চিৰঞ্জীৱ দত্ত (Chiranjeev Dutta) অসমৰ এগৰাকী কাৰ্টুনিষ্ট৷ তেওঁ অসমৰ প্ৰায়বোৰ কাকত-আলোচনীত কাৰ্টুন আঁকি জনপ্ৰিয় হৈছিল৷ কাৰ্টুন আঁকিবলৈ তেওঁ কেতিয়াও তুলিকা ব্যৱহাৰ কৰা নাছিল, পৰিৱৰ্তে তেওঁ 'ৰটৰিং' পেন ব্যৱহাৰ কৰি কাৰ্টুন আঁকিছিল৷ ৫৫ বছৰ বয়সত তেওঁৰ গুৱাহাটীৰ হাতীগড় চাৰিআলিত মৃত্যু হয়৷১
কৰ্মজীৱন
অসমীয়া ভাষাত গুৱাহাটীৰ পৰা প্ৰকাশিত বিনোদনধৰ্মী আলোচনী বিস্ময়ত তেখেত কৰ্মৰত আছিল। বিস্ময়ৰ লগতে কেইবাখনো বাতৰি কাকত-আলোচনীত সুদীৰ্ঘ সময়জুৰি তেখেতে কাৰ্টুন অংকন কৰিছিল।
মৃত্যু
২০২২ চনৰ ২৬ নৱেম্বৰ তাৰিখে গুৱাহাটীৰ নিজা বাসভৱনত তেখেতৰ মৃত্যু হয়।২
তথ্যসূত্ৰ
- ↑ জনপ্ৰিয় কাৰ্টুনিষ্ট চিৰঞ্জীৱ দত্তৰ অকাল মৃত্যু, নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰ, ২০২২
- ↑ (27 November 2022). Assam based cartoonist Chiranjeev Dutta passes away. India Today NE
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চিৰঞ্জীৱ দত্ত” প্ৰবন্ধৰ সংশোধন ৩৩৯৭১২ (৪ ডিচেম্বৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।