ্ডৰ পণ্ডিত, আইন বক্তা আৰু ইতিহাসবিদ স্ন'ৰী ষ্টাৰলুছনৰ (Snorri Sturluson) দ্বাৰা লিখিত বা সংকলিত কৰা বুলি গণ্য কৰা হয়।

গদ্য এড্ডা গ্ৰন্থৰ গিলফাগিনিঙৰ ৫১ নং অধ্যায় অনুসৰি ৰাগনৰকৰ সময়ত অডিনে সোণৰ মুকুট, আকৰ্ষণীয় পোছাক পিন্ধি আৰু হাতত গুংনিৰ লৈ আইনহাৰ্জাৰ সকলক সন্মুখৰ পৰা নেতৃত্ব দি যুদ্ধক্ষেত্ৰলৈ আগবঢ়াই নিয়ে। তাৰ পিছত তেওঁ গুংনিৰ দ্বাৰা ফেনৰিৰক আক্ৰমণ কৰে।

স্কাল্ডস্কাপাৰমাল (Skáldskaparmál) অংশত গুংনিৰ সম্পৰ্কে অধিক তথ্য উপস্থাপন কৰা হৈছে। ডভালিন নামৰ কমাৰৰ তত্ত্বাবধানত ইভালডিৰ পুত্ৰ নামেৰে জনাজাত বাওনাসকলে এই শূলপাত নিৰ্মাণ কৰিছিল। দেৱী ছিফৰ চুলি কটাৰ আংশিক ক্ষতিপূৰণ হিচাপে ৰচনা কৰা আঁচনিৰ ফল স্বৰূপে ল’কিয়ে বাওনাসকলৰ পৰা এই গুংনিৰ লাভ কৰিছিল। গুংনিৰে ইমানেই ভালদৰে ভাৰসাম্য ৰক্ষা কৰা বুলি বৰ্ণনা কৰা হৈছে যে ব্যৱহাৰ কৰাজনৰ দক্ষতা বা শক্তি যিয়েই নহওক কিয়, ই যিকোনো লক্ষ্যত আঘাত কৰিব পাৰে।

প্ৰত্নতাত্ত্বিক তথ্য

ছুইডেনৰ বকষ্টা ৰুনেষ্টোনত (ৰুণিক লিপি খোদিত থকা শিল) থকা এখন ছবিত ঘোঁৰাত উঠি অহা আৰোহীজনক অডিন বুলি চিনাক্ত কৰা হৈছে। সেই ছবিত অডিনে হাতত গুংনিৰ লৈ এল্ক চিকাৰ কৰি থকা দেখা যায়।১

ৰিং অৱ দ্য নিবেলুং

দ্য ৰিং অৱ দ্য নিবেলুং (The Ring of the Nibelung), হৈছে ৰিচাৰ্ড ৱেগনাৰে ৰচনা কৰা চাৰিখন জাৰ্মান ভাষাৰ মহাকাব্যিক সংগীত নাটকৰ চক্ৰ।৫ এই অপেৰা চক্ৰৰ মতে ৱুটানৰ (অডিনৰ) শূলপাত বিশ্ব গছ কাঠ আৰু ইগড্ৰাচিলৰ (Yggdrasil) পৰা তৈয়াৰ কৰা হৈছে আৰু ৱুটানৰ শক্তি উৎপত্তি হোৱাৰ মন্ত্ৰসমূহ খোদিত কৰা হৈছে। কাহিনীমতে তেওঁ শূলপাতৰ সহায়ত ছিগমাণ্ডৰ তৰোৱালখন ভাঙি পেলায়, যাৰ ফলত ছিগমাণ্ডৰ মৃত্যু হয়। পিছলৈ যেতিয়া ছিগমাণ্ডৰ পুত্ৰ ছিগফ্ৰাইডে যাদুকৰী টোপনিত থকা ব্ৰুনহিল্ডক জগাই তুলিবলৈ চেষ্টা কৰে, তেতিয়া তেওঁ ছিগফ্ৰাইডক বাধা দিয়ে। ছিগফ্ৰাইডে আক্ৰমণ কৰি শূলপাত ভাঙি দুটুকুৰা কৰে আৰু ৱুটান পলাই যায়। অপেৰাৰ গ'টাৰডেমেৰুং নামৰ সামৰণিৰ অংশত ৱুটানে ভঙা শূলপাত লৈ নিজৰ দুৰ্গ ভালহালালৈ উভতি আহে আৰু সকলো লৌকিক বিষয় ত্যাগ কৰে বুলি কোৱা হয়।

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Silén (1993:88–91)
  2. ↑ Orchard, Andy (1997). Dictionary of Norse Myth and Legend. Cassell
  3. ↑ Silén, Lars. (1983). Några Reflektioner Angående Bilderna på Balingsta-Stenen i Uppland. Fornvännen. Swedish National Heritage Board. পৃ. 88–91
  4. ↑ John Lindow. (2002). Norse Mythology: A Guide to Gods, Heroes, Rituals, and Beliefs. Oxford University Press. পৃ. 11–. ISBN 978-0-19-983969-8
  5. ↑ von Rhein, John. (21 September 2016). An epic beginning for Lyric's new Wagner 'Ring' cycle. Chicago Tribune

সম্পৰ্কিত শ্ৰেণী

কিংবদন্তিনৰ্ছ শ্ৰুতিকথাপৌৰাণিক কথা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুংনিৰ” প্ৰবন্ধৰ সংশোধন ৪৯৪৬৪০ (১৯ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।