আন্না কেৰিন হেলেনা ফিস্কে চমুকৈ আন্না ফিস্কে ( Anna Carin Helena Fiske); ছুইডেনত জন্মগ্ৰহণ কৰা এগৰাকী চিত্ৰকৰ আৰু লেখিকা আৰু তেওঁ নৰৱেত বসতি স্থাপন কৰে। তেওঁৰ জন্ম হৈছিল ৫ ছেপ্টেম্বৰ ১৯৬৪ চনত।
ফিস্কেৰ জন্ম হৈছিল এংগেলহ'মত, আৰু তেওঁৰ বিবাহ হৈছিল চিত্ৰশিল্পী লাৰ্ছ ফিস্কেৰ সৈতে। ষ্টকহোমৰ কনষ্টফেকত শিক্ষা গ্ৰহণ কৰা আন্নাই ১৯৯৪ চনৰ পৰা নৰৱেত বাস কৰি আহিছে। তেওঁৰ কমিক্স এলবামসমূহৰ ভিতৰত ১৯৯৯ চনৰ ফৰভাণ্ডলিংগেন, ২০০২ চনৰ স্নাকে মেড ডাইৰ, আৰু ২০০৪ চনৰ ডান্সে পা টেপেট উল্লেখযোগ্য। ২০০৫ চনৰ পৰা ২০০৯ চনলৈকে তেওঁ কমিকছ আলোচনী ৰেবেল প্ৰকাশ কৰে। তেওঁৰ গ্ৰন্থ হেল্লো জৰ্ডা ২০০৭ চনত নৰৱেৰ সমালোচক বঁটাৰ বাবে মনোনীত হয়। ২০১০ চনত তেওঁৰ ছবিৰ কিতাপ স্মা অগ ষ্টোৰ টিং দু কান লাগে চেল্ভ(Små og store ting du kan lage selv)য়ে দুটা পুৰস্কাৰ লাভ কৰে আৰু ২০১৪ চনত Bokkunstprisen ৰ সন্মান লাভ কৰে।১২
গ্ৰন্থতালিকা
আন্না ফিস্কে কেইবাখনো গ্ৰন্থ প্ৰকাশ কৰিছে,৩ য'ত আছে:
হাউ ডু ইউ মেক এ বেবী; গেকো প্ৰেছ, ২০২০ত প্ৰকাশিত৪
তথ্যসূত্ৰ
- ↑ Kalleklev, Katrine. Anna Fiske. Store norske leksikon. Norsk nettleksikon
- ↑ Bokkunstprisen 2014: Anna Fiske. www.grafill.no
- ↑ (2020-07-16). Q&A with Anna Fiske · Gecko Press. geckopress.com
- ↑ How Do You Make a Baby? · Gecko Press. geckopress.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আন্না ফিস্কে” প্ৰবন্ধৰ সংশোধন ৪৯৮৫৯৭ (২৭ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।