কম্পিউটাৰ প্ৰগ্ৰেমিং বা ক'ডিং হৈছে কিছুমান নিৰ্দেশনাৰ গঠন, যাক প্ৰগ্ৰেম বোলা হয়, যিবোৰক কম্পিউটাৰে কোনো কাম সম্পন্ন কৰিবলৈ অনুসৰণ কৰিব পাৰে। ১ ২ ইয়াত এটা বা ততোধিক প্ৰগ্ৰেমিং ভাষাত ক'ড লিখি এলগৰিদমসমূহ ডিজাইন আৰু প্ৰণয়ন কৰা হয়, বিভিন্ন পদ্ধতিবোৰ এটা এটাকৈ বুজাই দিয়া হয়।
প্ৰগ্ৰেমাৰসকলে সাধাৰণতে উচ্চ-স্তৰৰ প্ৰগ্ৰেমিং ভাষা ব্যৱহাৰ কৰে যি মেচিন ক'ডৰ তুলনাত মানুহৰ বাবে অধিক সহজে বোধগম্য, যি কেন্দ্ৰীয় প্ৰচেছিং ইউনিটে প্ৰত্যক্ষভাৱে কাৰ্যকৰী কৰে। দক্ষ প্ৰগ্ৰেমিঙৰ বাবে সাধাৰণতে কেইবাটাও ভিন্ন বিষয়ত বিশেষজ্ঞতাৰ প্ৰয়োজন হয়, য'ত এপ্লিকেচন ডমেইনৰ জ্ঞান, প্ৰগ্ৰেমিং ভাষা আৰু জেনেৰিক ক'ড লাইব্ৰেৰীৰ বিৱৰণ, বিশেষ এলগৰিদম, আৰু আনুষ্ঠানিক যুক্তিৰ জ্ঞান আদি অন্তৰ্ভুক্ত।
প্ৰগ্ৰামিঙৰ সৈতে জড়িত সহায়ক কামসমূহ হৈছেপ্ৰয়োজনীয়তাসমূহ বিশ্লেষণ কৰা, পৰীক্ষণ কৰা, ডিবাগিং কৰা (সমস্যাসমূহ অনুসন্ধান কৰা আৰু সমাধান কৰা), বিল্ড চিস্টেমসমূহৰ প্ৰণয়ন, আৰু ব্যুৎপন্ন আৰ্টিফেক্টসমূহৰ ব্যৱস্থাপনা, যেনে প্ৰগ্ৰামসমূহৰ মেচিন ক'ড। এইবোৰক কেতিয়াবা প্ৰগ্ৰেমিং বুলি গণ্য কৰা হয় যদিও এনে ধৰণৰ সামগ্ৰিক প্ৰক্ৰিয়াৰ বাবে প্ৰায়ে চফ্টৱেৰ বিকাশ (software development) শব্দটো ব্যৱহাৰ কৰা হয়। প্ৰগ্ৰেমিং আৰু ক'ডিং শব্দ দুটা ক'ড লিখা আৰু সম্পাদনাৰ ক্ষেত্ৰতহে ব্যৱহাৰ কৰা হয়। কেতিয়াবা চফ্টৱেৰ বিকাশক চফ্টৱেৰ অভিযান্ত্ৰিক (software engineering) বুলিও জনা যায়, বিশেষকৈ যেতিয়া ই আনুষ্ঠানিক পদ্ধতি ব্যৱহাৰ কৰে বা অভিযান্ত্ৰিক ডিজাইন প্ৰক্ৰিয়া অনুসৰণ কৰে।
তথ্যসূত্ৰ
- ↑ Bebbington, Shaun. (2014). What is coding. Tumblr
- ↑ Bebbington, Shaun. (2014). What is programming. Tumblr
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কম্পিউটাৰ প্ৰগ্ৰেমিং” প্ৰবন্ধৰ সংশোধন ৪২৩৭০৯ (২১ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।