সাবিত্ৰী হৈছে ভাৰতীয় কাল্পনিক নাটকৰ দূৰদৰ্শন ধাৰাবাহিক৷ এই ধাৰাবাহিকখন ২০১৩ চনৰ ১৮ ফেব্ৰুৱাৰীৰ১ পৰা ২০১৩ চনৰ ৪ অক্টোবৰলৈকে লাইফ অ'কেত প্ৰচাৰিত হৈছিল। ধাৰাবাহিকখনৰ প্ৰাৰম্ভিক সহ-প্ৰযোজক আছিল ফিল্ম ফাৰ্ম ইণ্ডিয়া, কিন্তু ধাৰাবাহিকখন সম্প্ৰচাৰিত হোৱাৰ আগতেই প্ৰযোজনা ফ্লাইং টাৰ্টেলছলৈ সলনি কৰা হয়৷ ২০১৩ চনৰ আগষ্ট মাহত কাষ্ট ৰিভেম্প কৰা হৈছিল।২ এই ধাৰাবাহিকখন পৰম্পৰাগত ভাৰতীয় লোককথা মহাভাৰতৰ সাবিত্ৰী আৰু সত্যবানৰ আধুনিক ৰূপ।৩
অভিনয়
ধাৰাবাহিকখনত শিশু ৰাজকুমাৰী দময়ন্তীৰ চৰিত্ৰত অবনীত কৌৰে অভিনয় কৰিছিল৷৪ ৰাজকুমাৰী দময়ন্তী আৰু সাবিত্ৰী সত্যৱান ৰায় চৌধাৰীৰ চৰিত্ৰত ৰিদ্ধি ডোগ্ৰাই অভিনয় কৰিছিল৷ ৰাহুকালৰ চৰিত্ৰত কৃপ সূৰী, সেনাপতি বীৰ, আশীষ কাপুৰ আৰু সত্যৱান ৰায় চৌধুৰীৰ চৰিত্ৰত চৰিত্ৰত যশ পণ্ডিত, মিষ্টিৰ চৰিত্ৰত সুমনা দাস,৫ মহাৰাজ৬ তথা দময়ন্তীৰ পিতৃ হিচাপে সলিল অংকোলা, দময়ন্তীৰ মাতৃ মহাৰাণীৰ ৰূপত সুচিতা ত্ৰিবেদী,৬ দেৱৰ চৰিত্ৰত অংগদ হাছিজা, গুলিকাৰ চৰিত্ৰত ৰেশ্মী ঘোষ, ৰাজকুমাৰ দেৱাতীনৰ চৰিত্ৰত আহাদ আলী আমিৰ, লীনা ৰায় চৌধুৰী আৰু বিষঘাটিৰ চৰিত্ৰত ইন্দ্ৰানী হালদাৰ, বিক্ৰান্তৰ চৰিত্ৰত কৰণ সুচাক, দময়ন্তীৰ মাতৃ হিচাপে উৎকৰ্ষ নাইক, বিষ্কামিনীৰ চৰিত্ৰত বাহবিজ দোৰাবজী, সেনাপতিৰ চৰিত্ৰত অমিত বেহল আৰু ধুমকেতু হিচাপে পুনীত বশিষ্ঠই অভিনয় কৰিছিল৷
তথ্যসূত্ৰ
- ↑ Savitri-a fantasy mega series launched - The Times of India
- ↑ Savitri is not going off air: Saaket Saawhney | The Times of India
- ↑ (2013-02-17). Life OK's Savitri: What is the show all about?. Bollywood Life
- ↑ Avneet Kaur in Life OK's Savitri - The Times of India
- ↑ (2013-02-20). Sumana Das to enter Life OK's Savitri. India Forums Dot Com
- ↑ (2013-03-21). Salil Ankola and Sucheta Trivedi to essay Damayanti's parents in Life OK's Savitri. Tellychakkar Dot Com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাবিত্ৰী – এক প্ৰেম কাহানী” প্ৰবন্ধৰ সংশোধন ৪৮০৯৬২ (২২ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।