অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জেনী ৰাকোটোমামনজি

জেনী ৰাকোটোমামনজি ( Jenny Rakotomamongy; জন্ম: ১৯৭৯), পৰিচিত নাম জেনী, এগৰাকী মালাগাছি জন্মৰ ফৰাচী কাৰ্টুনকাৰ আৰু এনিমেটৰ। তেওঁ চিবিমাগ কমিক্স ষ্টুডিঅ'ৰ সহ-প্ৰতিষ্ঠাপক।

হালনাগাদ: ২৩ মাৰ্চ ২০২৫ ১৬৪ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

জেনী ৰাকোটোমামনজি ( Jenny Rakotomamongy; জন্ম: ১৯৭৯), পৰিচিত নাম জেনী, এগৰাকী মালাগাছি জন্মৰ ফৰাচী কাৰ্টুনকাৰ আৰু এনিমেটৰ। তেওঁ চিবিমাগ কমিক্স ষ্টুডিঅ'ৰ সহ-প্ৰতিষ্ঠাপক।১

জীৱনী

১৯৭৯ চনত মাদাগাস্কাৰৰ আণ্টানানাৰিভোত জন্মগ্ৰহণ কৰা জেনী ৰাকোটোমামনজিয়ে ৩ বছৰ বয়সত পিতৃ-মাতৃৰ সৈতে দ্বীপটো এৰি পেৰিছৰ উপকণ্ঠ অঞ্চললৈ গুচি যায়।১ পেৰিছ বিশ্ববিদ্যালয় ১ প্যান্থেয়ন-ছ'ৰবনৰ চেণ্ট-চাৰ্লছ চেণ্টাৰত তেওঁ শিল্প অধ্যয়ন কৰে, তাৰ পিছত গ'বেলিনছত এনিমেচনৰ ওপৰত দুবছৰীয়া কাৰ্যসূচী ল’ইক’ল ডি ল’ইমেজ সম্পূৰ্ণ কৰে।২

২০০২ চনত কেৱল নামৰ প্ৰথম অংশৰে নিজৰ কামত চহী কৰা জেনীয়ে এণ্টোৱান এণ্টিনৰ সৈতে তেওঁৰ প্ৰথম এনিমেটেড চুটি ছবি লে পেপিলন নিৰ্মাণ কৰে।২ সেই বছৰৰ এন্নেচি আন্তঃৰাষ্ট্ৰীয় এনিমেচন চলচ্চিত্ৰ মহোৎসৱত কেনেল জে বঁটাৰ বাবে এই চুটি ছবিখন নিৰ্বাচিত কৰা হৈছিল।৩ ইয়াৰ কিছু সময়ৰ পিছতে মাৰাথন এনিমেচনে তেওঁক মাৰ্টিন মিষ্ট্ৰী ধাৰাবাহিকৰ চৰিত্ৰ ডিজাইন আৰু টটালি স্পাইছৰ ষ্ট'ৰীব'ৰ্ডৰ কাম কৰিবলৈ নিযুক্তি দিয়ে।৪

জেনীয়ে ২০০৫ চনত তেওঁৰ প্ৰথম কমিক শ্বোজো মাংগা-শৈলীৰ পিংক ডায়েৰী মুকলি কৰে।৩ ফ্ৰান্সৰ ডেলক'ৰ্টৰ দ্বাৰা প্ৰকাশিত পিংক ডায়েৰী ছিৰিজে৫ ২০০৬ চনত ফৰাচী আলোচনী এনিমেলেণ্ডৰ পৰা শ্ৰেষ্ঠ মাংগা-শৈলীৰ বেণ্ডে ডেচিনিৰ বঁটা লাভ কৰে।৬ ই ২০০৮ চনলৈকে চলিছিল,৩ তাৰ পিছত জেনীয়ে এখন নতুন ধাৰাবাহিক মেথিল্ড৭ আৰম্ভ কৰে আৰু তাৰ পিছত চাৰা এট লেছ কণ্টেছ পাৰ্ডাছ।৮ পেট্ৰিচিয়া লাইফংৰ লা ৰোজ একাৰলেট ছিৰিজৰ স্পিন অফৰ কামো কৰিছে।৯

২০০৩ চনত তেওঁ চিবিমাগ কমিক্স ষ্টুডিঅ'ৰ প্ৰতিষ্ঠাপক সদস্যও হয়, যাৰ জৰিয়তে তেওঁ বিভিন্ন কমিক ফেনজিনত সহযোগিতা আগবঢ়াইছে।১

জেনী ফ্ৰান্সৰ ইউৰে-এট-লয়ৰত থাকে,১০ য'ত তেওঁ সঘনাই তেওঁৰ স্বামী, সহযোগী কমিকছ সৃষ্টিকৰ্তা এলেক্সিছ ক'ৰিডুনৰ সৈতে সহযোগিতা কৰে।১

তথ্যসূত্ৰ

  1. ↑ Jenny. lambiek.net
  2. ↑ (2008-03-31). Jenny Rakotomamonjy – Jeune Afrique. JeuneAfrique.com
  3. ↑ (2008-03-31). Bio express: Jenny Rakotomamonjy – Jeune Afrique. JeuneAfrique.com
  4. ↑ Raberanto, Aina Zo. (2017-06-27). Jenny Rakotomamonjy: "J’assume mes japonaiseries". No Comment
  5. ↑ Pink Diary T01. Pink Diary T01
  6. ↑ (2007-05-04). 14e Anime & Manga GRAND PRIX: les vainqueurs. AnimeLand
  7. ↑ Mathilde T01 - Le Temps des soupirs. Mathilde T01 - Le Temps des soupirs
  8. ↑ Sara et les contes perdus T01. Sara et les contes perdus T01
  9. ↑ La Rose Écarlate - Missions 3: bande annonce. www.editions-delcourt.fr
  10. ↑ JENNY. www.editions-delcourt.fr

সম্পৰ্কিত শ্ৰেণী

কাৰ্টুনিষ্ট

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জেনী ৰাকোটোমামনজি” প্ৰবন্ধৰ সংশোধন ৪৯৫৮৫৯ (২৩ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।