অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

হেকাৰ

হেকাৰ (hacker) হৈছে এনে এজন ব্যক্তি যাৰ সাধাৰণতঃ কম্পিউটাৰৰ বিভিন্ন বিষয়ৰ জ্ঞান থাকে আৰু সেই জ্ঞান ধ্বংসাত্মক বা প্ৰয়োগাত্মক কাৰ্য্যত ব্যৱহাৰ কৰে। যেনে, কম্পিটাৰ নেটৱৰ্ক এটা বা কোনো চফ্টৱেৰৰ এটাৰ দুৰ্বলতা বিচাৰি উলিয়াই সেইবোৰক আঁতৰাবলৈ, বিনা অনুমতিত ব্যৱহাৰ কৰিবলৈ, শিকিবলৈ আদি বিভিন্ন কাৰণত।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৩ ৩৭৮ শব্দ · ২ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

হেকাৰ (hacker) হৈছে এনে এজন ব্যক্তি যাৰ সাধাৰণতঃ কম্পিউটাৰৰ বিভিন্ন বিষয়ৰ জ্ঞান থাকে আৰু সেই জ্ঞান ধ্বংসাত্মক বা প্ৰয়োগাত্মক কাৰ্য্যত ব্যৱহাৰ কৰে। যেনে, কম্পিটাৰ নেটৱৰ্ক এটা বা কোনো চফ্টৱেৰৰ এটাৰ দুৰ্বলতা বিচাৰি উলিয়াই সেইবোৰক আঁতৰাবলৈ, বিনা অনুমতিত ব্যৱহাৰ কৰিবলৈ, শিকিবলৈ আদি বিভিন্ন কাৰণত। এনে কাৰ্য্যকহেকিং (hacking) বোলা হয়। তদুপৰি হেকাৰ শব্দই কম্পিউটাৰ আৰু কম্পিউটাৰ নেটৱৰ্কৰ বিশদ অভিজ্ঞসম্পন্ন বক্তিকো বুজায়।১ সহজ ভাষাত হেকাৰ বুলিলে আমি কম্পিউটাৰ অপৰাধী বুলি জ্ঞান কৰোঁ। বৰ্তমান হেকাৰ বুলিলে যিকোনো কম্পিউটাৰৰ বিনা অনুমতিত ভিতৰত প্ৰৱেশ কৰা ফাইলৰ ক্ষতি সাধন কৰা, হেকিং ছফ্টৱেৰ স্থাপন কৰা, গোপনীয় ফাইল চুৰি কৰা, ভাইৰাছ স্থাপন কৰা আদি ব্যক্তিক বুজোৱা হয়। আইনমতে হেকাৰ সকলক অপৰাধী বুলি গণ্য কৰা হয়। বিবদমান অৰ্থত আনৰ কম্পিউটাৰৰ ভিতৰত সোমোৱা আৰু বেলেগ নেটৱকত প্ৰৱেশ কৰা বক্তিসকলক ক্ৰেকাৰ (cracker) বুলি কোৱা হয়, হেকাৰ নহয়।২

শ্ৰেণীবিভাজন

হেকাৰসকলক তলত দিয়া ধৰণে শ্ৰেণীবিভাজিত কৰিব পৰা যায়: ব্লেক হেট অনৈতিক কাৰ্যৰ লগত সম্পৰ্কিত উচ্চ কম্পিউটাৰৰ জ্ঞানসম্পন্ন ব্যক্তি। হোৱাইট হেট কম্পিউটাৰৰ জ্ঞান সমূহ আক্ৰমনাত্মক ভাৱৰ সলনি ৰক্ষণাত্মক ভাৱেৰে প্ৰয়োগ কৰে। গ্ৰে হেট যিয়ে কম্পিউটাৰৰ জ্ঞান ভাল আৰু বেয়া উভয়েৰে বাবে কৰে।

হেকাৰৰ প্ৰযুক্তি জ্ঞান

নিঅফ্ৰাইট নতুন প্ৰজন্ম, যি কম্পিটাৰৰ সুৰক্ষা সম্পৰ্কে নতুন যাৰ প্ৰায়ে কম্পিটাৰ সুৰক্ষা জ্ঞান নাই। স্ক্ৰীপ্ট কিডি অকাল পৰিপক্ক যিয়ে নানান স্ক্ৰীপ্ট আৰু হেকিং ছফ্টৱেৰ লৈ হেকিং সমাধা কৰে। ইলাইট যাক ১৩৩৭ বুলি জনা যায়। যি উচ্চ প্ৰযুক্তিসম্পন্ন হেকাৰ সকলক জনা যায়। অতি মেধাৱী হেকাৰ সকলক ইলাইট বুলি জনা যায়।

হেকিঙৰ প্ৰণালী

হেকিং কৰিবৰ কাৰণে হেকাৰসকেল কিছুমান কাৰ্য সমাধা কৰে-

  1. তথ্য সংগ্ৰহ
  2. স্কেনিং
  3. প্ৰৱেশৰ অনুমতি
    1. অপাৰেটিং চিষ্টেম
    2. নেটৱৰ্ক লেভেল
    3. ডিনাইল অফ চাভিচ
  4. মেইনটেইনিং প্ৰৱেশ
    1. ফাইল স্থাপন, ফাইল পৰিৱৰ্তন, নিজৰ কম্পিউটাৰলৈ ফাইল অনা।

এজন এথিকেল হেকাৰে আন মেলিছিয়াছ হেকাৰে যেনেদৰে হেকিং কৰে তেনেকৈয়ে কৰে। হেকিং কৰোঁতে হেকাৰ সকলে কিছুমান নিয়ম মানি চলে যেনে:

  1. ব্লেক বক্স টেষ্টিং: যিটো কম্পিউটাৰত হেকিং কৰিব, যাৰ কোনো তথ্য হেকাৰ জনে নাজানে।
  2. হোৱাইট বক্স টেষ্টিং: যিটো কম্পিউটাৰত হেকিং হব তাৰ সম্পূণ তথ হেকাৰ জনৰ হাতত থাকে।
  3. গ্ৰে বক্স টেষ্টিং: আংশিক জ্ঞান থাকে আক্ৰমনৰ লক্ষ কম্পিউটৰটোৰ।

হেকাৰ সকলে কোনো এটা কম্পিউটাৰ হেক কৰাৰ আগতে সেই কম্পিউটাৰটোৰ সম্বন্ধে যথেষ্ট তথ সংগ্ৰহ কৰিব লাগে। যেনে-নেটৱৰ্ক ব্যৱস্থা প্ৰণালী, হুইচ, আক্ৰমনৰ কম্পিউটাৰৰ নেটৱৰ্ক সামগ্ৰী সমূহ তাত থকা নানান হষ্টবোৰ ইতাদি। আৰু গুগল যিটো হেকিংৰ বাবে অতি লাগতিয়াল। স্কেনিং হেকাৰ সকলে নেটৱক বৱস্থাটোক পৰীক্ষা কৰি চায় কেনধৰণৰ যন্ত্ৰ পাতি আছে, স্কেনিং ৰ বাবে হেকাৰ সকলে নানান ৱেৱ ছাইটৰ সহায় লয়। স্কেনিংত সহায় হবৰ কাৰণে হেকাৰ সকলে কিছুমান ছফ্টৱেৰৰ সহায় লয় যেনে- ৱাৰ ডায়েলাৰ, পট স্কেনাৰ,নেটৱক স্কেনাৰ, ভালনাৰেৱিলিটি স্কেনাৰ।

তথ্যসূত্ৰ

  1. ↑ (August 1996). Request for Comments: 1983. Network Working Group
  2. ↑ S. Raymond, Eric. Jargon File: Cracker

সম্পৰ্কিত শ্ৰেণী

কম্পিউটাৰ বিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেকাৰ” প্ৰবন্ধৰ সংশোধন ৩৮৩৯২৮ (৩০ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।