এটি কম্পিউটাৰক সাধাৰণতে দুভাগত ভাগ কৰা হয়: হাৰ্ডৱেৰ আৰু চফ্টৱেৰ। হাৰ্ডৱেৰ হৈছে সেইখিনি অংশ, যাক চকুৰে দেখা যায় আৰু স্পৰ্শ কৰিব পৰা যায়। উদাহৰণ স্বৰূপে মনিটৰ, মাউচ, মাডাৰবৰ্ড, হাৰ্ড ডিস্ক ইত্যাদি।১২৩ বিভিন্ন কম্পিউটাৰ হাৰ্ডৱেৰ অংশৰে এটি ব্যক্তিগত কম্পিউটাৰ তৈয়াৰ কৰা হয়। তাৰ পাছত ইয়াত অপাৰেটিং চিষ্টেম ইনষ্টল কৰা হয় আৰু ব্যৱহাৰকাৰীৰ প্ৰয়োজন অনুসৰি বিভিন্ন চফ্টৱেৰ ইনষ্টল কৰা হয়।
কম্পিউটাৰ হাৰ্ডৱেৰৰ শ্ৰেণীবিভাজন
হাৰ্ডৱেৰসমূহক বিভিন্ন ধৰণে শ্ৰেণীবিভাজন কৰিব পৰা যায়। ইয়াত প্ৰক্ৰিয়াকৰণৰ স্তৰ অনুসৰি শ্ৰেণীবিভাজিত কৰা হৈছে:
- ইনপুট যন্ত্ৰাংশ: যিবোৰ যন্ত্ৰাংশৰ দ্বাৰা কম্পিউটাৰক নিৰ্দেশ প্ৰদান কৰিব পাৰি অৰ্থাৎ ইনপুট দিব পাৰি, সেইবোৰক ইনপুট যন্ত্ৰ বোলা হয়। যেনে: কীবৰ্ড, মাউচ আদি।৪৫৬৭
- প্ৰক্ৰিয়াকৰণ যন্ত্ৰাংশ: যিবোৰ যন্ত্ৰাংশৰ দ্বাৰা কম্পিউটাৰক প্ৰদত্ত নিৰ্দেশ প্ৰচেচ বা প্ৰক্ৰিয়া কৰা হয়, তাকে প্ৰক্ৰিয়াকৰণ বা প্ৰচেচিং যন্ত্ৰ বোলা হয়। কীবৰ্ডৰ সহায়ত প্ৰদান কৰা নিৰ্দেশ কীবৰ্ড পোৰ্টৰ মাধ্যমত মাডাৰবৰ্ড পাইগৈ, য’ত তাক প্ৰচেচ কৰা হয়। সেয়ে মাডাৰবৰ্ড হৈছে এটা প্ৰক্ৰিয়াকৰণ যন্ত্ৰ।
- আউটপুট যন্ত্ৰাংশ: যিবোৰ যন্ত্ৰাংশৰ দ্বাৰা কম্পিউটাৰক প্ৰদত্ত নিৰ্দেশৰ ফলাফল দেখা যায়, সেইবোৰক আউটপুট যন্ত্ৰ বোলা হয়। যেনে: মনিটৰ, প্ৰিণ্টাৰ আদি।৮৯
- সংৰক্ষণ যন্ত্ৰাংশ: যিবোৰ যন্ত্ৰাংশৰ দ্বাৰা প্ৰকৃয়াকৃত তথ্য বা ফলাফল সংৰক্ষণ কৰা হয়, সেইবোৰক সংৰক্ষণ বা ষ্টোৰেজ যন্ত্ৰাংশ বোলা হয়। যেনে: চিডি ৰোম, হাৰ্ড ডিস্ক আদি।১০১১১২
তথ্যসূত্ৰ
- ↑ What is computer hardware?. machine-information-systems.com
- ↑ Computer Hardware Definition. openprojects.org
- ↑ "hardware" meaning. dictionary.com
- ↑ "input" Definition. Webopedia
- ↑ Input. TechTerms
- ↑ Input Devices. Wacona
- ↑ Input device. Computer Hope
- ↑ Computer Concepts and Terminology - Input and Output Devices. unm.edu
- ↑ Computer Output. Information Technician Training
- ↑ Storage Device. TechTerms
- ↑ storage device - meaning. The Free Dictionary
- ↑ What is Storage?. Search Storage
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কম্পিউটাৰ হাৰ্ডৱেৰ” প্ৰবন্ধৰ সংশোধন ৬৩৩৪৪০ (৩০ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।