হাউছছ (ইংৰাজী: *H₂éwsōs বা *Haéusōs; আক্ষৰিক অৰ্থ: 'দোকমোকালি') প্ৰাক-ইণ্ডো-ইউৰোপীয় পৌৰাণিক কাহিনীত দোকমোকালিক প্ৰতিনিধিত্ব কৰা দেৱীৰ পুনৰ্গঠিত প্ৰাক-ইণ্ডো-ইউৰোপীয় নাম।১
পৰৱৰ্তী পৰম্পৰাত তেওঁৰ চৰিত্ৰায়নৰ সামঞ্জস্যৰ লগতে ঋগবেদত উল্লেখিত দেৱী ঊষাৰ গুৰুত্বৰ বাবে আদি ইণ্ডো-ইউৰোপীয় ভাষীসকলে পূজা কৰা অন্যতম গুৰুত্বপূৰ্ণ দেৱতা/দেৱী বুলি বিশ্বাস কৰা হয়।২৩৪
তেওঁৰ বৈশিষ্ট্যসমূহ পিছৰ কিছুমান পৰম্পৰাত বাল্টিক সূৰ্য্য-দেৱতা ছুলৰ দৰে সৌৰ দেৱতাসকলৰ বৈশিষ্ট্যৰ সৈতে সানমিহলি কৰা হৈছে, কিন্তু পৰৱৰ্তী সময়ত অন্যান্য পৌৰাণিক কাহিনীসমূহত দেৱীসকললৈও সম্প্ৰসাৰিত আৰু প্ৰভাৱিত কৰা হৈছে।
প্ৰভাৱ
মাইকেল উইটজেলৰ মতে শ্বিণ্ট' ধৰ্মৰ পূজনীয় জাপানীজ প্ৰাতঃ দেৱী উজুমে বৈদিক ধৰ্মৰ দ্বাৰা প্ৰভাৱিত আছিল। নৃতত্ত্ববিদ কেভিন টুইটে কয় যে জৰ্জিয়াৰ দেৱী ডালিৰ সৈতেও ইণ্ডো-ইউৰোপীয় পুৱাৰ দেৱীসকলৰ সৈতে কেইবাটাও সাদৃশ্য দেখা যায়।
গ্ৰীক কিংবদন্তিৰ প্ৰেম, সৌন্দৰ্য আৰু যৌন আচৰণৰ দেৱী এফ্ৰোডাইটি ইণ্ডো-ইউৰোপীয় পুৱাৰ দেৱীৰ সম্ভাৱ্য পৌৰাণিক বংশধৰ হ’ব পাৰে। পণ্ডিতসকলে তেওঁৰ পিতৃ (জ্যুচ বা ইউৰেনাছ) হিচাপে আকাশ দেৱতা আৰু ৰঙা তথা সোণালী ৰঙৰ সৈতে তেওঁৰ সম্পৰ্কৰ ওপৰত ভিত্তি কৰি এই সাদৃশ্যৰ কথা উল্লেখ কৰিছে। ইলিয়াডত এফ্ৰোডাইটিক এজন মৰ্ত্যলোকে আঘাত কৰে আৰু তেওঁ মাকৰ (ডাইঅ'ন) কোলাত সান্ত্বনা বিচাৰে। ডাইঅ'নক জ্যুছৰ মহিলা সমকক্ষ হিচাপে দেখা যায় আৰু ব্যুৎপত্তিগতভাৱে প্ৰাক-ইণ্ডো-ইউৰোপীয় মূল *ডাইউছৰ পৰা উদ্ভৱ হোৱা বুলি ভবা হয়।
তথ্যসূত্ৰ
- ↑ Mallory Adams 2006, পৃ. 409–410, 432
- ↑ Mallory Adams 1997, পৃ. 149
- ↑ Gamkrelidze, Thomas V.; Ivanov, Vjaceslav V. (2010). Indo-European and the Indo-Europeans: A Reconstruction and Historical Analysis of a Proto-Language and Proto-Culture. Walter de Gruyter. ISBN 9783110815030
- ↑ Chakraberty, Chandra. (1987). A Study in Hindu Social Polity. Mittal Publications. পৃ. 139–142
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাউছছ” প্ৰবন্ধৰ সংশোধন ৪৯০৩৬৬ (১০ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।