কম্পিউটাৰ প্ৰ’গ্ৰাম ( বা কেবল প্ৰ’গ্ৰাম বা চফ্টৱেৰ) হৈছে কম্পিউটাৰৰ দ্বাৰা কোনো এক কাৰ্য সমাধান কৰিবৰ বাবে তৈয়াৰ কৰা নিৰ্দেশাৱলীৰ সমষ্টি।১ কম্পিউটাৰে এই নিৰ্দেশাৱলী অনুসৰি উল্লেখিত কাৰ্যটো সমাধা কৰে। এক কম্পিউটাৰে প্ৰ’গ্ৰাম অবিহনে কোনো কাৰ্য সমাধা কৰিব নোৱাৰে। প্ৰ’গ্ৰামৰ নিৰ্দেশাৱলীসমূহ ক্ৰমাগত ভাবে কেন্দ্ৰীয় প্ৰচেচৰত নিৰ্বাহ (execute) কৰি কাৰ্যটো সমাধা কৰে।২ প্ৰ’গ্ৰামবোৰৰ এক পোনপতিয়াকৈ নিৰ্বাহ কৰিব পৰা ৰূপ থাকে, যাক এক্সিকিউটেবল ফৰ্ম (executable form) বোলা হয়। এটা প্ৰ’গ্ৰাম মানুহে পঢ়িব পৰা ৰূপ (যাক কোৱা হয় চৰ্চ কোড, source code)-ৰ পৰা কম্পাইলাৰ, এচেম্বলাৰ আদিৰ সহায়ত নিৰ্বাহ কৰিব পৰা ৰূপলৈ পৰিবৰ্তন কৰিব পৰা যায়।
চৰ্চ কোড সমূহ প্ৰগ্ৰামিং ভাষাত লিখা হয় আৰু কম্পাইলাৰ সহায়ৰ এক্সিকিউটেবল ফৰ্মলৈ পৰিবৰ্তন কৰা হয়, যাক কেন্দ্ৰীয় প্ৰচেচিং ইউনিটৰ দ্বাৰা পাছলৈ নিৰ্বাহ কৰিব পাৰি।
প্ৰ’গ্ৰামিং
কম্পিউটাৰ প্ৰ’গ্ৰামিং হৈছে কম্পিউটাৰ প্ৰ’গ্ৰাম তৈয়াৰ কৰাৰ কাৰ্য। ইয়াত চৰ্চ কোড সমূহ সঠিক আউটপুট নোপোৱালৈকে বাৰে বাৰে লিখি থকা বা সম্পাদনা কৰি থকা হয়।
তলত C++ প্ৰগ্ৰামিং ভাষাত "Hello World!" বাক্যষাৰ কম্পিউটাৰ স্ক্ৰীণত প্ৰদৰ্শন কৰিবৰ বাবে লিখা প্ৰ’গ্ৰামটো দেখুওৱা হৈছে:
তেনেদৰে তিনিটা সংখ্যাৰ (ধৰি লওক উচ্চতা) ডাঙৰটো উলিৰাবলৈ:
- কীবৰ্ডৰ পৰা ইনপুট লৈ উচ্চতাৰ জোখ তিনিটা যথাক্ৰমে “ক”, “খ” আৰু “গ” চলকৰ নামত স্ট'ৰ কৰক।
- “ক” আৰু “খ” তুলনা কৰক। যদিহে “ক” ডাঙৰ তেন্তে তলৰ “৩” নং ধাপলৈ যাওক, অন্যথা “৫” নং ধাপলৈ যাওক।
- “ক” আৰু “গ” তুলনা কৰক। যদি “ক” ডাঙৰ, তেন্তে স্ক্ৰীণত প্ৰকাশ কৰক: “ঘটিৰাম সকলোতকৈ ওখ।” অন্যথা (“গ” ডাঙৰ হ'লে) স্ক্ৰীণত প্ৰকাশ কৰক: “কাঁহীৰাম সকলোতকৈ ওখ।”
- ৬ নং ধাপলৈ যাওক।
- “খ” আৰু “গ” তুলনা কৰক। যদি “খ” ডাঙৰ, তেন্তে স্ক্ৰীণত প্ৰকাশ কৰক: “বাতিৰাম সকলোতকৈ ওখ।” অন্যথা (“গ” ডাঙৰ হ'লে) স্ক্ৰীণত প্ৰকাশ কৰক: “কাঁহীৰাম সকলোতকৈ ওখ।”
- প্ৰ’গ্ৰাম সমাপ্ত।
এই এলগৰিথমক এটা জনপ্ৰিয় প্ৰগ্ৰেমিং লেংগুৱেজ “C”-ত লেখিলে এনে হব:
দ্ৰষ্টব্য
তথ্যসূত্ৰ
- ↑ Stair, Ralph M., et al. (2003). Principles of Information Systems, Sixth Edition. Thomson Learning, Inc. পৃ. 132. ISBN 0-619-06489-7
- ↑ Silberschatz, Abraham. (1994). Operating System Concepts, Fourth Edition. Addison-Wesley. পৃ. 58. ISBN 0-201-50480-4
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কম্পিউটাৰ প্ৰ’গ্ৰাম” প্ৰবন্ধৰ সংশোধন ৬৩০৯০৩ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।