অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

অডিন

অডিন (ইংৰাজী: Odin; উচ্চাৰণ: ) জাৰ্মান পৌত্তলিক ধৰ্মত (মূৰ্তি পূজা কৰা প্ৰথা) বৰ্ণনা কৰা এজন বহু পূজনীয় দেৱতা। নৰ্ছ পৌৰাণিক কাহিনীত বৰ্ণনা কৰা মতে তেওঁক প্ৰজ্ঞা, নিৰাময়, মৃত্যু, ৰাজকীয়, শাস্তি, জ্ঞান, যুদ্ধ, সংঘৰ্ষ, বিজয়, যাদু, কবিতা, উন্মাদনা আৰু ৰুনিক বৰ্ণমালাৰ সৈতে জড়িত কৰে।

হালনাগাদ: ১৯ মাৰ্চ ২০২৫ ৫০৬ শব্দ · ৩ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

অডিন (ইংৰাজী: Odin; উচ্চাৰণ: ১) জাৰ্মান পৌত্তলিক ধৰ্মত (মূৰ্তি পূজা কৰা প্ৰথা) বৰ্ণনা কৰা এজন বহু পূজনীয় দেৱতা। নৰ্ছ পৌৰাণিক কাহিনীত বৰ্ণনা কৰা মতে তেওঁক প্ৰজ্ঞা, নিৰাময়, মৃত্যু, ৰাজকীয়, শাস্তি, জ্ঞান, যুদ্ধ, সংঘৰ্ষ, বিজয়, যাদু, কবিতা, উন্মাদনা আৰু ৰুনিক বৰ্ণমালাৰ সৈতে জড়িত কৰে। তেওঁ হৈছে দেৱী ফ্ৰিগৰ স্বামী। বৃহত্তৰ জাৰ্মানিক পৌৰাণিক কাহিনী আৰু পৌত্তলিকতাবাদত এই দেৱতাজনক পুৰণি ইংৰাজী ভাষাত ৱডেন (Wōden), পুৰণি চেক্সন ভাষাত উডেন (Uuôden), পুৰণি ডাচ ভাষাত ৱুডান (Wuodan), পুৰণি ফ্ৰিজিয়ান ভাষাত ৱেডা (Wêda) আৰু পুৰণি উচ্চ জাৰ্মান ভাষাত ৱুটান (Wuotan) বুলিও জনা গৈছিল। এই সকলোবোৰ শব্দ মূলতঃ প্ৰাক জাৰ্মান দেৱশব্দ উদান্‌জ (Wōðanaz), অৰ্থাৎ 'উন্মাদনাৰ প্ৰভু', বা 'অধিগ্ৰহণকাৰীসকলৰ নেতা'ৰ পৰাই উদ্ভৱ হৈছিল।

উত্তৰ ইউৰোপৰ জাৰ্মানিয়াৰ অঞ্চলসমূহ খ্ৰীষ্টপূৰ্ব ২ খ্ৰীষ্টাব্দত ৰোমানসকলে দখল কৰাৰ পৰা খ্ৰীষ্টীয় চতুৰ্থৰ পৰা ষষ্ঠ শতিকাৰ প্ৰব্ৰজন যুগ আৰু খ্ৰীষ্টীয় ৮ম শতিকাৰ পৰা একাদশ শতিকাৰ ভাইকিং যুগলৈকে লিখিত ইতিহাসত অডিনক এজন বিশিষ্ট দেৱতা হিচাপে দেখুওৱা হৈছে। আধুনিক যুগত জাৰ্মানীয় ইউৰোপৰ গ্ৰাম্য লোককথাই অডিনক পূজনীয় বুলি মান্যতা দিয়ে। ঐতিহাসিকভাৱে প্ৰাচীন জাৰ্মানীয় জনগোষ্ঠীসমূহে বাস কৰা অঞ্চলসমূহত তেওঁৰ নামেৰে স্থানৰ নামকৰণ কৰিছিল আৰু ইংৰাজীকে ধৰি বহু জাৰ্মানীয় ভাষাত সপ্তাহৰ বুধবাৰৰ (Wednesday) দিনটোৱে তেওঁৰ নাম বহন কৰে।

পুৰণি ইংৰাজী গ্ৰন্থসমূহত অডিনক ইউহেমেৰাইজ২ ৰাজবংশসমূহৰ পূৰ্বপুৰুষ হিচাপে বিশেষ স্থান প্ৰদান কৰিছে আৰু তেওঁক সঘনাই লেংগোবাৰ্ড আদি অন্য বহুতো জাৰ্মানীয় জনগোষ্ঠীৰ প্ৰতিষ্ঠাপক হিচাপে উল্লেখ কৰা হয়, আনহাতে কিছুমান পুৰণি নৰ্ছৰ উৎসত তেওঁক দেৱতাৰ শাসক হিচাপে চিত্ৰিত কৰা হৈছে। তেওঁৰ নামৰ বিভিন্ন ৰূপসমূহ সমগ্ৰ জাৰ্মানীয় সমলত সঘনাই দেখা যায় যদিও অডিনৰ সম্পৰ্কীয় আখ্যানসমূহ মূলতঃ প্ৰায় ত্ৰয়োদশ শতিকাত আইচলেণ্ডৰ পুৰণি লিখিত নৰ্ছ গ্ৰন্থসমূহত পোৱা যায়। এই গ্ৰন্থসমূহে নৰ্ছ পৌৰাণিক কাহিনীৰ আধুনিক ব্যাখ্যাৰ মূল আধাৰ গঠন কৰে।

পুৰণি নৰ্ছ গ্ৰন্থসমূহত অডিনক বেষ্টলা (Bestla) আৰু ব'ৰৰ (Borr) পুত্ৰ হিচাপে চিত্ৰিত কৰা হৈছে। তেওঁৰ দুজন ভাতৃ হৈছে ভিলি (Vili) আৰু ভে (Vé)। অডিনৰ বহুতো পুত্ৰৰ ভিতৰত আটাইতকৈ বিখ্যাত হৈছে দেৱতা থৰ (Thor) আৰু বাল্ড্ৰ (Baldr)। অডিনক সঘনাই এটা ঢাকি থোৱা চকু, দীঘল দাড়ি, আৰু গুংনিৰ৩ নামৰ এডাল ষাঠি লৈ থকা বা পোছাক আৰু বহল টুপী পিন্ধি ছদ্মবেশত থকা দেখা যায়। তেওঁৰ লগত প্ৰায়ে লগৰীয়া জন্তু — গেৰী আৰু ফ্ৰেকি (Geri and Freki) নামৰ দুটা কুকুৰনেছীয়া৪ আৰু হুগিন আৰু মুনিন (Huginn and Muninn) নামৰ দুটা কাউৰী থাকে।৫ সেই কাউৰী দুটাই তেওঁৰ বাবে মিডগাৰ্ডৰ (Midgard) বিভিন্ন ঠাইৰ পৰা তথ্য সংগ্ৰহ কৰি আনে। অডিনৰ বাহন হৈছে আঠটা ভৰি থকা স্লেইপনিৰ (Sleipnir) নামৰ এটা উৰণীয়া ঘোঁৰা।৬ স্লেইপনিৰত উঠি অডিনে আকাশ আৰু পাতালত ভ্ৰমণ কৰে। তেওঁ আদিম সত্তা য়মিৰক (Ymir) হত্যা কৰি পৃথিৱীৰ সৃষ্টি কৰিছিল৭ আৰু প্ৰথম দুই মানৱ আস্ক আৰু এম্বলাক (Ask and Embla) জীৱন দান কৰিছিল।৮

অডিন ঐশ্বৰিক যুদ্ধক্ষেত্ৰৰ কুমাৰী, ভলকাইৰীৰ সৈতেও জড়িত কৰা হয়। ভলকাইৰীয়ে আইনহেৰ্জাৰ অৰ্থাৎ যুদ্ধত মৃত্যু হোৱা আধা অংশক ভালহাল্লাত স্থান দিয়ে আৰু আন আধা অংশক দেৱী ফ্ৰেইজাৰে ফলভাঙ্গৰলৈ পঠিয়াই দিয়ে। অডিনে বনৌষধিৰে সজ্জিত অশৰীৰী মূৰ মিমিৰৰ ওচৰলৈ পৰামৰ্শ বিচাৰি যায়। মিমিৰে অডিনক ৰাগনৰকৰ প্ৰলয়ৰ ভৱিষ্যদ্বাণীৰ কথা অবগত কৰে আৰু অডিনক দানৱীয় পহু ফেনৰিৰে ভক্ষণ কৰাৰ আগতে আইনহেৰ্জাৰসকলক যুদ্ধলৈ লৈ যাবলৈ আহ্বান জনায়। দেৱী ফ্ৰেইজাৰ সৈতে অডিনৰ পত্নী ফ্ৰিগৰ বহু দিশত সাদৃশ্য পৰিলক্ষিত হয় আৰু লোকিৰ সৈতেও অডিনৰ বিশেষ সম্পৰ্ক আছে। পিছৰ লোককথাত অডিনক কেতিয়াবা ৱাইল্ড হাণ্টৰ নেতা হিচাপে দেখা পোৱা যায়। বিশেষকৈ পুৰণি ইংৰাজী আৰু পুৰণি নৰ্ছ গ্ৰন্থ কিছুমানত তেওঁক মন্ত্ৰ আৰু অন্যান্য ধৰণৰ যাদুৰ সৈতে জড়িত কৰা হয়।

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ "Odin" . Random House Webster's Unabridged Dictionary
  2. ↑ Bulfinch, Thomas. Bulfinch's Mythology. Whitefish: Kessinger, 2004, p. 194
  3. ↑ Silén (1993:88–91)
  4. ↑ Lindow (2001:120)
  5. ↑ Simek (2007:164)
  6. ↑ Hollander (1936:99)
  7. ↑ Bellows, H.A. (1923). The Poetic Edda. American-Scandinavian Foundation
  8. ↑ Byock (2006:18)

সম্পৰ্কিত শ্ৰেণী

কিংবদন্তিনৰ্ছ শ্ৰুতিকথাপৌৰাণিক কথা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অডিন” প্ৰবন্ধৰ সংশোধন ৪৯৪৬৩৯ (১৯ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।