অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

আকাশ টেবলেট

আকাশ হৈছে ভাৰত চৰকাৰ, আই আই টি ব’ম্বে আৰু ভাৰতীয় নিৰ্মাতা QUADৰ সহঃযোগত ব্ৰিটিছ কোম্পানী ডাটাৱিণ্ডে নিৰ্মাণ কৰি উলিওৱা এণ্ড্ৰইড প্ৰযুক্তিৰ টেবলেটৰ এক শৃংখলা। আকাশ হৈছে বৰ্তমান বিশ্বৰ সকলোতকৈ কম খৰচী টেবলেট। ইয়াক Ubislate 7+ (বাণিজ্যিক নাম) বুলিও জনা যায়। ই বজাৰত $৬০ত ঊপলভ্য।

হালনাগাদ: ৩০ নৱেম্বৰ ২০২৪ ৯৩ শব্দ · ১ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

আকাশ হৈছে ভাৰত চৰকাৰ, আই আই টি ব’ম্বে আৰু ভাৰতীয় নিৰ্মাতা QUADৰ সহঃযোগত ব্ৰিটিছ কোম্পানী ডাটাৱিণ্ডে নিৰ্মাণ কৰি উলিওৱা এণ্ড্ৰইড প্ৰযুক্তিৰ টেবলেটৰ এক শৃংখলা।১

আকাশ হৈছে বৰ্তমান বিশ্বৰ সকলোতকৈ কম খৰচী টেবলেট। ইয়াক Ubislate 7+ (বাণিজ্যিক নাম) বুলিও জনা যায়। ই বজাৰত $৬০ত ঊপলভ্য। ছাত্ৰ ছাত্ৰীৰ বাবে ৫০% ৰেহাই মূল্যত এই টেবলেট পোৱা যায়।১

আকাশৰ প্ৰথমটো শৃংখলাৰ টেবলেট সমূহৰ RAM ২৫৬ এম বি, প্ৰচেচৰ ARM 11 আৰু এইবোৰ এণ্ড্ৰইড ২.২ যুক্ত। "আকাশ ১ক" "প্ৰতিজন ছাত্ৰৰ বাবে এটাকৈ লেপটপ (One Laptop Per Child) আঁচনিৰ অধীনত সমগ্ৰ ভাৰতৰ ২৫,০০০খন মহাবিদ্যালয় আৰু ৪০০খন বিশ্ববিদ্যালয় ছাত্ৰ সকলক কমেও এটাকৈ কম্পিউটিং সঁজুলি যোগান ধৰাৰ উদ্দেশ্যেৰে নিৰ্মাণ কৰা হৈছিল।১

১১ নবেম্বৰ ২০১২ তাৰিখে "আকাশ ২" মুকলি কৰি দিয়া হয়, আকাশ ১ৰ তুলনাত আকাশ ২ উন্নত প্ৰচেচৰ, আৰু অধিক ৰেম যুক্ত, আকাশ ২ আই আই টি ৰাজস্থানৰ সহঃযোগত নিৰ্মাণ কৰা হৈছে।১

এপ্লিকেচনসমূহ

লগত অহা এপ্লিকেচনসমূহ:

  • ৱেব ব্ৰাউজাৰ
  • কেলকুলেটৰ (গণক যন্ত্ৰ)
  • কেলেণ্ডাৰ
  • কেমেৰা (আকাৰ্যক্ষম)
  • ঘড়ী
  • ঠিকনা বহী
  • ডাটাৱিণ্ড মেনেজাৰ
  • ডেভেলপাৰৰ সঁজুলি
  • ইমেইল
  • গেলেৰী
  • বাৰ্তা (মেছেজিং)
  • সংগীত (মিউজিক)
  • টোকা বহী (ন’ট পেড)
  • ফোন
  • ক্ৱিক পিক (?)
  • সন্ধান
  • ছেটিংচ
  • অন্যান্য

টোকা: UbiSlate 7 শৃংখলাৰ টেবলেট সমূহত লগতে অহা ফাইল এক্সপ্ল’ৰাৰ, লগতে এণ্ড্ৰইড ষ্ট’ৰ দেখিবলৈ পোৱা নাযায়।

ৱেব ব্ৰাউজাৰ

ডাটাৱিণ্ডে দাবী কৰা মতে এই টেবলেটৰ ডিফল্ট ৱেব ব্ৰাউজাৰত তথ্য সংকোচন প্ৰযুক্তিৰে সমৃদ্ধ, যাৰ বাবে ২জি নেটৱৰ্কটো ই ৩জি দৰে দ্ৰুত বেগ দিবলৈ সক্ষম। ই আন ব্ৰাউজাৰতকৈ প্ৰায় ৩০ গুণ অধিক প্ৰদান কৰিবলৈ সক্ষম।২

বাকচৰ ভিতৰত ঊপলভ্য

  • ম’বাইল ইণ্টাৰনেট সঁজুলি (টেবলেট)
  • ২জিবি মাইক্ৰ’ এচ ডি কাৰ্ড
  • এ চি এডাপ্টেৰ (চাৰ্জাৰ)
  • নিৰ্দেশনা থকা কিতাপ
  • স্বাগতম পত্ৰ
  • ৱাৰেণ্টি পত্ৰ

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ thinkdigit.com. (২০১২). Encyclopedia Technica A to E. ডিজিট. পৃ. ৬
  2. ↑ (2011-10-05). Datawind press release. Datawind.com

সম্পৰ্কিত শ্ৰেণী

কম্পিউটাৰ বিজ্ঞানসঁজুলি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আকাশ টেবলেট” প্ৰবন্ধৰ সংশোধন ৪৪৯৮৩৬ (৩০ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।